১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 28 March 2024:-
1. ৬ এপ্ৰিলত গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ।
১ এপ্ৰিলৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব প্ৰচাৰ অভিযান।
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
2. প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰানাৱটে।
3. আজি প্ৰথম পৰ্যায়ৰৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।
এই দিনটোত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ভূপেন্দৰ যাদৱকে ধৰি দেশৰ কেবাজনো শীৰ্ষ নেতাই মনোনয়ন দাখিল কৰে।
4. লখিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই মনোনয়ন দাখিল কৰে।
সংগ দিয়ে APCCৰ সভাপতি ভূপেন বৰাই।
5. যোৰহাটত বিজেপি প্ৰাৰ্থী তপন গগৈৰ মনোনয়ন দাখিল।
জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ।
সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
6. কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই দাখিল কৰে মনোনয়ন পত্ৰ।
প্ৰাৰ্থীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী-বিধায়কে।
7. শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই।
সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, জয়ন্ত মল্লবৰুৱাকে ধৰি মিত্ৰ দলৰ প্ৰতিনিধিসকলে।
8. আমগুৰিত ১০ নং ৱাৰ্ডত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
ৱাৰ্ডৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে আমগুৰিৰ পৌৰপতিয়ে সম্বৰ্ধনা জনায় ড০ হিমন্ত বিশ্ব শৰ্মাক।
9. গুৱাহাটীত হোলীত সুৰা বিক্ৰীত অভিলেখ।
দুদিনত সুৰা বিক্ৰী ১১ কোটি ৮ লাখ টকাৰ।
২৫ মাৰ্চত ৬ কোটি ৫ লাখ টকা আৰু ২৬ মাৰ্চত ৪ কোটি ৭ লাখ টকাৰ।
10. ‘সুৰা কেলেংকাৰী সন্দৰ্ভত তথ্যসহ কাইলৈ আদালতত সত্য উন্মোচন কৰিব অৰবিন্দ কেজৰিৱালে’।
এই কথা সদৰী কৰে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে।
11. দলগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান।
উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ঠিকভিত্তিক কৰ্মচাৰী তপন নাথ।
12. প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ পৰা পদত্যাগ ৰাজু চাহুৰ।
APCCৰ স্থিতিত অসন্তুষ্ট হৈ পদত্যাগ কৰে।
13. ওদালগুৰি VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীক নিলম্বন।
লগতে UPPL দলৰ প্ৰাথমিক সদস্যৰ পৰাও নিলম্বন কৰে বসুমতাৰীক।
ভাইৰেল হৈছিল ৫০০ টকীয়া নোটৰ ওপৰত বেঞ্জামিন বসুমতাৰীয়ে শুই থকা দৃশ্য।
14. বালিপৰাত বিধায়ক পদ্ম হাজৰিকা।
বানপানী প্ৰতিৰোধৰ বাবে অত্যাধুনিক ড্ৰেজাৰেৰে জৰাসৰ নদীৰ ওপৰত চলোৱা খনন কাৰ্য পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে।
15. ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ।
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় এগৰাকী মহিলা কেডাৰসহ ৬ নক্সালবাদী।
16. মৰিয়নিৰ নকচাৰী চিনাতলীত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী।
বন বিভাগে পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটোক।
দীৰ্ঘদিনে পশুধন ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে।
17. মহানগৰীৰ জালুকবাৰীত পথ দুৰ্ঘটনা।
তীব্ৰবেগী চিটীবাছৰ খুন্দাত পথচাৰীৰ মৃত্যু।
মৃত যুৱকজন মিৰ্জাৰ গীতাৰ্থ দাস।
বাছখনৰ চালক বাপন দাসক আটক কৰে আৰক্ষীয়ে।
18. মহানগৰীৰ মেগজিনত শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী।
টংলাৰ জিতু কলিতা।
19. মহানগৰীৰ দাতালপাৰাত ফটাশিল আৰক্ষী আৰু SOGৰ যুটীয়া অভিযান।
অভিযানত জব্দ কৰে দুখন নকল সোণৰ নাও আৰু ৫০০ টকীয়া প্ৰায় ৮ লক্ষাধিক জাল নোট।
আটক কৰে দুই সৰবৰাহকাৰী বাহাৰ উদ্দিন আৰু জাকিৰ হুছেইন।
20. ধেমাজি চাৰিআলিত বুজন পৰিমাণৰ নগদ টকা জব্দ।
এখন ইন’ভা বাহনৰ পৰা জব্দ ১২ লাখ ৪৪ হাজাৰ ৭০০ টকা।
আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰে নগদ টকাখিনি।
Sangita Dutta Editor in chief Rnewsindia24.com