১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 23 May 2024:-
1. তেহৰাণত ইৰাণৰ প্ৰয়াত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিলৈ বিভিন্ন ৰাষ্ট্ৰনেতাসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠান উপস্থিত থাকে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি সকল।
2. ওড়িশাৰ সম্বলপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্মীয়মাণ বাসগৃহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
3. ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত ১ জুনৰ পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম।
নতুন নিয়ম অনুসৰি প্ৰদান কৰা হ’ব ড্ৰাইভিং লাইচেন্স।
পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা।
4. বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ ভাতৃ আয়াজুদ্দিনক গ্ৰেপ্তাৰ।
জালিয়াতিৰ অভিযোগত উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে আয়াজুদ্দিনক।
5. ১০০ বা ততোধিক শিক্ষাৰ্থী থকা বিদ্যালয়ত সৃষ্টি হ’ব প্ৰধান শিক্ষকৰ পদ।
ঠিকাভিত্তিক শিক্ষকৰো চাকৰি হ’ব নিয়মীয়া।
এই কথা জনাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
6. আজি বুদ্ধ পূৰ্ণিমা।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে দিনজোৰা কাৰ্যসূচীৰে উদ্যাপন কৰে বুদ্ধ জয়ন্তী।
শোভাযাত্ৰাৰে আৰম্ভ কৰে এই বিশেষ দিনটি।
আনহাতে, বুদ্ধ পূৰ্ণিমা উপলক্ষ্যে গংগা-যমুনাৰ সংগমস্থলীত গা ধুই প্ৰাৰ্থনা কৰে ভক্তসকলে।
7. শক্তিপীঠ কামাখ্যা ধামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মা কামাখ্যাৰ আশিস লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
8. লখিমপুৰৰ খেলমাটি আৰক্ষী চকীৰ IC দীপাংকৰ চাংমাই, আৰক্ষী চকীৰ দায়িত্বত থকা কনিষ্টবল বৈৰাম দেউৰীক নিলম্বন।
‘ X’যোগে ঘোষণা কৰে DGP জি পি সিঙে।
আৰক্ষীৰ জিম্মাত আৰ্চভ আলী নামৰ আচামীৰ মৃত্যু হোৱা অভিযোগত।
9. আজি বিশ্ব কাছ দিৱস।
১৭টা প্ৰজাতিৰ কাছৰ আৱাস ভূমি হিচাবে কাছ সংৰক্ষণত চহকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
10. দুৰ্বৃত্তৰ আক্ৰমণ আক্ৰমণত আহত এজন কনিষ্টবলসহ ভাৰপ্ৰাপ্ত বিষয়া নাইম উদ্দিন। পশুধনসহ এজন লোকক আটক কৰি ওভতাৰ পথত আৰক্ষীৰ দলক আক্ৰমণ কৰে। আৰক্ষীৰ দলটোক আক্ৰমণ কৰি কাঢ়ি লৈ যায় পশুধনকেইটা। ৰাবাৰ গুলী ফুটাই দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা হাত সাৰে আৰক্ষীয়ে। হাজিৰহাটৰ টাকিমাৰীৰ পৰা আটক কৰিছিল ছয়নাল শ্বেখ নামৰ লোকজনক।
11. আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকী।
প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি।
আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰি গাড়ী ভাঙি চূৰমাৰ কৰে প্ৰতিবাদকাৰীয়ে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে।
কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।
ঘটনাত আহত হয় লখিমপুৰৰ এগৰাকী ফটো সাংবাদিক।
12. ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৮ দুৰ্ধৰ্ষ মাওবাদী নিহত হয়।
নিহত মাওবাদীৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হয়।
নাৰায়ণপুৰ জিলাত সংঘটিত হয় এই সংঘৰ্ষ।
চলিত বৰ্ষত ছত্তীশগড়ত ১১২ টা মাওবাদীক হত্যা কৰা হয়।
13. অহা ২৬-২৭ মে’ত ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ আশংকা।
অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হয়।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে এই তথ্য।
14. বকোৰ চকাবাহাত অনুষ্ঠিত কৰা হয় ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখ’ পূজা ।
কৃষি-কৰ্ম সূচাৰুৰূপে সম্পন্ন হোৱাৰ আশাৰে আৰু ৰাইজৰ উন্নয়নৰ বাবে ৰাভাসকলে পূজা আগবঢ়ায়।
15. যোৰহাট মেডিকেল কলেজ হাস্পতালত অঘটন।
এনকেফেলাইটিছত আক্ৰান্ত হৈ ৩টি শিশুৰ মৃত্যু হয়।
সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান জনাই JMCHৰ অধীক্ষক মানৱজ্যোতি বুঢ়াগোহাঁইয়ে।
16. উত্তৰ পূবৰ প্ৰথম ৰাজ্য হিচাপে ত্ৰিপুৰাত বলৱৎ হ’ল ‘কা’।
মাণিক সাহা চৰকাৰে ‘কা’ ৰূপায়ণৰ বাবে জাৰি কৰে নিৰ্দেশ।
17. পুনৰ ঋণ ল’ব অসম চৰকাৰে।
২৮ মে’ত এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে।
18. মাউন্ট এভাৰেষ্ট আৰোহণ কৰে অৰুণাচলৰ কাবাক য়ানে।
মাউন্ট এভাৰেষ্ট আৰোহণ কৰা পঞ্চম গৰাকী মহিলা হিচাপে পৰিগণিত হয় য়ানো।
19. ১ জুনৰ পৰা অসমৰ কোনো বটলিফ ফেক্টৰিয়ে ক্ৰয় নকৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা চাহ পাত ।
সংবাদ মেল যোগে অসম বটলিফ টি মেনুফেকছাৰ্ছ সংস্থাই সদৰি কৰে এই কথা।
20. ধিঙত বিদ্যালয়ৰ অধ্যক্ষক ধন দাবী কৰি গ্ৰেপ্তাৰ হয় এগৰাকী যুৱক।
অধ্যক্ষ আব্দুল কুদ্দুছক ৪ লাখ টকা দাবী কৰিছিল আশ্ৰাফুল ইছলাম নামৰ যুৱকজনে।
দাবী কৰা ধন নিদিলে আব্দুল কুদ্দুছৰ পুত্ৰক হত্যাৰ ভাবুকি দিছিল আশ্ৰাফুলে।
Sangita Dutta Editor in Chief Rnewsindia24.com