Gaurav Gogoi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
  • Rnewsindia24.com Assam 19 March 2024

  • 1. সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত সৰ্বানন্দ সোণোৱাল।

    কৃষ্ণগুৰু সেৱাশ্ৰমত সেৱা লৈ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰে মত-বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

  • 2. মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।

    দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।

    কমলাবাৰী ফেৰীঘাটত উষ্ম আদৰণি জনায় গৌৰৱ গগৈক।

  • 3. লখিমপুৰৰ থেকেৰাগুৰীত পৰা ভিমপৰালৈ বিজেপিৰ বিশাল বাইক ৰেলী।

    বিধায়ক মানৱ ডেকাৰ নেতৃত্বত উলিওৱা হয় এই ৰেলী।

    অংশগ্ৰহণ কৰে শতাধিক ৰাইজে।

  • 4. নিৰ্বাচনৰ প্ৰাকক্ষনত কংগ্ৰেছত খহনীয়া।

    প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ কংগ্ৰেছ ত্যাগ৷

    প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

    শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।

  • 5. নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত খহনীয়া।

    বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে যোগ দিব কংগ্ৰেছত।

  • 6. সু-খবৰ!

    এতিয়াৰে পৰা ৰঙিয়া জংচনত ৰ’ব ৰাজধানী এক্সপ্ৰেছ।

    ডিব্ৰুগড়- দিল্লী যাত্ৰাৰ সময়ত ৰঙিয়াত ৰ’ব ৰাজধানী এক্সপ্ৰেছ।

  • 7. শিলচৰ NITত টিবিৰ ভয়াৱহ সংক্ৰমণ।

    টিবিত একেলগে আক্ৰান্ত হয় NITৰ ১১গৰাকী শিক্ষাৰ্থী।

    NIT কৰ্তৃপক্ষই জাৰি কৰিছে SOP।

    সকলোকে মাস্ক পৰিধানৰ নিৰ্দেশ দিয়ে NIT কৰ্তৃপক্ষই।

  • 8. মহানগৰীৰ কটাহবাৰীত বিধ্বংসী অগ্নিকাণ্ড।

    ২নং মছজিদৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড।

    অগ্নিকাণ্ডত ৩টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে।

  • 9. হাইলাকান্দিৰ সূৰ্য মাৰ্কেটত চাঞ্চল্যকৰ ঘটনা।

    ৰিলেক্স ইউনিচেক্স পাৰ্লাৰৰ ভিতৰতে উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ।

    এটা বাকচৰ ভিতৰত উদ্ধাৰ কৰে মৃতদেহটো।

    উদ্ধাৰ হোৱা মৃতদেহটো পাৰ্লাৰৰ গৰাকী উত্তম শীলৰ।

    পুৱা কৰ্মচাৰীয়ে পাৰ্লাৰ খোলাৰ পাছতে প্ৰত্যক্ষ কৰে মৃতদেহটো।

  • 10. চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব কাৰ্যালয়।

    ইষ্টাৰ শনিবাৰ আৰু ‘গুড ফ্ৰাইডে’ দিনাও খোলা থাকিব কাৰ্যালয়।

    ৩১ মাৰ্চত অন্ত পৰিব চলিত বিত্তীয় বৰ্ষ।

    সেইবাবে ২৯, ৩০ আৰু ৩১ মাৰ্চত কাৰ্যালয় খোলা ৰখাৰ নিৰ্দেশ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ।

  • 11. মহাৰাষ্ট্ৰত নক্সালবাদীৰ বিৰুদ্ধে অভিযান।

    C60 আৰু CRPFৰ QATৰ যুটীয়া অভিযান।

    অভিযানত উদ্ধাৰ কৰে ৪ নক্সালবাদীৰ মৃতদেহ, এটা AK47, এটা কাৰ্বাইন, দুটা দেশীয়ভাৱে নিৰ্মিত পিষ্টল।

  • 12. ভাৰতৰ মুঠ জনসংখ্যাৰ ৭২.১% লোকে আহাৰত গ্ৰহণ কৰে মাছ।

    আহাৰত মাছ গ্ৰহণ কৰা ৰাজ্যৰ শীৰ্ষত আছে ত্ৰিপুৰা।

    ICAR আৰু কৃষি মন্ত্ৰালয়ৰ গৱেষণাত প্ৰকাশ পাই এই তথ্য।

  • 13. দক্ষিণ শালমাৰা-মানকাচৰত আৰক্ষীৰ তালাচী অভিযান।

    জব্দ মুঠ ৭,৭৬,৫০০ টকা।

    নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগত জব্দ হয় ধনখিনি।

    মানকাচৰত ২,৪৪,০০০ টকা আৰু দক্ষিণ শালমাৰাত ৫,৩২,৫০০ টকা।

  • 14. ‘ডিব্ৰুগড়ত সৰ্বানন্দ সোনোৱালৰ জয় নিশ্চিত।

    লুৰীণজ্যোতি গগৈয়ে প্ৰত্যাহাৰ কৰক মনোনয়ন পত্ৰ দাখিলৰ সিদ্ধান্ত’- মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

  • 15. মহানগৰীত পশ্চিমবংগ আৰক্ষী আৰু বন বিভাগৰ অভিযান।

    অভিযানত গ্রেপ্তাৰ কৰে এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী।

    ধৃত চোৰাং চিকাৰীটো আলিপুৰৰ ৰিচক নাৰ্জীনাৰী।

  • 16. বঙাইগাঁও জিলাৰ আই উপত্যকা বন সংমণ্ডলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ।

    বঙাইগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বন কৰ্মচাৰী দুষ্মন্ত দাসক।

  • 17. মহানগৰীৰ খানাপাৰত পথ দুৰ্ঘটনা।

    ৰৈ থকা অটোত খুন্দা মাৰে গ্ৰীণ বাছে।

    থিতাতে নিহত হয় অটোচালক হিতেশ কলিতা।

    দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন হয় দুজন লোক ।

  • 18. ফটাশিল আমবাৰীত জব্দ নকল সোণৰ নাও।

    জব্দকৃত নকল সোণৰ নাওখনৰ ওজন ১.৫০৯ কেজি।

    আৰক্ষীয়ে আটক কৰে পাটনাৰ বীৰেন্দ্ৰ কুমাৰ সিঙক।

  • 19. বজালীৰ কাটলা পথাৰত অঘটন।

    পহুমাৰা নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় দুই কিশোৰী।

    কিশোৰী দুগৰাকীৰ সন্ধানত SDRFৰ উদ্ধাৰ কৰে অভিযান।

  • 20. ডিমৌৰ পাৰুলিগুৰিত বোমা উদ্ধাৰ।

    এজন লোকে মাটি খান্দি থাকোঁতে ওলায় বোমাটো।

    নিতাইপুখুৰী আৰক্ষীয়ে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে বোমাটো।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *