বিশিষ্ট সমাজ সংস্কাৰক, ১০১ বছৰ গৰকা মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ জীৱনযাত্ৰাঃ
শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ জন্ম হৈছিল ১৮৮৫ চনৰ ১০ জুন তাৰিখে সত্ৰ নগৰী মাজুলীত।
গোস্বামী দেৱ একাধাৰে সমাজ সংস্কাৰক, ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, সু-সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, ৰাজনীতিবিদ আৰু অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।
তেওঁৰ পিতৃৰ নাম আছিল চিত্ৰচন্দ্ৰ দেৱগোস্বামী আৰু মাতৃৰ নাম দুৰ্গেশ্বৰী।
পীতাম্বৰ দেৱগোস্বামীয়ে বিদ্যালয় শিক্ষা, সংগীত ধৰ্মগ্ৰন্থ আদিত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল।
কিন্তু সৰুৰে পৰা তেওঁক বাহিৰৰ সমাজখনৰ ধ্যান-ধাৰণাই মোহিত কৰিছিল।
১৯০৭ চনত তেওঁ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পদত উপনীত হয়।
তাৰ পাছৰে পৰা সমাজ সংস্কাৰ আৰু স্বাধীনতা আন্দোলনত গুৰুত্ব প্ৰদান কৰিছিল।
তেখেতে ১৯২৩ চনত বাল্যবিবাহৰ বিপক্ষে আৰু বিধবা বিবাহৰ সপক্ষে জনজাগৰণ সৃষ্টি কৰি ২ বছৰ কাল কাৰাবাস খাটিছিল।
১৯৩০ চনত অসম কৈবৰ্ত সন্মিলনৰ গোলাঘাটৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
১৯২৩ চনত মিচিং সন্মিলন সভা অৰ্থাৎ পৰবৰ্তী সময়ত মিচিং বানৌ কেবাং হিচাপে প্ৰতিষ্ঠা লাভ কৰা অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বানৌ কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতিৰ আসন অলংকৃত কৰিছিল।
১৯৪৬ চনত প্ৰায় ৬০ বছৰ বয়সত তেওঁ কাৰ্বি আংলঙলৈ যাত্ৰা কৰিছিল।
জনজাতীয় সমাজৰ পৰা কু-সংস্কাৰ, নিচা জাতীয় দ্ৰব্য সেৱন আদি ৰোধ কৰিবৰ বাবে সভা-সমিতি পাতিছিল।
প্ৰায় ২ বছৰ ধৰি লাগি থাকি পাহাৰীয়া লোক সকলক শিক্ষিত কৰিবৰ বাবে ২০খনতকৈও অধিক বিদ্যালয় স্থাপন কৰিছিল।
তাৰ পাছত নগাঁও জিলাত তিৱা লোকসকলৰ মাজত ব্যাপক জনজাগৰণৰ চেষ্টা কৰিছিল।
তদুপৰি দৰিদ্ৰ লোক সকল যাতে উচিত মূল্যত ক্ৰয়-বিক্ৰয়ৰ সুবিধা পাব পাৰে, কম সুদত ঋণ লৈ উপকৃত হৱ পাৰে, সেই উদ্দেশ্যেই তেওঁ ১৯১৭ চনত মাজুলীত “কো-অপাৰেটিভ বেংক এণ্ড পাৰ্চেজ চেল ছচাইটি” নামৰ এক সমবায় কেন্দ্ৰ গঢ়ি তুলি তাৰ প্ৰধান কাৰ্যালয় গড়মূৰ সত্ৰত ৰাখি মাজুলীৰ বিভিন্ন অঞ্চলত কেইবাটাও শাখা মুকলি কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম বিপ্লৱী নেতা পীতাম্বৰ দেৱগোস্বামীয়ে ১৯২৬ চনত পাণ্ডুত কংগ্ৰেছৰ মহাসভাত যোগদান কৰি জাতিৰ পিতা মহাত্মা গান্ধীক সাক্ষাত কৰিছিল।
কংগ্ৰেছ অধিবেশনৰ সভাস্থলীতে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় হিন্দু মহাসভাৰ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
১৯৩২ চনত নিখিল ভাৰত অস্পৃশ্যতা বৰ্জন সংঘ আৰু গান্ধীজীয়ে গঢ় দিয়া হৰিজন সেৱক সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি এক সফল আন্দোলন গঢ়ি তুলিছিল।
তেওঁ ১৯৫৩ চনত সনাতন ধৰ্মৰ মুখপাত্ৰ নামৰ তিনিমহীয়া আলোচনী এখন এবছৰকাল সম্পাদনা আৰু প্ৰকাশ কৰিছিল।
শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ গ্ৰন্থ সমূহ হৈছে – অসমত বিনা ৰক্তপাতে আক্ৰমণ, শ্ৰীকৃষ্ণৰ ৰাসলীলা, হৰিদাসৰ জীৱনী,
সপ্ত সুৰৰ উৎপত্তি, বালিচলন,
শ্ৰীমদ্ভাগৱত (একাংশ) ইত্যাদি।
১৯৬২ চনৰ ২০ অক্টোবৰত তেখেতে জীৱন নাটৰ সামৰণি মাৰে।
উল্লেখ্য যে, অসমৰ জনজাতীয় লোকসকলক সৰ্বতো দিশত আগুৱাই নিয়াৰ বাবে জীৱনৰ অধিকাংশ সময় আৰু অৰ্থ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱে ব্যয় কৰি মানৱদৰদী এগৰাকী সু-চিন্তক তথা সমাজ সংগঠক হিচাপে এক উৎকৃষ্ট নিদৰ্শন দেখুওৱাই থৈ গৈছে।
আজীৱন পৰিশ্ৰম কৰি শিক্ষা, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত মাজুলীৰ লগতে অসমক এক সংস্কাৰ মুখী তথা প্ৰগতিশীল ৰাজ্য ৰূপে গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰা পীতাম্বৰ দেৱগোস্বামী দেৱৰ আদৰ্শ আৰু অতুলনীয় কৰ্মৰাজীয়ে অসমীয়াৰ জাতীয় জীৱনক যুগ যুগ ধৰি অনুপ্ৰাণিত কৰিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com