মিচিং স্বায়ত্বশাসিত পৰিষদ।
১/ আজি নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
১৬০০ বছৰ পুৰণি বিশ্ববিদ্যালয়খনৰ নতুন চৌহদ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেন্দ্ৰীয় মন্ত্ৰী সকল।
২/ ৩০ জুনৰ পৰা পুনৰ সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান।
পূৰ্বৰ দৰেই ৰাইজৰ সঁহাৰি বিচাৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰলৈ ‘মন কী বাত’ অনুষ্ঠান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
৩/ জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত
সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা (CMSGUY) সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত বিভিন্ন বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ শেহতীয়া স্থিতি, কাৰ্যকৰী মূলধন, পুঁজি বিতৰণ সম্পৰ্কীয় বিষয়ত আলোচনা কৰা হয়।
উক্ত বৈঠকত মন্ত্ৰী ক্ৰমে ডাঃ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, ইউ জি ব্ৰহ্ম, বিমল বড়া, যোগেন মহন, মুখ্য সচিব শৰবি কোটা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ।
৪/ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত
এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত অধ্যক্ষতা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই।
উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য মন্ত্ৰী সকল।
৫/ ধুলা থানাৰ SI উৎপল বৰাক চাকৰিৰ পৰা বৰ্খাস্ত।
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰে এই তথ্য।
ধুলা আৰক্ষী থানাত কৰ্মৰত অৱস্থাত ভয়ংকৰ দুৰ্নীতি আৰু অপৰাধীৰ পক্ষত থিয় দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল উৎপল বৰা।
৬/ ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীত Signing ceremony অনুষ্ঠান।
অনুষ্ঠানত ৰিয়ান পৰাগক ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
৭/ বজালীৰ বান পৰিস্থিতিৰ বুজ ল’লে নৱ-নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে।
পহুমৰা নৈৰ মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ঠিকাদাৰক।
৮/ ‘ভুৱা নথি দাখিল কৰা NEET পৰীক্ষাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব NTA-এ’।
এই কথা স্পষ্ট কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
NEET পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে এই কথা সদৰী কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
৯/ নিউজীলেণ্ড জাতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব ত্যাগ কৰে কেন উইলিয়ামচনে।
লগতে নাকচ কৰে নিউজীলেণ্ডৰ ক্ৰিকেট ব’ৰ্ডে ২০২৪-২৫ ছিজনৰ বাবে কৰা চুক্তিৰ প্ৰস্তাৱ।
১০/ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী ছাৰ ৱেছলী হলক সাক্ষাৎ কৰে বিৰাট কোহলিয়ে।
কোহলিক উপহাৰ দিয়ে ৱেছলী হল স্বাক্ষৰিত আত্মজীৱনী ।
১১/ ৩ জুলাইলৈ বৃদ্ধি কৰা হয় অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ।
৫ জুনত দিল্লী আদালতে নাকচ কৰিছিল কেজৰিৱালৰ জামিন আৱেদন।
দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ গোচৰত কাৰাবন্দী অৰবিন্দ কেজৰিৱাল।
১২/ ফিনলেণ্ডত অনুষ্ঠিত পাভো নুৰ্মী গেমছত স্বৰ্ণ পদক লাভ কৰে নীৰজ চোপ্ৰাই।
৮৫.৭৯ মিটাৰ নিক্ষেপেৰে শীৰ্ষস্থানত নীৰজ চোপ্ৰাৰ।
১৩/ কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভাগত বৃহৎ সিদ্ধান্ত৷
মহাৰাষ্ট্ৰত বন্দৰ নিৰ্মাণৰ বাবে ৭৬,২০০ কোটি টকাৰ প্ৰকল্পত অনুমোদন।
১৪/ কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন।
ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু হয়।
বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা।
১৫/ ডিব্রুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।
ছাত্রীক অশালীন ব্যৱহাৰ কৰি এজন যুৱক আৰক্ষীৰ জালত পৰে।
যুৱক গৰাকীৰ নাম বিশাল কৰ্মকাৰ।
বিশ্ববিদ্যালয়ৰ ছাত্রই খেদি খেদি কৰায়ত্ত কৰে বিশালক।
১৬/ শিলচৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ।
বিষ্ণুপুৰ আৰু চুড়াচান্দপুৰ অঞ্চলৰ পৰা ৰাইফল, মেগজিনসহ, হস্তনিৰ্মিত গ্ৰেণেড, সক্ৰিয় গুলী জব্দ কৰে।
১৭/ মহানগৰীৰ ৰুক্মিণীগাঁৱত STF ৰ অভিযান।
অভিযানত ৩৪ কণ্টেইনাৰত ৬৯ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়।
লগতে দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।
১৮/ বশিষ্ঠ আৰক্ষীৰ জালত পৰে অৰুণাচলৰ সুৰামগ্ন ব্যক্তি।
নাম ৰাজেশ দাস৷
কাহিলিপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সুৰামগ্ন গৰাকীক৷
৪ জুনত অৰুণাচলৰ পৰা বিহাৰলৈ ট্ৰাকেৰে সৰবৰাহ কৰিছিল সুৰা৷
১৯/ মণিপুৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ অভিযান।
বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ সংযোগী খুজাইৰোক তুৰেলত চলাই অভিযান।
অভিযানত পিষ্টল, মেগজিনসহ গ্ৰেনেড জব্দ কৰে।
২০/ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড গৰমৰ প্ৰকোপ৷
গাজিয়াবাদত বিগত ২৪ ঘন্টাত ৩০জন লোকৰ মৃত্যু হয়।
Sangita Dutta Editor in Chief Rnewsindia24.com