৩/ উপ-মুখ্যমন্ত্ৰী হিচাপে জনসেনা পাৰ্টীৰ পৱন কল্যানে শপতগ্ৰহণ কৰে।অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
লগতে দক্ষিণ ভাৰতৰ ছবি জগতৰ মেগাষ্টাৰসকল।
৫/ জনতা ভৱনৰ সভাকক্ষত ট্ৰান্সজেণ্ডাৰ কল্যাণ বোর্ডৰ গুৰুত্বপূৰ্ণ বৈঠক৷
মন্ত্ৰী পীযূষ হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক।
বৈঠকত ট্ৰান্সজেণ্ডাৰসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে পৰ্য্যালোচনা কৰা হয় আৰু এই সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
৬/ আজি আনুষ্ঠানিকভাৱে বিধায়ক পদ ত্যাগ কৰে জয়ন্ত বসুমতাৰীয়ে।
২৪ জুনৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ অধিৱেশন।
এই অধিৱেশনতে শপত ল’ব নৱনিৰ্বাচিত সাংসদগৰাকীয়ে।
৭/ ইটালীত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰে খালিস্তানী উগ্ৰপন্থীয়ে।
বুধবাৰে সংঘটিত হয় এই ঘটনা।
G7 সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালী ভ্ৰমণৰ পূৰ্বে সংঘটিত হয় এই ঘটনা।
৮/ দক্ষিণ কুৱেইটৰ এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড।
দক্ষিণ কুৱেইটৰ মংগাফ চহৰৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড।
ঘটনাত প্ৰায় ডেৰ শতাধিক লোক অগ্নিদগ্ধ হয়।
ঘটনাত শোক প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।