চেহেৰীৰ তাৎপৰ্য
চেহেৰী ৰমজান মাহৰ এটি অবিচ্ছেদ্য অংগ।
এই চেহেৰী খোৱাৰ যোগেদি সূচনা হয় ৰমজানৰ ৰোজা।
উল্লেখ্য যে ইছলাম ধৰ্মৰ ৫টা মূল ভেটিৰ অন্যতম হৈছে ৰমজান মাহৰ ৰোজা।
ৰোজা বা ব্ৰত পালন কৰা মুছলমানৰ বাবে অপৰিহাৰ্য পালনীয় কৰ্তব্য।
ৰমজানৰ এই গুৰুত্বপূৰ্ণ ধৰ্মকাৰ্যটো কৰাত কিছু নিয়ম-নীতিৰ মাজেদি পালন কৰিব লগীয়া হয়।
তাৰ মাজত চেহেৰী হৈছে ৰোজাৰ অন্যতম এটা অংশ।
ৰোজা ৰাখিবলৈ হলে নিশাৰ শেষভাগত উঠি চেহেৰী খোৱাটো মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ আদৰ্শ।
চেহেৰী খোৱা বাধ্যতামূলক নহয়, সেয়ে চেহেৰী নোখোৱাকৈও ৰোজা ৰাখিব পাৰি।
অৱশ্যে মহান আল্লাহে নিজেই পানাহাৰ কৰাৰ কথা কৈছে।
আল্লাহে কৈছে, ‘পানাহাৰ কৰা, যেতিয়ালৈকে প্রত্যুষ অৰ্থাৎ কলা ৰেখাৰ পৰা বগা ৰেখা প্ৰকাশ নাপায়।’
অর্থাৎ ছুবে ছাদিক উদয় হোৱা লৈকে চেহেৰী খোৱাৰ শেষ সময়।
চেহেৰী সমন্ধে পৱিত্ৰ হাদিছ শ্বৰীফতো উল্লেখ আছে যে পয়গম্বৰ হজৰত মহম্মদ (ছঃ)য়ে কৈছে, তিনিটা বস্তুত কল্যাণ নিহিত হৈ আছে, তাৰ মাজত অন্যতম হৈছে চেহেৰী খোৱা।
ৰোজা পালনৰ বাবে স্বয়ং হজৰত মহম্মদ (ছঃ)য়ে নিজেওঁ চেহেৰী খাইছিল আৰু অনুচৰ সকলকো চেহেৰী খাবলৈ কৈছিল।
মাজে সময়ে তেওঁ ছাহাবি সকলক লগতলৈ একেলগে চেহেৰী খাই পিছত সমূহীয়া ফজৰৰ নামাজ পঢ়িছিল।
চেহেৰী খোৱাৰ সময়ত খৰখেদা কৰা ঠিক নহয়। পয়গম্বৰ হজৰত মহম্মদ (ছঃ)য়ে চেহেৰী খোৱাৰ সময়ত বিলম্ব কৰি ভাল পাইছিল।
তেও ছাহাবি সকলক শেষ মুহূর্তলৈকে চেহেৰী খাবলৈ উৎসাহিত কৰিছিল।
ইফালে পৱিত্ৰ হাদিছৰ গ্ৰন্থত আছে, ৰমজান মাহত চেহেৰী খোৱাৰ সময়ত দোৱা কবুল হয়।
আল্লাহৰ নবী মহাম্ম (ছঃ) চেহেৰী খোৱাটোক সৌভাগ্যৰ কাৰক বুলি অভিহিত কৰাৰ অন্যতম কাৰণ হৈছে, চেহেৰী খোৱাৰ ফলত ৰোজাদাৰ সকলে অৰেটো দিন উপবাসে থাকিলেও উপাসনাৰ বাবে প্রয়োজনীয় শক্তি যোগান দিব পাৰে।
চেহেৰীৰ ভাল লগা আধ্যাত্মিক ফজিলত হৈছে, চেহেৰী খোৱাৰ নিমিত্তে ৰোজাদাৰ সকলে আল্লাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টুপনিৰ পৰা সাৰ পাই উঠে।
আৰু এই সময়ছোৱাত বিশ্ব ভূমণ্ডলৰ অধিপতি মহান আল্লাহ পৃথিৱীৰ আকাশত আহি মানৱ মণ্ডলীৰ উদ্দেশ্য এই বুলি ঘোষণা কৰে যে, আছেনেকি কোনোবা প্ৰাৰ্থনাকাৰী যিয়ে মোক মাতিবা?
মই তেওঁৰ আহ্বানত সহাৰি জনাম।
মই আল্লাহৰ পৰা কোনোবাই দয়া, ক্ষমা আৰু মুক্তি বিচাৰিবা নেকি? মই তেওঁৰ মনোকামনা পূৰণ কৰিম।
এই ভাৱে তেওঁ অৰ্থাৎ মহান আল্লাহে কাহিলি পুৱালৈকে বান্দাহক দয়া, ক্ষমা, কল্যাণ আৰু মুক্তি বাবে অবিৰত আহ্বান জনাই থাকে।
সেয়ে নিসন্দেহে চেহেৰীৰ সময়টো অতি মূল্যবান আৰু বৰকতপূর্ণ।
গতিকে চেহেৰী উপলক্ষে কোনোবাই যদি এই সুযোগ কামত লাগাব পাৰে তেন্তে সি সফল আৰু তেওঁৰ জীৱন সার্থক হ’ব।
সেয়ে চেহেৰীৰ আগতে বা পিছত সামান্য সময়ৰ বাবে হলেও পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা-আৰাধনা কৰা উচিত, কিয়নো সেই দোৱা অথলে নাযায়।
এই চেগতে সদৌটিলৈকে আহ্বান যে চেহেৰীৰ এই পৱিত্ৰক্ষণত দেশ তথা দহৰৰ লগতে বিশ্ব শান্তিৰ বাবে নেদেখাজনৰ ওচৰত দোৱা-আৰাধনা কৰে যেন।
তদুপৰি ইহলীলা সম্বৰণ কৰা নিজৰ পূৰ্বপুৰুষ সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি জীৱিত সকলৰ হেদায়েতৰ বাবেও আল্লাহৰ ওচৰত দোৱা কৰা উচিত।
তাৰ সমান্তৰালকৈ অৰ্জিত পাপৰ বাবে অনুতপ্ত হৈ এতিয়াৰে পৰা নতুন জীৱন আৰম্ভ কৰিবলৈ আল্লাহৰ ওচৰত শক্তি বিচৰাটোও হ’ব বুধিয়কৰ কাম।
মৰিগাঁও, জাগিৰোডৰ পৰা জুলহাছ আলী আহমেদৰ প্ৰতিবেদন Rnewsindia24.com