১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 20 April 2024:-
1. আজি মহাৰাষ্ট্ৰৰ নান্দেৰত নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণক লৈ প্ৰৱল আশাবাদী প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ।
2. কাইলৈ পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে।
শিলচৰ চহৰত ৰোড শ্ব’ অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীয়ে।
3. বৰাকত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ।
কেইবাখনো জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে, হাইলাকান্দিত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই।
4. আজি বীৰাংগনা সতী সাধনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সাম্ৰাজ্যৰ ৰাণীগৰাকীক স্মৰণ কৰাৰ সমান্তৰালকৈ
মহানগৰীৰৰ পাথৰকোঁৱাৰীৰ সাধনী ভৱনত সতী সাধনী দিৱস উদযাপন কৰে।
5. কৰিমগঞ্জত বিজয় সংকল্প সমাৱেশ।
উক্ত সমাৱেশত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ নেতা কৰ্মীৰ লগতে কৰিমগঞ্জ বাসী ৰাইজ।
6. আজি ঘোষণা হ’ল উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল।
শীৰ্ষ স্থান প্ৰাপক ক্ৰমে – যোৰহাট প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ অনুৰাগ গগৈ – ৫৯৩ নম্বৰ, বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ঝৰ্ণা শইকীয়া-৫৯০ নম্বৰ, মাজুলী কমলাবাৰী আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়া- ৫৮৮ নম্বৰ, সৰুপেটাৰ ষ্টেলা মাৰিছ স্কুলৰ বেদান্ত চৌধুৰী – ৫৮৮ নম্বৰ, নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱাশ্ৰী কাশ্যপ- ৫৮৮ নম্বৰ লাভ কৰে।
7. উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে SEBAৰ সংবাদমেল।
OMRৰ পদ্ধতিত প্রথমবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।
এইবাৰ পৰীক্ষা ফলাফলত স্থান ৰখা নাই।
নম্বৰ অনুসৰি ৫গৰাকীক শীৰ্ষৰ তালিকাত ৰখা হৈছে।
SEBAৰ দ্বাৰা অনুষ্ঠিত কৰা এইটোৱেই অন্তিম মেট্রিকৰ পৰীক্ষা।
8. ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক বিশাল যোগদান কাৰ্যসূচী।
উক্ত অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কংগ্ৰেছ দলৰ মুঠ ১০০ জনৰো অধিক নেতা-কৰ্মীয়ে
বিজেপিত যোগদান কৰে।
9. তামাৰহাটত UPPLৰ যোগদান কাৰ্যসূচী।
৩ শতাধিক নেপালী মহিলাই যোগদান কৰে UPPLত।
10. টিংখঙৰ বনফুল হাইস্কুল ভোটকেন্দ্ৰত EVMৰ খেলিমেলিৰ অভিযোগত প্ৰতিবাদ স্থানীয় ৰাইজৰ।
EVM নিবলৈ দিয়াত বাধা প্ৰদান কৰে স্থানীয় লোকে।
কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ দাবী লুৰীণজ্যোতি গগৈৰ।
11. দিছপুৰ প্ৰেছ ক্লাৱত ইউনাইটেড বড়ো পিপ’লছ ফেডাৰেচনৰ সংবাদমেল।
দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পূৰ্ণ সমৰ্থন দিয়াৰ ঘোষণা কৰে UBPFএ ।
12. ‘জুলাই মাহত অনুষ্ঠিত হ’ব আৰক্ষীৰ ইণ্টাৰভিউ’। আগষ্ট-ছেপ্টেম্বৰ মাহত পুনৰ তৃতীয়- চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
বৰাকত নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
13. ডিব্ৰুগড়ৰ কৰ বিভাগৰ সহকাৰী আয়ুক্ত সচিন্দ্ৰ মজুমদাৰৰ দেহাৱসান।
হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যু হয় সচিন্দ্ৰ মজুমদাৰ।
14. প্ৰদেশ কংগ্ৰেছত অব্যাহত খহনীয়া।
ধুবুৰী জিলা কংগ্ৰেছৰ ৩গৰাকী নেতাৰ দল ত্যাগ।
ধুবুৰী কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ।
ধুবুৰী জিলা উপ-সভানেত্ৰী শাভানা আক্তাৰ, উপ-সভাপতি আবুল মিঞা, কংগ্ৰেছ সেৱা দলৰ জিলা সভাপতি নুৰুল হকে কংগ্ৰেছ দল ত্যাগ কৰে।
15. আজি দৰং-ওদালগুৰি সংসদীয় সমষ্টিৰ এনডিএ-ৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত তামুলপুৰ জিলাৰ নাওকাটাত নিৰ্বাচনী সভা।
উক্ত সভাত উপস্থিত থাকে
বিটি আৰৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, বিজেপি, ইউপিপিএল, অগপৰ নেতৃবৃন্দ সকলৰ লগতে স্থানীয় ৰাইজ।
16. লখিমপুৰৰ পহুমৰা মাজগাঁৱত ভয়াৱহ দুৰ্ঘটনা।
দুখন বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন।
নিহত বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু।
নিৰ্বাচনৰ দায়িত্ব শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনা।
17. বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নিচুকা গাঁও পঞ্চায়তৰ চেঙ্গলীয়া আৰু সদৰ বজাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত সভাত উপস্থিত থাকে
মন্ত্ৰী ৰঞ্জিত দাস, প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, বিজেপিৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজ।
18. গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী।
নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ।
১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ।
ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ।
ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে।
19. ২০২৪বৰ্ষত কলেজত নামভৰ্তি কৰা সকলো ছাত্ৰীৰ একাউণ্টত চৰকাৰে ১০ হাজাৰকৈ টকা দিব – মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
20. হাতীগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী।
ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে
৪ অভিযুক্ত ক্ৰমে- ৰূপম গোস্বামী,
দীপক সিং, ফিৰোজ খান, শ্লোক কুমাৰ।
Sangita Dutta Editor in Chief Rnewsindia24.com