Gaurav Gogoi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদ।

১/ আজি মোদী 3.0 ৰ প্ৰথমখন কেবিনেট বৈঠক৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্ৰথম কেবিনেট৷
বৈঠকত মোদী মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰা হয়।

২/ নতুন দিল্লীত প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে সাংসদ গৌৰৱ গগৈয়ে।

৩/ আজি প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ কাৰ্যভাৰ গ্ৰহণ।
প্ৰথম দিনাই কৃষক সন্মান নিধিৰ ফাইলত স্বাক্ষৰ কৰে মোদীয়ে।

৪/ কেবিনেট মন্ত্ৰী ৰাজনাথ সিং আৰু নীতিন গাডকাৰীক সাক্ষাৎ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

৫/ ভাৰতত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে।
১০ জুলাইত হ’ব ৭ খন ৰাজ্যৰ ১৩টা বিধানসভাৰ উপ-নিৰ্বাচন।
বিহাৰ, পশ্চিমবংগ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হিমাচল প্ৰদেশৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।

৬/ আজি ছিকিমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ।
মুখ্যমন্ত্ৰী হিচাপে শপত লয় SKM প্ৰমুখ প্ৰেম সিং তামাঙে।
ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে শপত লয় পি এছ তামাঙে।
পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।

৭/ ওড়িশা বিধানসভাৰ বিজেপি দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যৱেক্ষকৰ দায়িত্ব অৰ্পণ কৰে মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰ যাদৱক।

৮/ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত বিশেষ বৈঠকত মিলিত হয় ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ সৈতে।

৯/ নতুন দিল্লীত প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে সাংসদ ৰকিবুল হুছেইনে।

১০/ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত শীঘ্রেই অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।
উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি -ছিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই সমষ্টি।
ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা।

১১/ মহানগৰীৰ পাণবজাৰস্থিত নেহৰু পাৰ্কত ছাত্ৰ সংহতি দিৱস উদযাপন।
গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস।
খাদ্য আন্দোলনৰ দুই ছহিদ গজেন ইংতি আৰু পুতুল শইকীয়াক স্মৰণ কৰা হয়।

১২/ গুৱাহাটীৰ চিটী চেন্টাৰত মুকলি কৰা হয় হিন্দী চলচ্চিত্ৰ ‘KOOKI’ৰ টিজাৰ।
অসমত নিৰ্মাণ হৈছে কুকি নামৰ হিন্দী চলচ্চিত্ৰখন।
২৮ জুন তাৰিখে মুক্তি লাভ কৰিব ছবিখন।

১৩/ ১৭জুনত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল্-আজহা।
এই ঘোষণা কৰে কেন্দ্রীয় হিলাল কমিটী, অসমে।

১৪/ লখিমপুৰত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হয় ২৭জন লোক।
তাৰে ৩ গৰাকী লোক আক্ৰান্ত হয় জাপানীজ এনকেফেলাইটিছত।
আক্ৰান্তসকলৰ গৰিষ্ঠ সংখ্যকেই শিশু।
যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ে অৱগত কৰে এই তথ্য।

১৫/ গুৱাহাটীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ।
মহিলা সমিতিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় প্ৰতিবাদ।
জীৱনদায়িনী ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

১৬/ মুম্বাইত অসমীয়া অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যু।
লোখণ্ডৱালাৰ ফ্লেটত উদ্ধাৰ হয় কৰিমগঞ্জৰ নুৰ মালবিকা দাসৰ মৃতদেহ।

১৭/ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ‘ফেহুঁজালি’৷
অহা ২১ জুনত প্ৰদৰ্শিত হ’ব অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰযোজনা আৰু পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা পৰিচালিত চুটি তথ্যচিত্ৰ ফেহুঁজালি৷
ইতিমধ্যে সপ্তম নতুনদিল্লী চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হৈছে ‘ফেহুঁজালি’।

১৮/ ছত্তীশগড়ৰ বলোদাবাজাৰ জিলাত তীব্ৰ উত্তেজনাময় পৰিস্থিতি৷
জিলা আয়ুক্তৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীয়ে৷
জুইত ভস্মীভূত হয় ১০০খন বাহন, ২০০খন মটৰ চাইকেল৷

১৯/ মুম্বাই বিমানবন্দৰত ৩২ কেজিৰো অধিক সোণ জব্দ।
দুগৰাকী বিদেশী মহিলা যাত্ৰীৰ পৰা জব্দ কৰা হয় সোণখিনি।
জব্দকৃত সোণখিনিৰ বজাৰ মূল্য ১৯.১৫ কোটি টকা।
দুই মহিলাক আটক কৰে শুক্ল বিভাগে।

২০/ মৰিগাঁৱত আছুৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস পালন।
দুদিনীয়াকৈ আয়োজন কৰা সংহতি দিৱসৰ আজি অন্তিমটো দিন।
ভূৰবন্ধাত পালন কৰা হয় এই দিৱস।

প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ, নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, নীতিন গাডকাৰী, যোগী আদিত্যনাথ, বিহাৰ, পশ্চিমবংগ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হিমাচল প্ৰদেশ, ছিকিম, প্ৰেম সিং তামাং, ওড়িশা, ৰাজনাথ সিং, ভূপেন্দ্ৰ যাদৱ, বাংলাদেশ, শ্বেখ হাছিনা, ছোনীয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, নতুন দিল্লী, প্ৰিয়ংকা গান্ধী, ৰকিবুল হুছেইন, ছিদলী, বঙাইগাঁও, চামগুৰি, বিহালী, ধলাই সমষ্টি, ঈদ-উল্-আজহা, লখিমপুৰ, গুৱাহাটী, জি পি সিং, পাৰ্থ সাৰথি মহন্ত,
ছত্তীশগড়, মুম্বাই, মৰিগাঁৱ

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *