MP Narendra Modi
Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam 18 March 2024:-

1. তামিলনাডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ৰণশিঙা৷
কোয়েম্বাটুৰত বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

2. ১৯ মাৰ্চৰ পৰা উচ্চতম ন্যায়ালয়ত হ’ব CAAৰ শুনানি।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত হ’ব শুনানি।
মহাসংঘৰ গোচৰসহ CAA বিৰোধী ২৩৭টা গোচৰ শুনানি অনুষ্ঠিত হ’ব।
এই কথা সদৰী কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে।

3. আজি সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত খ্ৰীং খ্ৰীং বাইথ’ পূজা।
ডিব্ৰুগড়ৰ নিজমানকটাত অনুষ্ঠিত হয় খ্ৰীং খ্ৰীং বাইথ’ পূজা।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

4. ১ এপ্ৰিলৰ পৰা দেশত বৃদ্ধি পাব ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম।
বৃদ্ধি পাব পেইনকিলাৰ, এণ্টিবায়টিক, সংক্ৰমণৰোধক ঔষধৰ দাম।

5. তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সৌন্দৰৰাজনৰ পদত্যাগ।
ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।

6. পুনৰ নতুন গোচৰত EDৰ চমন অৰবিন্দ কেজৰিৱাললৈ।
দিল্লী জল বোৰ্ডৰ কেলেংকাৰি, মানী লণ্ডাৰিঙৰ গোচৰ সন্দৰ্ভত EDয়ে জাৰি কৰে এই চমন।

7. পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ভ্লাদিমীৰ পুটিন।
৮৭.৯৭% ভোটেৰে নিৰ্বাচনত জয়ী হয় পুটিন।
৬০%ৰো অধিক ভোটাৰে সাব্যস্ত কৰে মতদান।

8. শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।
মা কামাখ্যা ধামত উপস্থিত হৈ পূজা-অৰ্চনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
পৰিয়ালৰ সৈতে পুৱাই গুৱাহাটীত উপস্থিত হয় কেন্দ্রীয় মন্ত্ৰীগৰাকী ।

9. নগাঁৱত দুৰ্নীতি নিবাৰকৰ জালত পৰে APDCLৰ কৰ্মচাৰী।
ধৃত কৰ্মচাৰীগৰাকীৰ নাম নন্দ হাজৰিকা।
নিজ বাসগৃহত উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কৰে হাজৰিকাক।

10. ২নং চিলাগাঁও চিলাপথাৰ বাইথ’ মন্দিৰত উপস্থিত হয় মন্ত্ৰী বিমল বৰা।
ভকত বৈষ্ণৱ, আই-মাতৃসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

11. ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য়ালয়ত গুৰুত্বপূৰ্ণ বৈঠক।
লোকসভা নিৰ্বাচন সন্দৰ্ভত বৈঠকত আলোচনা আলোচনা কৰা হয়।
বৈঠকত উপস্থিত থাকে AGP, BJP, অসম প্ৰদেশৰ শীৰ্ষ নেতা কৰ্মীয়ে।

12. চাকৰি ঘূৰাই পালে নিলম্বিত ACS বিষয়া চাইবুৰ ৰহমান।
মুখ্যমন্ত্রীৰ বিশেষ নীৰিক্ষণ কোষে গ্রেপ্তাৰ কৰিছিল চাইবুৰ ৰহমানক।
৩টাকৈ গোচৰত গ্রেপ্তাৰ হৈছিল চাইবুৰ।

13. পশ্চিমবংগৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি।
IPS বিবেক সাহাইক DGP হিচাপে নিযুক্তি প্ৰদান কৰা হয়।

14. গুৱাহাটীত গ্ৰেপ্তাৰ হয় কোষাগাৰ বিষয়া হৰেন্দ্ৰ নাথ বৈশ্য বণিয়া।
উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হয় কোষাগাৰৰ বিষয়া গৰাকী।

15. বিজনীৰ মহকুমাধিপতিৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান৷
উৎকোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ হয় CDPO বজেন্দ্ৰ নাথ দাস।

16. গুৱাহাটীত অব্যাহত জালনোটৰ সৰবৰাহ।গড়চুকৰ ৰাজীৱ গান্ধী পথত STFৰ অভিযানত জব্দ কৰে ১লাখ ৯৩ হাজাৰ টকাৰ জালনোট।
জালনোটসহ গ্ৰেপ্তাৰ হয় গুলজাৰ আলী নামৰ সৰবৰাহকাৰীক।

17. প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাতৃ তথা প্ৰাক্তন সাংসদ দীপ গগৈক সাক্ষাৎ কৰে যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে।

18. ৰাজস্থানত ৰে’ল দুৰ্ঘটনা।
লাইনচ্যুত সাবৰমতী-আগ্ৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ।
ইঞ্জিনৰ লগতে চাৰিটাকৈ দবাও লাইনচ্যুত।
দুৰ্ঘটনাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় একাংশ যাত্ৰী।

19. বিহাৰত শোকাৱহ পথ দুৰ্ঘটনা।
এখন ট্ৰেক্টৰৰ সৈতে খুন্দা মাৰে SUV বাহনে।
দুৰ্ঘটনাত ৩ শিশুসহ ৭জনকৈ লোক নিহত হয়।
খাগাৰিয়া জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।

20. বৰপেটা-কামৰূপৰ তিনিটা স্থানত ভয়ংকৰ অগ্নিকাণ্ড।
বকোৰ মন্দিৰা এন চি গাঁও, বৰপেটাৰ কাছুমাৰা এন চি গাঁও, ভাতনাপাইতি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত মুঠ ৭টা বাসগৃহ ভস্মীভূত হয়।
লগতে জুইত জাহ যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *