Arunachal Pradesh

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদ।

14 June 2025 :- 

১/ অৰুণাচলত আজি নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান।
ইটানগৰ দৰ্জী খাণ্ডু ৰাজ্যিক কনভেনচন চেন্তাৰত অনুষ্ঠিত হয় অনুষ্ঠান।
তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয় পেমা খাণ্ডুয়ে।
অনুষ্ঠানত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ, মন্ত্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।

২/ ডিব্ৰুগড়ত উপস্থিত জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।
খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
লগতে ‘অহা বছৰৰ পৰা ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ খহনীয়াৰ পৰা মুক্ত হ’ব’ বুলি মন্তব্য কৰে।

৩/ তৃতীয়বাৰৰ বাবে NSAৰ দায়িত্ব অজিত ডোভালক৷
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্ব দিয়া হয় পি কে মিশ্ৰাক৷

৪/ আজি প্ৰতিৰক্ষা বিভাগৰ আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰে ৰাজনাথ সিঙে।

৫/ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৬/ যমদুৱাৰ ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ অধ্যক্ষ ছেলেষ্টাইন ছেলিষ্ঠ দৈমাৰীক নিলম্বন।
অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত অধ্যক্ষ গৰাকীক নিলম্বন কৰে।

৭/ আগন্তুক ৫ জুলাইত কেৰালা বিশ্ববিদ্যালয়ত অভিনেত্ৰী ছানী লিয়নীৰ আছিল বিশেষ অনুষ্ঠান।
কিন্তু অনুষ্ঠান বাতিল কৰিবলৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই নিৰ্দেশ দিয়ে।
বাহিৰৰ কোনো শিল্পী বা বেণ্ডৰ অনুষ্ঠান বিশ্ববিদ্যালয় চৌহদত নহয় বুলি মন্তব্য কৰে উপাচাৰ্যগৰাকীয়ে৷

৮/ আজিৰে পৰা দুদিনীয়াকৈ ইটালীত G7 শিখৰ সন্মিলন৷
সন্মিলনত অংশ লোৱাৰ বাবে ইটালীলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

৯/ বয়নশিল্পী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ ৰূপকোঁৱৰ স্মাৰক বঁটা-২০২৪। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ১৭ জুনত প্ৰদান কৰিব এই বঁটা।

১০/ অম্বুবাচী মেলাৰ বাবে কামৰূপ মেট্ৰ’ জিলাত সাময়িকভাবে স্থগিত প্ৰথম গোট পৰীক্ষা ।
কামৰূপ মেট্ৰ’ জিলাৰ IS-DEEO দীপিকা চৌধুৰীয়ে জাৰি কৰে এই নিৰ্দেশনা।
২২-২৬ জুনলৈ অনুষ্ঠিত নহয় পৰীক্ষা।
উল্লেখ্য, ২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা।

১১/ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত গ্ৰীষ্ম প্ৰৱাহৰ বাবে ৰেড এলাৰ্ট।
ৰেড এলাৰ্ট জাৰি কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।
১৩-১৬ জুন পৰ্যন্ত উত্তৰ-পূবত প্ৰৱল বৃষ্টিপাতৰ আশংকা।

১২/ মৰিগাঁও জিলাত প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞা৷
আজি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ১৪৪ ধাৰা জাৰি কৰে।
সমাজ বিৰোধী ভাবুকি লৈ লক্ষ্য ৰাখি এই ধাৰা জাৰি কৰা হয়।

১৩/ NEETৰ পৰীক্ষা বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
গ্ৰেচ মাৰ্কপ্ৰাপ্ত শিক্ষাৰ্থীৰ বাবে পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা।
২৩ জুনত অনুষ্ঠিত হ’ব পৰীক্ষা।
NTA-এ জনাই উচ্চতম ন্যায়ালয়ক।

১৪/ মধ্য আফ্ৰিকাৰ দেশ কংগোত ভয়ংকৰ নাও দুৰ্ঘটনা।
নাও ডুবি ৮৬ জনকৈ লোকৰ মৃত্যু হয়।
কৱা নৈত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে কংগোৰ ৰাষ্ট্ৰপতিয়ে।

১৫/ আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হয় পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিখন দুৱাৰ।
ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ এই পদক্ষেপ।
ওড়িশা কেবিনেটৰ প্ৰথমখন বৈঠকতে এই সিদ্ধান্ত।
কোভিড মহামাৰীৰ সময়ৰ পৰাই বন্ধ আছিল দ্বাৰকেইখন।

১৬/ শোণিতপুৰৰ ১২ মাইলত ৬ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ।
এখন বাহনৰ পৰা ৰঙাপৰা আবকাৰী বিভাগে জব্দ কৰে সুৰাখিনি।
অৰুণাচলৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল অৰুণাচলী সুৰাখিনি।

১৭/ জাগীৰোডত লাখ লাখ নিষিদ্ধ থাইলেণ্ড মাগুৰৰ পোনা জব্দ।
আৰক্ষী, মীন বিভাগে ধ্বংস কৰে জব্দকৃত মাছৰ পোনাসমূহ।
কেন্সাৰৰ বাহক ৰূপে প্ৰতিপন্ন হৈছে এই থাইলেণ্ড মাগুৰ মাছ।
২০০০ চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে নিষিদ্ধ কৰিছে মাছবিধ।

১৮/ মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
ভিন্ন স্থানৰ পৰা ১০জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
মায়ং, লাহৰীঘাট, ভূৰাগাঁও, বৰছলা, মৈৰাবাৰীত চলিছিল অভিযান।
অপৰাধী কেইটাৰ পৰা জব্দ কৰে মোবাইল ফোন, লেপটপ, ভুৱা পানকাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক।

১৯/ উত্তৰাখণ্ডৰ অলমোৰাৰ বিনছা বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড৷
জুই লাগি বন বিভাগৰ ২জন বিষয়াসহ ৪গৰাকী কৰ্মচাৰীৰ মৃত্যু হয়৷
বনাঞ্চলত লগা জুই নিৰ্বাপণৰ বাবে গৈছিল বন বিভাগৰ দল৷
হঠাৎ জুই লাগিছিল কৰ্মচাৰী যোৱা বন বিভাগৰ বাহনত৷

২০/ চানডুবিৰ বাৰেগাঁও জলপ্ৰপাতত অঘটন৷
জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ মৃত্যু হয় যুৱকজন।
মৃত যুৱকজন হেমাংগ মজুমদাৰ৷
বন্ধুৰ সৈতে হেমাংগ গৈছিল জলপ্ৰপাত চাবলৈ৷
নিষিদ্ধ ঠাইত নামি গা ধুইছিল ৪ বন্ধুবৰ্গই৷

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *