Nirmala Sitharaman

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 28 March 2024:-

1. “নিৰ্বাচন খেলিবলৈ হাতত ধন নাই” – মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।

2. GMCHৰ বৃহৎ সফলতা।
পোনপ্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন IVF টেষ্ট।
২৭ মাৰ্চত GMCHত প্ৰথম কন্যা সন্তান প্ৰসৱ প্ৰসূতিৰ।
GMCHত IVF কৰিলে ব্যয় হ’ব ৭০ হাজাৰ টকা।

3. ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ২০০৪-২৫ শিক্ষা বৰ্ষ।
ইয়াৰ পূৰ্বে প্ৰকাশ পালে আগন্তুক শিক্ষা বৰ্ষৰ শৈক্ষিক দিনপঞ্জী।
ছেবাই প্ৰকাশ কৰে এই শৈক্ষিক দিনপঞ্জী।
দিনপঞ্জী অনুসৰি আগন্তুক শিক্ষা বৰ্ষৰ মুঠ কৰ্মদিন ২৫৪ দিন।
২০২৪-২৫ ৰ বন্ধৰ তালিকাত আছে ১১১ দিন।

4. দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি।
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৪ এপ্ৰিল।
২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ।
৮ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।

5. APCC ৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিবই – মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

6. তিনিচুকীয়াৰ মনখুলি গেট চাৰিআলিত অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত ভস্মিভূত হয় ৭টা বাসগৃহ আৰু ৮খন দোকান৷
বুধবাৰে সন্ধিয়া চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড৷
অগ্নিকাণ্ডস্থলীত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ৷

7. কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত বিশাল বাইক ৰেলী।
ৰেলীত অংশগ্ৰহণ কৰে বিজেপি, UPPL , অগপৰ স্থানীয় নেতৃত্ব আৰু BTR চৰকাৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্যই।

8. যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰচাৰ অভিযান।
আমগুৰিত তপন গগৈৰ সমৰ্থনত বৃহৎ বাইক ৰেলী।
চাহ মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত উলিওৱা হয় ৰেলী।
ৰেলীত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে।

9. দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ।
সমষ্টিটোৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে।

10. গুৱাহাটীৰ ৰেডক্ৰছত প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে।
প্ৰাৰ্থী গৰাকীক সংগ দিয়ে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যাই।

11. লাহৰীঘাটত বিজেপিৰ বিশাল নিৰ্বাচনী সভা।
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত প্ৰচাৰ অভিযান ।
প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কোনো চিনিয়েই নাপাই,এটা ভোটো নগাঁৱত নাপায় মই দৃঢ়তাৰে কৈছোঁ বুলি মন্তব্য কৰে পীয়ুষ হাজৰিকাই।

12. শিৱসাগৰত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ।
গৌৰীসাগৰৰ হাতীঘুলিৰ হৰিমন্দিৰত সেৱা ল’য় প্ৰাৰ্থী গৰাকীয়ে।

13. বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱজ্যোতি ডেকা অসুস্থ।
সম্প্ৰতি নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন সাহিত্যিকগৰাকী।

14. মে’ৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব স্নাতক মহলাৰ পৰীক্ষা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
লোকসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

15. বন্ধ থাকিব পেট্ৰ’ল পাম্প৷
৩০ মাৰ্চৰ পুৱাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈ নাপাব ইন্ধন৷
নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচনে সাব্যস্ত কৰিব প্ৰতিবাদ৷

16. নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদত খহনীয়া৷
১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সিৰ দলত্যাগ।

17. বৰষুণৰ পানীৰ বাবে কৰ।
এপ্ৰিল মাহৰ পৰা কানাডাৰ টৰণ্টোবাসীয়ে ভৰিব লাগিব ‘ৰেইন টেক্স’।
নিজৰ চৌহদৰ পৰা নলা-নদৰ্মালৈ নিৰ্গত হোৱা পানীৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ভৰিব লাগিব কৰ।

18. গোৱালপাৰাৰ কৃষ্ণাইত ড্ৰাগছসহ এজনক আটক।
ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ৬.৪৫ গ্ৰাম হেৰ’ইন।
ড্ৰাগছসহ হাতে-লোটে আটক ৰাকিদুল আলমক।

19. জুৰীয়াৰ দ’ গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় এজন কিশোৰ।
নিহত কিশোৰজন ইলিয়িছ আহমেদ।
গুৰুতৰভাৱে আহত হোৱা আন এজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ঘটনা সন্দৰ্ভত দ’ গাঁও আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

20. ‘মই এতিয়াও বিয়া পাতিব পৰা হৈ আছো, ৰকিবুল হুছেইনে বুঢ়া বুলি ক’লেও মই ইমান বুঢ়া হোৱা নাই’- মন্তব্য AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *