১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ মোদী 3.0ৰ প্ৰথম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷
PM আৱাস যোজনাৰ ৩ কোটি নতুন গৃহ নিৰ্মাণৰ সিদ্ধান্ত৷
সকলো ধৰণৰ সা-সুবিধা উপলব্ধ হ’ব নতুন গৃহসমূহত, নতুন গৃহত থাকিব বিশুদ্ধ খোৱাপানী, শৌচালয়৷
নতুন গৃহত থাকিব ৰন্ধন গেছ, বিজুলী যোগানৰো ব্যৱস্থা৷
সামাজিক মাধ্যমত এই সিদ্ধান্তৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
২/ মোদী ৩.০ ৰ দপ্তৰ লাভ কৰাৰ পাছতেই গৃহ মন্ত্ৰালয়ত উপস্থিত হয় অমিত শ্বাহ।
গ্ৰহণ কৰে দায়িত্বভাৰ।
৩/ দপ্তৰ লাভ কৰাৰ পাছতে কাৰ্যভাৰ গ্ৰহণ কৰে হৰদ্বীপ সিং পুৰীয়ে।
হৰদ্বীপ সিং পুৰীক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে৷
৪/ দপ্তৰ লাভ কৰাৰ পাছতেই মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ মন্ত্ৰালয়ত দায়িত্ব গ্ৰহণ কৰে জিতনৰাম মাঝিয়ে৷
মাঝিক দিয়া হৈছে MSME মন্ত্ৰালয়ৰ দায়িত্ব৷
৫/ দপ্তৰ লাভ কৰাৰ পাছতেই কাৰ্যভাৰ গ্ৰহণ কিৰেণ ৰিজিজুৱে৷
ৰিজিজুক সংসদীয় পৰিক্ৰমা, সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে৷
৬/ দপ্তৰ লাভ কৰাৰ পাছতেই উদ্যোগ ভৱনৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰে পবিত্ৰ মাৰ্ঘেৰিটা আৰু গিৰিৰাজ সিঙে।
লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পবিত্ৰ মাৰ্ঘেৰিটাক।
৭/ দপ্তৰ বিতৰণৰ পাছতেই কাৰ্যভাৰ গ্ৰহণ কৰে এছ জয়শংকৰে।
এছ জয়শংকৰক দিয়া হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব৷
৮/ দপ্তৰ লাভ কৰাৰ পাছতেই মাংগলিক কাৰ্য সমাপণেৰে কাৰ্যভাৰ গ্ৰহণ কৰে শিৱৰাজ সিং চৌহানে।
চৌহানক দিয়া হৈছে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব৷
৯/ দপ্তৰ লাভ কৰাৰ পাছতেই কাৰ্যভাৰ গ্ৰহণ ছিৰাগ পাছোৱানৰ৷
পাছোৱানক খাদ্য সংসাধন মন্ত্ৰালয়ৰ দায়িত্ব৷
১০/ দপ্তৰ লাভ কৰাৰ পাছতেই কাৰ্যভাৰ গ্ৰহণ কৰে জে পি নাড্ডাৰ৷
নাড্ডাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ দায়িত্ব।
১১/ ‘অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হ’ব অমৰাৱতী’৷
শপত গ্ৰহণৰ পূৰ্বে বিজয়ৱাড়াত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্তৰ কথা উল্লেখ কৰে এন চন্দ্ৰবাবু নাইডুয়ে৷
১২/ বিমান দুৰ্ঘটনাত মৃত্যু মালাৱিৰ উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমাৰ।
উপ-ৰাষ্ট্ৰপতিৰ লগতে আন ৯জন লোকৰ মৃত্যু হয় বিমান দুৰ্ঘটনাত।
মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে মালাৱিৰ ৰাষ্ট্ৰপতিয়ে।
১৩/ দক্ষিণ কামৰূপৰ মাৰাভিটাত হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট।
IIM নিৰ্মাণ হ’বলগীয়া স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাই।
১৪/ আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰে অখিলেশ যাদৱে৷
উত্তৰপ্ৰদেশ কৰ্হল বিধানসভাৰ বিধায়ক পদৰ পৰা কৰে পদত্যাগ৷ লোকসভা নিৰ্বাচনত জয়ী হৈছিল অখিলেশ যাদৱ৷
সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ত্যাগ কৰে বিৰোধী দলপতিৰ পদ৷
১৫/ সাংসদ হিচাপে জয়ী হোৱাৰ পাছতে বিধায়ক পদ ত্যাগ কৰে ৰকিবুল হুছেইনে।
বিধানসভাৰ অধ্যক্ষক দাখিল কৰে পদত্যাগ পত্ৰ।
সংগ দিয়ে দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছ বিধায়িনী দলে।
আনহাতে, অসম বিধানসভাৰ চেন্ট্রেল হলত কংগ্ৰেছৰ বিদায়ী অনুষ্ঠান৷
ৰকিবুল হুছেইনক বিদায় জনাবলৈ বিশেষ অনুষ্ঠান আয়োজন কৰা হয়।
লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা বিজয়ী হৈছিল ৰকিবুল হুছেইন৷
সাংসদ হিচাপে জয়ী হোৱাৰ পাছতে বিধায়কৰ পদ এৰিলে হুছেইনে৷
১৬/ এতিয়াৰে পৰা ভাৰতীয় বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত বছৰত দুবাৰকৈ হ’ব নামভৰ্তি প্ৰক্ৰিয়া।
নামভৰ্তিৰ বাবে অনুমোদন প্ৰদান UGCৰ।
এই কথা প্ৰকাশ কৰে UGCৰ চেয়াৰমেন জগদেশ কুমাৰে।
বিদেশৰ প্ৰখ্যাত বিশ্ববিদ্যালয়ৰ নেতত্বত হ’ব নামভৰ্তি প্ৰক্ৰিয়া।
১৭/ ২৪, ২৫ জুনত শপত ল’ব দেশৰ নৱ নিৰ্বাচিত সাংসদসকলে।
২৬ জুনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন।
১৮/ ‘১৫ আগষ্টৰ পূৰ্বে ৰাজ্যত ঘোষণা হ’ব উপ-জিলাসমূহ।
প্ৰতিটো মহকুমা উন্নীত হ’ব উপ-জিলা পৰ্যায়লৈ।
এই সন্দৰ্ভত চলি আছে যাৱতীয় কাম-কাজ’।
ঘোষণা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।
১৯/ উত্তৰ প্ৰদেশত আজিৰে পৰা কংগ্ৰেছে উলিয়ায় ‘ধন্যবাদ যাত্ৰা’৷
১১জুনৰ পৰা ১৫জুনলৈ এই ‘ধন্যবাদ যাত্ৰা’৷
৪০৩টা বিধানসভা সমষ্টিত ‘ধন্যবাদ যাত্ৰা’ উলিয়ায় কংগ্ৰেছে৷
হাছানপুৰ বিধানসভা সমষ্টিৰ পৰা ধন্যবাদ যাত্ৰাৰ আৰম্ভণি৷
২০/ নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াৰে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক।
খানাপাৰা স্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় বৈঠক ।
পৌৰ নিগম আৰু পৌৰসভাৰ কাম-কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে
Sangita Dutta Editor in Chief Rnewsindia24.com