Narendra Modi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 8 May 2024:-

1. তেলেংগানা আৰু অন্ধপ্রদেশত উপস্থিত নৰেন্দ্ৰ মোডী।
চন্দ্রবাবু নাইডুক লগত লৈ অন্ধপ্রদেশৰ ৰাজপথত বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মোদীয়ে।

2. ধেমাজিৰ গোগামুখস্থিত কচুতলী হাইস্কুল আৰু মহৰিমুখৰ শংকৰদেৱ শিশু নিকেতন পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উল্লেখিত বিদ্যালয় দুখনৰ
আন্তঃগাথঁনি আৰু শৈক্ষিক পৰিৱেশৰ বুজ লৈ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।

3. ৯ মে’ৰ পৰা ৰাজ্যৰ বাহিৰত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ওড়িশা, পশ্চিমবংগ, তেলেংগানাত কেইবাজনো ৰাজ্যিক বিজেপি নেতাৰ সৈতে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী গৰাকীয়ে।

4. কাইলৈ পুৱা ৯ বজাত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।
ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

5. তেলেংগানাৰ কৰিমনগৰ জিলাত উপস্থিত হয় নৰেন্দ্ৰ মোদী।
ভেমুলাৱাড়াৰ শ্ৰী ৰাজা ৰাজেশ্বৰ স্বামী মন্দিৰত পূজা-অৰ্চনা কৰে মোদীয়ে।

6. আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী।
দেশৰ বিভিন্ন ঠাইত আয়োজন কৰাৰ সমান্তৰালকৈ পশ্চিম বংগৰ শিলিগুৰিৰ বাঘাজাতিন পাৰ্কত কবিগুৰুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অজস্ৰ গুণমুগ্ধই।

7. ধুবুৰীত লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী হাৰিলে পদত্যাগ কৰিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

8. বজালীত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
জিঅ’ টিউবৰ জৰিয়তে এক নতুন প্ৰযুক্তিৰে মথাউৰিৰ কাম কৰি থকা হৈছে।

9. কংগ্ৰেছৰ বিদেশ শাখাৰ মুৰব্বী পদ এৰিলে ছেম পিট্ৰ’দাই।
পিট্ৰদাৰ মন্তব্যক লৈ সমালোচনাৰ সন্মুখীন হৈছিল কংগ্ৰেছ।
পিট্ৰদাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছ সভাপতিয়ে।

10. আজি মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰদেৱৰ তিৰোভাৱ তিথি।
কামৰূপ জিলাৰ ৰামদিয়াৰ শ্ৰীশ্ৰী পোৰাভিঠা সত্রত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰে।

11. এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ চলাচল বাতিল।
কোচি, কালিকট, বাংগালুৰুকে ধৰি ভিন্ন বিমান বন্দৰলৈ বিমানৰ চলাচল বাতিল।
হঠাৎ অসুস্থতা দেখুৱাই ছুটী কেবিন ক্ৰুৰ কৰ্মচাৰীৰ।

12. গুৱাহাটীৰ পাণ্ডু আশ্ৰমৰ আর্ট অৱ লিভিঙৰ উদ্যোগত লুইতপৰীয়া ব’হাগী উৎসৱ উদযাপন।
কেইবাটাও ব্যতিক্ৰমী সাংস্কৃতিক কার্যসূচীৰে পোনপ্ৰথমবাৰৰ বাবে
আৰ্ট অৱ লিভিঙৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ব্যক্তিসকলৰ প্ৰচেষ্টাতে অনুষ্ঠিত হয় এই সুন্দৰ অনুষ্ঠান।

13. আজি বিশ্ব ৰেড ক্ৰছ দিৱস।
এই বিশেষ দিনটোত প্ৰাকৃতিক দুৰ্যোগ, সশস্ত্ৰ সংঘাত আৰু অন্যান্য মানৱীয় সংকটৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়াবলৈ অক্লান্তভাৱে আগবাঢ়ি অহা ৰেড ক্ৰছ ছ’চাইটিৰ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰীসকলৰ প্ৰচেষ্টাক Rnewsindia24.com তৰফৰ পৰা স্মৰণ কৰিছোঁ।

14. ধেমাজি যুৱ সমাজৰ উদ্যোগত ধেমাজিৰ কাছাৰী ময়দানত ৰঙালী বিহু সন্মিলন উদযাপন।
উক্ত সন্মিলনত মুখ্য অতিথি হিচাপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্যমান্য ব্যক্তি।

15. বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ক’ভিশ্বীল্ড।
বাণিজ্যিক কাৰণত এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে ভেকচিন প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাৰীয়ে।

16. মিজোৰামত নিচাজাতীয় টেবলেট আৰু বিদেশী চিগাৰেট জব্দ।
আছাম ৰাইফলছে চলোৱা অভিযানত এখন বাহনৰ পৰা জব্দ কৰা হয় ২.১৬ কেজি মেথামফেটামাইন টেবলেট।

17. অসম সীমান্তৰ চিংফাং গেটত ২ নগা যুৱক পিষ্টলসহ আটক কৰে আছাম ৰাইফলছে।
ধৃত যুৱক আচিং কন্যাক আৰু লংজেই কন্যা।
এই দুই নগা যুৱকৰ পৰা পইণ্ট ২২ পিষ্টলসহ ৫ জাঁই সক্ৰিয় গুলী জব্দ কৰে।

18. নিউ বঙাইগাঁৱত GRPৰ সফল অভিযান।
ৰে’লৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি।
৬ মে’ত ২০০ বস্তা আৰু ৭ মে’ত ১৩০ বেগ সন্দেহজনক বাৰ্মিজ চুপাৰি জব্দ কৰে GRP-এ।

19. ডুমডুমাত অস্ত্ৰসহ এজনক আটক কৰে আৰক্ষীয়ে।
আটক আত্মসমৰ্পণকাৰী আলফা সদস্য ধন বড়াক।
অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি জালত পৰে প্ৰাক্তন আলফা সদস্যগৰাকী।
জব্দ কৰে এটা আমেৰিকান পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী।

20. বহিঃৰাজ্যত পুনৰ অসমৰ লোকৰ ৰহস্যজনকভাৱে মৃত্যু হয়৷
লোকজন ডিমৌ নিতাইপুখুৰীৰ দুলেন গোহাঁই।
চেন্নাইলৈ কৰ্মৰ সন্ধানত গৈছিল দুলেন৷

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *