১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam 31 March 2024:-
১/ আজিৰে পৰা বিজেপিৰ আনুষ্ঠানিক প্ৰচাৰ অভিযান।
উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।
২/ ভাৰত ৰত্নৰে সন্মানিত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাককৃষ্ণ আদৱানি।
আদৱানিৰ বাসগৃহত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে এই সন্মান।
উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।
অসুস্থতাৰ বাবে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত আদৱানিয়ে গ্ৰহণ কৰিব নোৱাৰিলে এই সন্মান।
৩/ আজি দায়িত্ব লয় নতুন মুখ্য সচিব ড০ ৰবি কোটাই।
দায়িত্ব শেষ বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ বৰ্ধিত কাৰ্যকাল।
ৰাজ্যৰ বিত্ত, উদ্যোগ, বাণিজ্য খণ্ডৰ অতিৰিক্ত মুখ্য সচিব আছিল ৰবি কোটা।
ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰো অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল তেওঁ।
৪/ অসমবাসীৰ বাবে সুখবৰ।
ৰাজ্যৰ ১২ বিধ সামগ্ৰীলৈ GI TAG।
জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰে GI TAG।
অসমৰ স্বাভিমান, আৱেগ – বিহুৰ ঢোল, জাপি, গগনা আৰু সৰ্থেবাৰীৰ কাঁহ শিল্প মিচিং হস্ততাঁত শিল্প, পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰী, আশাৰীকান্দী টেৰাকোটা শিল্প, জঠা, খাম, চেৰজা, চিফুং, বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বি ইত্যাদিক প্ৰদান কৰে GI TAG।
৫/ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
চেলেক ধুনাগুৰি দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।
নিশাটো মাজুলীৰ কমলাবাৰী ঘাটৰ টুৰিষ্ট ল’জত কটাব মুখ্যমন্ত্ৰী শৰ্মাই।
৬/ আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰক্ষ্মৰ ৬৮ সংখ্যক ওপজা দিন।
কোকৰাঝাৰৰ থুলুংগাপুৰীত আয়োজন কৰে ছাত্ৰ দিৱসৰ কাৰ্যসূচী।
পতাকা উত্তোলন কৰে ABSUৰ সভাপতি দ্বীপেন বড়োৱে।
৭/ ডিব্ৰুগড়, তিনিচুকীয়াত সৰ্বানন্দ সোণোৱালৰ তিনিটাকৈ প্ৰচাৰ অভিযান।
কেইবাখনো সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থী গৰাকীয়ে।
৮/ বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান।
মহানগৰীৰ ব্যক্তিগত নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে হাজৰিকাই।
৯/ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ভূপেন বৰাৰ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে ভূপেন বৰাৰ অধিবক্তাই তৰিছে গোচৰ৷
১০/ আজি ৩১ মাৰ্চ।
২০২৩-২৪ বিত্তীয় বৰ্ষৰ আজি অন্তিম দিন।
আজিও খোলা থাকে পৰিবহণ বিষয়াৰ কাৰ্যালয়।
যান-বাহনৰ নথি-পত্ৰ নবীকৰণৰ সুবিধাৰ্থে খোলা থাকিব কাৰ্যালয়।
যান-বাহনৰ কৰ পৰিশোধ নকৰা লোকসকলক কৰ পৰিশোধৰ নিৰ্দেশ।
১১/ অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ হুকুম চান্দ আলী বক্সিৰ।
অসম জাতীয় পৰিষদৰ একমাত্র ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি আছিল বক্সি।
১২/ মাজুলীত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা৷
জিলাখন কেইবাটাও ঠাইত
নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।
১৩/ মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪।
মহোৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰি আৰু বহু গণ্য মান্য ব্যক্তি।
১৪/ কংগ্ৰেছ দল ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী আবু শ্বালে নিজামুদ্দিনে।
APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
১৫/ দিল্লীৰ ৰামলীলা ময়দানত ‘লোকতন্ত্ৰ বচাও’ শীৰ্ষক ৰেলী INDI এলায়েন্সৰ।
অৰবিন্দ কেজৰিৱাল, হেমন্ত ছোৰেনক মুক্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
১৬/ নগাঁও ননৈৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলি উঠে মালভৰ্তি ট্ৰাক।
জুইত ভস্মীভূত হয় ট্ৰাকখনত থকা সকলো সামগ্ৰী ।
গুৱাহাটীৰ পৰা হোজাই অভিমুখী আছিল ট্ৰাকখন।
১৭/ চিলাপথাৰত SSTৰ অভিযানত জব্দ বুজন পৰিমাণৰ নগদ ধন।
এজন অৰুণাচলী লোকৰ পৰা জব্দ কৰে নগদ ৩০লাখ টকা।
SSTৰ তালাচীৰ সময়তে জব্দ কৰে ধনখিনি।
১৮/ মহানগৰীৰ সাতগাঁৱৰ মিলিজুলি পথত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ।
নাম নোৱাপাৰাৰ চুমু আলি।
কোনোৱে যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
১৯/ ছিৰিয়াত বোমা বিস্ফোৰণ।
বিস্ফোৰণত থিতাতে নিহত হয় ৮জন।
তুৰ্কী সমৰ্থকে চহৰখন দখলৰ পাছতে এই বিস্ফোৰণ।
আজাজ প্ৰদেশত সংঘটিত হয় এই বোমা বিস্ফোৰণ।
২০/ পঞ্জাৱৰ পাটিয়ালাত শোকাৱহ ঘটনা।
জন্মদিনৰ দিনাই মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে।
অনলাইনত অৰ্ডাৰ কৰা কেক খাই মৃত্যু হয় ১০ বছৰীয়া কিশোৰীৰ।
ঘটনা সন্দৰ্ভত কেক যোগান ধৰা বেকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও ঘটনাৰ ৫ দিনৰ পাছতো কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পৰা নাই পাটিয়ালা আৰক্ষীয়ে।