১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 21 April 2024:-
1. নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজস্থানলৈ যাত্ৰা নৰেন্দ্ৰ মোদী। ৰাজস্থানত দুখনকৈ নিৰ্বাচনী সভাত অংশ ল’ব মোদীয়ে।
2. বৰাকত বিশাল ৰোড শ্ব’ৰে ৰণডংকা অমিত শ্বাহৰ।
শিলচৰত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী আৰু সহস্ৰাধিক ৰাইজ সৈতে বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে অমিত শ্বাহে।
3. কাৰ্বি আংলঙৰ ডিফু লোকসভা সমষ্টিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযান।
দলীয় প্ৰাৰ্থী অমৰছিং টিছ’ৰ হৈ বোকাজানত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
4. দৰং-ওদালগুৰিতো মাৰাথন নিৰ্বাচনী প্ৰচাৰ প্ৰমোদ বড়োৰ।
সমষ্টিটোৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোদ বড়োৱে।
প্ৰচাৰ সভাত অংশগ্ৰহন কৰি BPFক তীব্ৰ কটাক্ষ BTR প্ৰধান প্ৰমোদ বড়োৰ।
5. প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল।
ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন ভূপেন বৰাৰ।
প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সন্দৰ্ভত আয়োজন কৰে সংবাদমেল।
6. মণিপুৰৰ ১১টা ভোটগ্রহণ কেন্দ্রত পুনৰ হ’ব ভোটগ্রহণ।
প্রথম পৰ্যায়ৰ নিৰ্বাচনত উক্ত কেন্দ্র কেইটাত সংঘটিত হৈছিল হিংসাত্মক ঘটনা।
কেন্দ্রকেইটাত গুলীচালনা হোৱাৰ লগতে EVM ভাঙিছিল দুৰ্বত্তই।
২২ এপ্রিলত কেন্দ্রকেইটাত অনুষ্ঠিত হ’ব ভোটগ্রহণ।
7. ৰাজস্থান আৰু হাৰিয়ানাত শোকাৱহ ঘটনা।
বিগত ২৪ ঘণ্টাত ৰাজস্থান আৰু হাৰিয়ানাত ২৪জন লোকৰ মৃত্যু হৈছে।
পুৱতি নিশা ৰাজস্থানৰ জালৱাৰত বিবাহযাত্রীৰ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ ফলত নিহত হয় একেটা পৰিয়ালৰে ৯জন লোক।
আনহাতে, হাৰিয়ানাৰ গুৰুগ্রামত ৱাল খহি পৰি মৃত্যু হয় ৫জন।
8. বৰপেটা ৰোডত অগপৰ যোগদান কাৰ্যসূচী।
ডেৰ শতাধিক হিন্দীভাষী লোকে যোগদান কৰে অগপত।
9. নগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ।
সুৰেশ বৰাক সংগ দিয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে ।
10. ‘আগষ্ট-ছেপ্টেম্বৰ মাহত হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ’।
বোকাজানৰ সৰিয়হজানত নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা মুখ্যমন্ত্ৰীৰ।
11. বঙাইগাঁও GRPৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোহাঁইক ৰিজাৰ্ভ ক্ল’জ।
এগৰাকী বাইক আৰোহীক খুন্দিয়াইছিল ৰাজীৱ গোহাঁয়ে।
বঙাইগাঁৱৰ চিলাৰায় উৰণসেতুত শুকুৰবাৰে নিশা সংঘটিত হৈছিল দুৰ্ঘটনা।
ৰাজীৱ গোহাঁইৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা GRPৰ SP অক্ষত গাৰ্গৰ।
12. জাপানৰ প্ৰতিৰক্ষা বাহিনীৰ ২খনকৈ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ দুখনত আছিল ৮জনকৈ সেনা জোৱান।
থিতাতে নিহত হয় এজন।
সন্ধান হীন ৭ গৰাকী সেনা জোৱান।
13. অবৈধ বালি খননৰ বিৰুদ্ধে সোণাপুৰত বন বিভাগৰ অভিযান।
সোণাপুৰৰ মালিবাগানৰ নাগাজানত চলিল এই অভিযান।
বন বিভাগে জব্দ কৰে কেইবাটাও বালি উঠোৱা যন্ত্র।
14. মহানগৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান।
অভিযানত বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ কৰে।
ভেটাপাৰাৰ এটা অতিথিশালাত অভিযান চলাই।
ধৃত দিপক সিং, ৰূপম গোস্বামী, ফিৰোজ খান, শ্লোক কুমাৰ ।
জব্দ কৰে ১২ টা ম’বাইল, ১ টা লেপটপ, ATM কাৰ্ড।
15. মহানগৰীত আৰক্ষী বিষয়াক গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুৰ্বৃত্তৰ।
THE ECHO নামৰ এখন বাৰত পুৱতি নিশালৈ চলিছিল সুৰাৰ আড্ডা।
আটক কৰে বাৰখনৰ স্বত্বাধিকাৰী অংকুৰ দত্ত, কৰ্মচাৰী দেৱকান্ত দেৱনাথ।
16. ছত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ মাজত সংঘৰ্ষ।
নিৰাপত্তাৰক্ষীৰ গুলীত এটা নক্সালবাদীৰ মৃত্যু হয়।
ছত্তীশগড়ত বিজাপুৰত পুৱা ৫.৩০ বজাৰ পৰা এই সংঘৰ্ষ হয়।
17. নলবাৰীৰ বেলশৰ আৰক্ষীৰ জালত সুদখোৰ।
জাগাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সুদখোৰ জয়ন্ত ডেকাক।
18. মঙলদৈত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ৰোড শ্ব’ ৷
প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ৰোড শ্ব’ত অংশগ্ৰহন কৰে মন্ত্ৰীগৰাকীয়ে।
19. জাগীৰোডৰ কুমৈ-তেতেলীয়াত নিশা উত্তেজনা।
উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুখনকৈ বাহন।
গৰু চুৰিৰ সন্দেহত সংঘটিত হয় এই ঘটনা।
20. পশ্চিম কাৰ্বি আংলঙত নৃশংস হত্যাকাণ্ড।
ডিঙি কাটি ৬০ বছৰীয়া ৰুষ্টম টিছ’ নামৰ বৃদ্ধগৰাকীক হত্যা কৰে দুৰ্বৃত্তই।
জেংখাৰ ঠেপলিৰাম গাঁৱত সংঘটিত হয় এই নৃশংস ঘটনা।
মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Sangita Dutta Editor in Chief Rnewsindia24.com