Arvind Kejriwal

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 11 May 2024:-

১/ কাইলৈ হ’বলগীয়া RCB বনাম DC মেচৰ পৰা ঋষভ পণ্টক নিলম্বন ।
শ্ল’ অভাৰ ৰেটৰ বাবে এখন মেচৰ পৰা নিলম্বন কৰে ক্ৰিকেটাৰগৰাকীক।
IPLৰ আচৰণবিধি ভংগৰ অভিযোগত ঋষভ পণ্টৰ বিৰুদ্ধে ৩০ লাখ টকাৰ জৰিমনা বিহা হয়।

২/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰ্বাচনী প্ৰচাৰ।
নতুন দিল্লীত অৰবিন্দ কেজৰিৱালৰ বিশাল ৰোড শ্ব’।
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

৩/ তেলেংগানাত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ।
নিৰ্বাচনী প্ৰচাৰৰ পিছতে সংবাদমেল সম্বোধন কৰে অমিত শ্বাহে।

৪/ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে GMCHত চিকিৎসাধীন বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও আৰু পদ্মশ্ৰী বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এ।
অসমৰ সমাজ জীৱনলৈ প্ৰভূত অৱদান আগবঢ়োৱা দুয়োগৰাকী মহিলাৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ সমগ্ৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

৫/ মেঘালয়ৰ নতুন DGPৰূপে ইদাশিশা নংৰাঙক নিযুক্তি।
ৰাজ্যখনৰ প্ৰথমগৰাকী জনজাতীয় মহিলা DGP ইদাশিশা নংৰাং।

৬/ কাজিৰঙাত নিৰ্মাণ হ’ব তিনিখন পঞ্চতাৰকাযুক্ত হোটেল।
দুখন তাজ গ্ৰুপে আৰু এখন হায়েট গ্ৰুপে নিৰ্মাণ কৰিব হোটেল।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰে হোটেল নিৰ্মাণ হ’বলগীয়া স্থানসমূহ।

৭/ চামগুৰিত দুৰ্নীতি নিবাৰকৰ জালত শক্তি বিভাগৰ ২ কৰ্মচাৰী।
বে-আইনীভাৱে বিদ্যুৎ সংযোগৰ নামত ৭ হাজাৰ টকা উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হয় মিণ্টু বৰা আৰু ভাস্কৰজ্যোতি শৰ্মা নামৰ ঠিকাভিত্তিক কৰ্মচাৰীক।

৮/ ক্ষেত্ৰীৰ তেতেলীগুৰিৰ আৰুণি কাশ্যপলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ সন্মান।
এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আৰুণি কাশ্যপ।

৯/ কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’।
ড০ জুনমণি দেৱী খাউণ্ডৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে ছবিখন।
২১ মে’ত প্ৰদৰ্শিত হ’ব ‘কুকি’।

১০/ কনাট প্লেচস্থিত হনুমান মন্দিৰত অৰবিন্দ কেজৰিৱাল।
কেজৰিৱালৰ সৈতে উপস্থিত হয় পত্নী সুনীতা কেজৰিৱাল, মুখ্যমন্ত্ৰী ভগৱন্ত মানো।

১১/ বৰ্ষাপাৰাস্থিত ACA ষ্টেডিয়ামত হ’ব IPLৰ দুখনকৈ মেচ।
মেচৰ প্ৰস্তুতিক লৈ বৰ্ষাপাৰাৰ ৯১ য়াৰ্ডছ ক্লাবত সংবাদমেল।
সংবাদমেলত এই কথা জনাই ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে।

১২/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী।
বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্যু হয়।
উদ্ধাৰ কৰে এটা থ্ৰী নট থ্ৰী ৰাইফল, ৩ জাঁই সক্ৰিয় গুলী।
ঘটনাস্থলীত উপস্থিত হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোনালী ঘোষ।

১৩/ ব্ৰিটিছ সংসদৰ হাউচ অৱ লৰ্ডছত নিযুক্তি লাভ কৰে অসমীয়া-ব্ৰিটিছ মহিলা আয়েশা হাজৰিকাই।
হাউচ অৱ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথম গৰাকী অসমীয়া বিট্ৰিছ মহিলা আয়েশা।

১৪/ ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ জাননী।
প্ৰতিখন জিলাৰ সুৰা বিপণিক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ।
আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

১৫/ আজি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস।
১৯৯৮ চনৰ ১১ মে’ তাৰিখে পোখৰাণত মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালাম আৰু তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আমাৰ বিজ্ঞানীসকলে পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল।
এই দিনটোতে দেশৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক
Rnewsindia24.com ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

১৬/ পশ্চিমবংগৰ বিজেপিৰ পঞ্চায়ত সচিবৰ বাসগৃহত বোমা বিস্ফোৰণ।
বাসগৃহৰ বাহিৰত থকা এখন বাইকত সংস্থাপন কৰিছিল বোমা।
বিস্ফোৰিত হয় দুটাকৈ স্থানত সংস্থাপন কৰা বোমা।

১৭/ শীঘ্ৰেই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মান বৃদ্ধি কৰি স্থাপন হ’ব তিনিখনকৈ পঞ্চতাৰকাযুক্ত হোটেল।
ঘোষণা ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।

১৮/ অনাতাঁৰ শিল্পী ,সুৰকাৰ ড০ ৰাজেন গোহাঁইলৈ ‘ৰমণী গাভৰু’ বঁটা।
শিমলুগুৰিৰ ৬৪তম কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত প্ৰদান কৰে এই বঁটা।

১৯/ চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
স্কুটী আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ।
গীতাঞ্জলি নামৰ বাছখনে মহটিয়াই নিয়ে স্কুটীখন।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী।
নিহত লোকজন গৰুভাষা জাউলীয়াবাৰীৰ সুনিৰাম ছোৰেন।
গুৰুতৰভাবে আহত হয় প্ৰদীপ ছোৰেন নামৰ আন এজন।

২০/ আজি ঐতিহাসিক ফাটবিহুৰ দ্বিতীয় দিন।
ঢোল-পেঁপাৰ মাতত মুখৰিত চাৰিকড়িয়া নদীৰ দুয়োপাৰ।
বিহু নাচি মতলীয়া হয় বয়োজ্যেষ্ঠজনৰ পৰা কিশোৰজনলৈ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *