১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 9 April 2024:-
1. অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ।
লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলীভৰীয়াত বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত কৰা হয়।
উক্ত সমাৱেশত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা, কেইগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদ, বিজেপি মিত্ৰজোঁট দল সংগঠনৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধিক ৰাইজ।

2. অৰুণাচল প্ৰদেশত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷
পূব অৰুণাচল প্ৰদেশ সমষ্টিৰ নামছাইত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী গৰাকী।
3. অসম প্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ দল ত্যাগ।
লখিমপুৰ লোকসভা সমষ্টিৰ টিকট প্ৰত্যাশি আছিল দলে।
টিকট নোপোৱাৰ পাছতেই অসন্তুষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে, জোনাই যুৱ কংগ্ৰেছৰ সভাপতিৰ মহেশ দলেয়ে দল ত্যাগ কৰে।
ব্যক্তিগত কাৰণত পদত্যাগ কৰে মহেশ দলেয়ে।
আজি পদ্মলোচন দলে, মহেশ দলেৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে।
4. ডিব্ৰুগড়ত মাৰাথন প্ৰচাৰ অভিযান আপ নেত্ৰী আতিশী মাৰ্লেনাৰ।
আজি দুটাকৈ স্থানত জনসভা সম্বোধন কৰি ৰোড শ্ব’ত অংশগ্ৰহণ কৰে AAPৰ নেত্ৰীগৰাকীয়ে।
5. ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ৷
দুলীয়াজান, টিংখাং বিধানসভা সমষ্টিত ৬খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থী গৰাকীয়ে।
6. তেজপুৰত মন্ত্ৰী অশোক সিংহলৰ মত বিনিময় অনুষ্ঠান।
তেজপুৰৰ এখন হোটেলত বিদ্যৎ সমাজ আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে এই বিশেষ অনুষ্ঠান।
উক্ত অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।
7. ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী ৰোড শ্ব’ গৃহমন্ত্ৰী অমিত শ্বাহৰ।
তিনিচুকীয়াত হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী গৰাকীয়ে।
গৃহমন্ত্ৰী গৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী বিধায়কৰ লগতে দলীয় বিষয়ববীয়াই।
8. দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল কাৰাগাৰতে থাকিব লাগিব।
দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে কেজৰিৱালৰ আবেদন।
9. লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছত যোগদান।
ডুমডুমা বিধানসভা সমষ্টিৰ ২০ গৰাকী যুৱকে কংগ্ৰেছত যোগদান কৰে।
ডুমডুমা সমষ্টিৰ যুৱ কংগ্ৰেছে অনুষ্ঠিত কৰে এই কাৰ্য্যসূচী।
10. জুৰিয়াত বিজেপিৰ যোগদান কাৰ্য্যসূচী।
শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত।
উন্নয়নৰ স্বাৰ্থত বিজেপিত যোগদান কৰে বুলি মন্তব্য কৰে কৰ্মী সকলে।
11. শীঘ্ৰে সম্পন্ন হ’ব আত্মসমৰ্পনকাৰী আলফাৰ পুনঃ সংস্থাপন।
পুনঃসংস্থাপনৰ সকলো দিশ বিবেচনখৰ বাবে বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক, প্ৰধানক অধ্যক্ষ হিচাপে লৈ গঠন কমিটি।
আলফাৰে সম্পাদন হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসাৰেই গঠন হ’ব এই কমিটি।
সেই কমিটিয়ে নিৰীক্ষণ কৰিব আলফা কেডাৰৰ শিক্ষাগত অৰ্হতা- বয়স।
লগতে নিৰীক্ষণ কৰিব কেডাৰসকলৰ স্থায়ী আৱাসিক এলেকাৰ সবিশেষ।
12. সোণাৰিত যোৰহাট সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৰোড শ্ব’।
সোণাৰিত ১০খনৰো অধিক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থী গৌৰৱ গগৈয়ে।
13. মৰিয়নিত সাংসদ তপন গগৈৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।
মৰিয়নিৰ বিভিন্ন ঠাইত প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।
14. অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা।
বিজেপি প্ৰাৰ্থী ছাকাট আব’ আৰু কংগ্ৰেছ প্ৰাৰ্থী টাংচে টেকুৱাৰ সমৰ্থকৰ সংঘাত।
হাতে হাতে শিলগুটি, লাঠি লৈ পৰস্পৰৰ ওপৰত আক্ৰমণত দুয়োটা দলৰ ১০ জনতকৈও অধিক সমৰ্থক আহত হয়।
তিৰাপৰ ৫৬নং খ’নচা বিধানসভা সমষ্টিৰ দাদাম গাঁৱত সংঘটিত হয় এই ঘটনা।
15. মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে STFৰ অভিযান।
বেলতলাৰ ৰূপকোঁৱৰ পথত অভিযান চলাই জব্দ কৰে ১০ কোটি টকাৰ ড্ৰাগছ।
১০ কোটি টকাৰ হেৰ’ইনসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ধৃত সৰবৰাহকাৰী ক্ৰমে ডিগবৈৰ সুমন তালুকদাৰ, ওদালগুৰিৰ আদুলুমি গয়াৰী, চিলাপথাৰৰ নাৰ্ছিং বসুমতাৰী।
16. গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি।
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে কানিখিনি।
বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি।
ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়।
GRPৰ অভিযানত কানিসহ বিহাৰৰ লোকজনক আটক কৰে।
17. উত্তৰাখণ্ডৰ নাইনিটালত ভয়ংকৰ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰে বাহনসহ যাত্ৰী।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৮গৰাকী লোক আৰু আহত হয় ৩গৰাকী লোক।
18. মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ।
দুই বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ।
জালুকবাৰী আৰক্ষীয়ে আটক কৰে এজন বন্ধুক।
19. ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বলীয়া হৈছে।
খং উঠিলে ভূপেন বৰাই ৰাজীৱ ভৱন ভাঙি লণ্ডভণ্ড কৰিব।
ভূপেন বৰাই এবাৰ ৰাঁচীত গৈ পৰীক্ষা কৰি আহক- মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।
20. ‘হাতে-কামে লাগিলে সৰ্বা-হিমন্ত নালাগে নৰেন্দ্ৰ মোদী আহিলেও হাৰিব।
মূল্যবৃদ্ধি নকমিল ৰকেট ওপৰলৈ যোৱা দি বাঢ়ি গৈছে- মন্তব্য লুৰীনজ্যোতি গগৈৰ ।
Sangita Dutta Editor in Chief Rnewsindia24.com

