১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
1. ৰাষ্ট্ৰপতি ভৱনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে।
শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।
2. কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডা, শিৱৰাজ সিং চৌহান, এছ জয়শংকৰ, নিৰ্মলা সীতাৰমণ, মনোহৰ লাল, পীযূষ গোৱেল, সৰ্বানন্দ সোণোৱাল, মনোহৰ লাল খট্টৰ, এইচ ডি কুমাৰাস্বামী, ধৰ্মেন্দ্ৰ প্ৰধান, ভূপেন্দ্ৰ যাদৱ, কিৰেণ ৰিজিজু, মনসুখ মাণ্ডব্য, ডাঃ বীৰেন্দ্ৰ কুমাৰ, প্ৰহ্লাদ যোশী, ৰাম মোহন নাইডু, অশ্বিনী বৈষ্ণৱ, জুৱেল ওৰাম, গিৰিৰাজ সিং, জ্যোতিৰাদিত সিন্ধিয়া, ভূপেন্দ্ৰ যাদৱ, ছিৰাগ পাছোৱান, অন্ন পূৰ্ণা দেৱী, গজেন্দ্ৰ সিং শ্বেখাৱট আৰু বহু মন্ত্ৰী, সাংসদে।
3. ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে জিতিন প্ৰসাদ, শ্ৰীপদ নাইক, পংকজ চৌধুৰী, এল মেৰুগান, শোভা কৰন্দলাজেৰ, কীৰ্তিবৰ্ধন সিং, শান্তনু ঠাকুৰ, সুৰেশ গোপী, বি এল বৰ্মা, জয়ন্ত চৌধুৰী, প্ৰতাপ ৰাও গণপত ৰাও যাধৱ, ড০ জিতেন্দ্ৰ সিং, অৰ্জুন ৰাম মেঘৱাল, ৰাও ইন্দ্ৰজিত সিং, ডাঃ চন্দ্ৰশেখৰ পেম্মাছানী, অনুপ্ৰিয়া পেটেল, নিত্যানন্দ ৰায়, ভি সুমন্না, অজয় তামতা, বন্দী সঞ্জয় কুমাৰ, কমলেশ পাছোৱান, ভগীৰথ চৌধুৰী, পবিত্ৰ মাৰ্ঘেৰিটা, দুৰ্গা দাস উইক, ৰক্ষা ৰক্ষা খডছে, সুকান্ত মজুমদাৰ, সাবিত্ৰী ঠাকুৰ, ৰাম দাস আঠৱাল আৰু বহু নেতাই।
4. ১২জুনত অন্দ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব চন্দ্ৰবাবু নাইডুৱে৷
দিনৰ ১১.২৭বজাত কেশৰপল্লী আই টি পাৰ্কত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান৷
5. অচিৰেই ঘোষণা হ’ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম।
সভাপতিৰ দৌৰৰ শীৰ্ষত ৰামেশ্বৰ তেলীৰ নাম।
শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব দলটোৱে।
6. ৰাজ্যৰ শিক্ষক সমাজলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা বিভাগৰ।
এতিয়াৰ পৰা প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত।
নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ’ব দৰমহা।
নিৰ্ধাৰিত সময়তকৈ ১৫ মিনিট পলম হ’লে বা ১৫ মিনিট আগতে বিদ্যালয় এৰিলে ছুটী হিচাপে গণ্য কৰা হ’ব দিনটো।
এমাহত দুবাৰকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষা বিভাগে সেই শিক্ষক কৰ্মচাৰীজনৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিভাগীয় ব্যৱস্থা।
7. দিল্লীত বৰ্ষীয়ান ৰাজনীতিবিদ লালকৃষ্ণ আদৱানীক সাক্ষাৎ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।
মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰে শ্বেখ হাছিনাই।
8. দিল্লীত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু , মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ।
নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে দুয়োগৰাকীয়ে।
9. আজি T20 বিশ্বকাপৰ হাইভল্টেজ মেচ।
সন্ধিয়া ৮ বজাত নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় মেচখন।
10. আৰক্ষীৰ জালত মহিলা গাঞ্জা সৰবৰাহকাৰী।
বঙাইগাঁৱৰ গেৰুকাবাৰীত গাঞ্জাসহ মহিলাক গ্ৰেপ্তাৰ।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নিৱাসী গৌৰী চৌহানক গ্ৰেপ্তাৰ।
লগতে ঘৰৰ ওচৰৰে পাণদোকানৰ পৰা জব্দ কৰে ৩.৫ লাখ টকাৰ গাঞ্জা।
11. গুৱাহাটীৰ জোনালীস্থিত সনাতন ধৰ্মসভাস্থলীৰ প্ৰতিষ্ঠা দিৱস।
ক্ৰিকেট ক্লাব অৱ আছামে উদযাপন কৰে প্ৰতিষ্ঠা দিৱস।
সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ গীত পৰিৱেশন কৰে কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু গাৰ্গী দাসে।
12. আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ ভিভাণ্টাত কেৰিয়াৰ মেলা অনুষ্ঠিত হয়।
দেশৰ আগশাৰীৰ ৬০ খনকৈ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিব।
মেলাত অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে লাভ কৰে বিশেষ সমাদৰ।
13. তিনিচুকীয়াৰ টিংৰাইত ড্ৰাগছ বিৰোধী অভিযান।
টিংৰাইৰ বাঙালী গাঁৱৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰীক।
ধৃত সৰবৰাহকাৰীটো পংকজ ইংতি।
যুৱক জনক কৰায়ত্ব কৰিবলৈ যাওঁতে আঘাতপ্ৰাপ্ত হয় এগৰাকী আৰক্ষী।
14. বঙাইগাঁৱৰ মালেগড়ত প্ৰৱল খহনীয়া।
খহনীয়াৰ বাবে হাহাকাৰ লাগিছে গোবিন্দপুৰ এলেকাত।
খহনীয়াৰ ফলত শ শ বিঘা ভূমি নদীৰ বুকুত বিলীন হৈছে।
15. ফাঁচীবজাৰৰ সাধনা মন্দিৰৰ পৰা ব্ৰাহ্মণ ভৱনলৈ কলহ যাত্ৰা।
দিব্যজ্যোতি জাগৃতি সংস্থা নামৰ অনুষ্ঠানৰ উদ্যোগত এই কলহ যাত্ৰা।
২০০ৰো অধিক মহিলাই অংশগ্ৰহণ কৰে কলহ যাত্ৰাত।
আজিৰে পৰা ৭দিনীয়াকৈ ব্ৰাহ্মণ ভৱনত আয়োজন ৰাম কথা।
ৰাম কথাৰ অংশ হিচাপে আজি উলিওৱা হয় কলহ যাত্ৰা।
16. নলবাৰীত অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় ৰাভা দিৱস।
১৯ আৰু ২০ জুনত দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ৰাভা দিৱস।
আজি স্থাপন কৰা হয় কেন্দ্ৰীয় ৰাভা দিৱসৰ লাইখুঁটা।
17. ‘প্ৰাগজ্যোতিষপুৰ সুৰক্ষা মঞ্চ’ৰ উদ্যোগত ৰক্তদান শিবিৰ।
গুৱাহাটীৰ বেলতলাত GMCHৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে সংগঠনটোৱে।
18. মৰিগাঁও জিলাৰ জাগীৰোড মণ্ডল বিজেপি কাৰ্যালয়ৰ শুভ উদ্বোধন।
কাৰ্যালয় উদ্বোধন কৰে মন্ত্রী পীযুষ হাজৰিকাই।
উপস্থিত থাকে মণ্ডল বিজেপি কাৰ্যালয়ৰ বিষয়ববীয়া সকল।
19. জন্মু-কাশ্মীৰত শোকাৱহ ঘটনা সংঘটিত হয়।
তীৰ্থযাত্ৰীৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ।
আক্ৰমণত নিহত হয় ৯জন আৰু আহত হয় ৩৩জন৷
20. লখিমপুৰৰ হাতীলুঙৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা।
ৰাজপথত ষ্টান্ট কৰা উদণ্ড যুৱকক বাধা দিয়াৰ বাবেই ই-ৰিক্সা চালকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে।
ঘটনাৰ পিছতেই উত্তেজিত হৈ পৰে ই ৰিক্সা চালকৰ লগতে স্থানীয় লোক।
উদণ্ড যুৱকক কৰায়ত্ত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ।
Sangita Dutta Editor in Chief Rnewsindia24.com