Priyanka Gandhi Vadra

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 16 April 2024

১/ অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
কাইলৈ নলবাৰীত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২/ কাইলৈ অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
শিলচৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী গৰাকীয়ে।

৩/ বিহালীৰ ব্ৰহ্মজান বাগিচাত
নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত সভাত উপস্থিত থাকে
মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকী বিধায়কৰ লগতে দল সংগঠনৰ বিষয়ববীয়া।
বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

৪/ মাজুলীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত শৰ্মাৰ।
মাজুলীৰ জেংৰাইমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ শৰ্মাই।
সভাত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম বিধানসভাৰ উপাধ্যক্ষ ড’ নোমল মমিন, বিজেপিৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

৫/ ১৮ এপ্ৰিলত অসমলৈ আহিব BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
কোকৰাঝাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ চলাব নাড্ডাই।
এই কথা জনাই BTR প্ৰধান প্ৰমোদ বড়োয়ে।

৬/ তিতাবৰত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। গৌৰৱ গগৈৰ বাবে
নিৰ্বাচনী প্ৰচাৰ চলাই নেত্ৰী গৰাকীয়ে।Priyanka Gandhi Vadra

৭/ ঢেকীয়াজুলিত বিজেপিৰ ৰোড শ্ব’।
ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে।

৮/ ২০২৫ চনত মাজুলীত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, 20 এপ্ৰিলৰ পাছত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল।
নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

৯/ মণিপুৰৰ থলেন কুকি গাঁৱত ভয়ংকৰ গুলীচালনা।
তেল টেংকাৰসহ কেইবাখনো ট্ৰাকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা কৰে।
গুলীচালনাত নিহত এজন ট্ৰাক চালক আৰু আহত হয় কেইবাজনো লোক।

১০/ ১৭ তাৰিখৰ পৰা ১৯ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা।
১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা বলৱৎ হ’ব এই নিৰ্দেশনা।
১৯ এপ্ৰিলৰ সন্ধিয়া ভোটগ্ৰহণ অন্ত পৰালৈকে অব্যাহত থাকিব নিষেধাজ্ঞা।

১১/ অনিৰ্দিষ্টকাললৈ IPLত দেখা নাযাব গ্লেন মেক্সৱেলক।
‘মানসিক আৰু শাৰীৰিক’ বিশ্ৰামৰ প্ৰয়োজন বুলি মন্তব্য কৰে মেক্সৱেলে।

১২/ তিনিচুকীয়াৰ অসম-অৰুণাচল সীমান্তত প্ৰচণ্ড গুলীয়াগুলী।
আছাম ৰাইফলচৰ বাহনত এম্বুশ্ব’ আলফা(স্বা)ৰ।
৪ টাকৈ গ্ৰেনেড বিস্ফোৰণ আলফাৰ।
চাংলাং পথৰ নামদাঙত সংঘটিত হয় এই ঘটনা।

১৩/ চাবুৱাৰ শিয়ালকাটি চাহ বাগিচাত লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ সভা।
নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ , ৰাজু চাহুৱে।

১৪/ আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব।
আজি মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে।
ৰাজীৱ ভৱনৰ পৰা আৰম্ভ হয় ৰেলী।

১৫/ নাজিৰাত নিশা ফ্লায়িং স্কোৱাডৰ অভিযান।
বিহুবৰ চণ্টক পাঁচআলিৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ধন।

১৬/ ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিহত হয় এগৰাকী যুৱতীসহ তিনিজন যুৱক।
নিহত বাহনখনৰ চালক ছাহিল আহমেদ, সাহিদ খন্দকাৰ আৰু নুৰ আমিন।

১৭/ ওড়িশাৰ জাজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
উৰণ সেতুৰ পৰা তলত পৰে এখন যাত্ৰীবাহী বাছ।
দুৰ্ঘটনাত নিহত হয় ৫জন, আহত হয় ৪৩জন যাত্ৰী।

১৮/ ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কংগ্ৰেছ সাংসদ ৰণদ্বীপ সুৰজেৱালাৰ।
হেমা মালিনী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে সাংসদগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশনা নিৰ্বাচন আয়োগৰ।

১৯/ জাগীৰোডত নিৰ্বাচনী প্ৰচাৰ অভিযান অভিনেত্ৰী আইমী বৰুৱাৰ।
“ৰাইজৰ উপস্থিতিয়ে কয় বিজেপিৰ জয় নিশ্চিত” বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে।

২০/ পাকিস্তান, আফগানিস্তানত প্ৰকৃতিৰ তাণ্ডৱ।
মুষলধাৰ বৰষুণৰ ভয়াৱহ বানৰ ফলত পাকিস্তানৰ দুকুৰি আৰু আফগানিস্তানত ৩ কুৰি লোকৰ মৃত্যু হয়।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *