বিশ্ব ঘনচিৰিকা দিৱস।
“মুখত দুডাল দুবৰি বন, দুডাল খৰিকা, মোৰ চোতালত উমলহি অ’ ঘনচিৰিকা…।
বিশ্ব ঘনচিৰিকা দিৱস।
প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘনচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়।
পোনপ্ৰথমবাৰৰ বাবে ২০১০ চনত ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস উদযাপন কৰা হয়।
এই সংস্থা প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে।
ভাৰতত মুঠতে পাঁচবিধ ঘনচিৰিকাৰ প্ৰজাতি আছে।
অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায়। এইকেইবিধ হৈছে- ঘনচিৰিকা, ইউৰেছিয়ান ট্ৰী স্পেৰ’ আৰু ৰাছেট স্পেৰ’।
ঘনচিৰিকাই বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়।
প্ৰকৃতি ঈশ্বৰৰ এক বিনন্দীয়া সৃষ্টি ঘনচিৰিকা।
ঘনচিৰিকা আমাৰ সকলোৰে চিনাকি। আকাৰত চৰাইবিধ সৰু।
প্ৰকৃতিৰ বুকুত উমলি জামলি, জপিয়াই মানুহৰ সৈতে নিবিড় সম্পৰ্ক আলসুৱা চঞ্চল ঘনচিৰিকাৰ।
এসময়ত অসমীয়া গ্ৰাম্য জীৱনৰ পৰিচয় বহন কৰিছিল ঘনচিৰিকাই।
পোহৰ হোৱাৰ লগে লগে চোতালত জাক জাক ঘৰচিৰিকাই বিচৰণ কৰি ঘুৰিফুৰা দেখা যায়।
ঘনচিৰিকাৰ কিৰিলিয়ে পুৱাৰ সময়খিনি আনন্দমুখৰ কৰি তুলিছিল।
খেৰৰ ঘৰবোৰ নাইকীয়া হ’ল।
গ্ৰামাঞ্চলৰ খেৰৰ ঘৰত সততে বাঁহ সাজি আশ্ৰয় লৈ থাকে ঘনচিৰিকাই।
কৃষিজীৱি ৰাইজক বিশেষভাৱে উপকৃত কৰাৰ উপৰিও অসমীয়া সাহিত্য সংগীততো ঘনচিৰিকাৰ বিশেষ স্থান আছে।
সময়ৰ চাকনৈয়াত অৰ্থাৎ যান্ত্ৰিকতাৰ ধামখুমীয়াত ঘনচিৰিকাৰ সংখ্যা কমি আহিছে।
মানুহৰ বাসস্থানৰ পৰিৱৰ্তন, সেউজীয়া ভূমি, খাদ্যৰ অভাৱ, একাংশ দুষ্ট লোকে কৰা চিকাৰ, খেতিত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ ইত্যাদি নানা কাৰণত ঘনচিৰিকা চৰাই লাহে লাহে বিলুপ্তিৰ পথলৈ গতি কৰিছে।
কিন্তু, পক্ষীকুলৰ অভাৱত পৃথিৱীখন সঁচাকৈ দুখীয়া হৈ নাযাবনে? চৰাই-চিৰিকটিৰ মাতে বা গীতে মানুহৰ অন্তৰত আনন্দ দিয়ে, জুৰ পেলায় দেহমন।
আজিৰ প্ৰজন্মই ঘনচিৰিকাক চিনি পাই নে??
ঘনচিৰিকা দিৱসৰ মূল উদেশ্য হ’ল ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা।
সেয়ে আমি সকলোৱে প্ৰকৃতিৰ ভাৰাসাম্য ৰক্ষাৰ লগতে ঘনচিৰিকা সুৰক্ষা আৰু সংৰক্ষণৰ বাবে পণ লঁও আহক।
কুশলে থাকক আলসুৱা কণমানি ঘনচিৰিকা সমূহ।
Sangita Dutta Editor in Chief Rnewsindia24.com