১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ দেশত অহা ১ জুলাইৰ পৰা কার্যকৰী হ’বলগীয়া তিনিখন নতুন আইনৰ বাবে সম্পূর্ণৰূপে সাজু হয় অসম আৰক্ষী।
প্ৰয়োজনীয় সকলো প্ৰশিক্ষণ আৰক্ষী বিষয়াসকলক প্ৰদান কৰা হৈছে।
এই কথা সদৰি কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।
২/ প্ৰৱল বৃষ্টিপাতৰ ফলত ৰাম মন্দিৰৰ চাদেৰে নিগৰে পানী।
বৰষুণৰ পানী নিষ্কাষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মন্দিৰৰ পুৰোহিতৰ।
মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে সদৰী কৰে এই কথা।
৩/ শিক্ষক সমাজলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা বিভাগৰ।
গ্ৰীষ্মবন্ধৰ সময়তে সম্পন্ন হ’ব শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া।
শিক্ষকে শিক্ষাসেতুত আপলোড কৰিব লাগিব পাঠদান কৰা বিষয়।
মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে জাৰি কৰে নিৰ্দেশনা ।
৪/ লোকসভাৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰে কংগ্ৰেছ সাংসদ কে সুৰেশে।
NDAৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ওম বিৰলাই।
৫/ NEET, NET পৰীক্ষাৰ বিতৰ্কৰ মাজতে UPSCৰ বিশেষ সিদ্ধান্ত।
পৰীক্ষাত নকল ব্যৱস্থা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে AI-ভিত্তিক CCTV পৰিসেৱাৰ ব্যৱস্থা কৰা হয়।
৬/ দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আমৰণ অনশনৰ মাজতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আতিশী।
দিল্লীৰ তীব্ৰ জলসংকটক লৈ আমৰণ অনশনত বহিছিল মন্ত্ৰীগৰাকী।
দ্ৰুতভাৱে ৰক্তচাপ হ্ৰাস পোৱাত অসুস্থ হৈ পৰে আতিশী মাৰ্লেনা।
৭/ ৰাজ্যত পুনৰ সৰ্প দংশনত শিশুৰ মৃত্যু।
বকোৰ মন্দিৰা এন চিত সৰ্প দংশনত নিহত হয় ৬ বছৰীয়া কন্যা শিশু।
ঘৰৰ ভিতৰতে সৰ্পই দংশন কৰে তছলিমা বেগম নামৰ শিশুটিক।
৮/ আজি নিশা নিবৃত্তি হ’ব অম্বুবাচী মহাযোগৰ।
নিবৃত্তিৰ পিছত কাইলৈ পুৱা খোল খাব মন্দিৰৰ দুৱাৰ।
পুৱাৰে পৰা নীলাচল পাহাৰলৈ অগণন ভক্তৰ লানি নিছিগা সোঁত।
৯/ ছয়গাঁৱৰ ঔদ্যোগিক পামত উপস্থিত মন্ত্ৰী বিমল বৰা৷
মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে কেইবাটাও কোম্পানীৰ ফেক্টৰী।
১০/ নগাঁৱৰ ৰণথলি ৰজাভেটিত শোকাৱহ ঘটনা৷
বজ্ৰপাতত থিতাতে মৃত্যু হয় দুই ভাতৃৰ৷
নিহত ভাতৃদ্বয় যুগল বৰা আৰু নৱদ্বীপ বৰা৷
১১/ ৰাজনীতিৰ পৰা সন্যাস লয় ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই৷
ছয়বাৰকৈ নিৰ্বাচনত পৰাজয়ৰ মুখ দেখাৰ পাছত এই সিদ্ধান্ত ভূটিয়াৰ৷
১২/ ৰাহুল গান্ধী হ’ব লোকসভাত বিৰোধী দলৰ নেতা৷
ইতিপূৰ্বে CWC-এ ৰাহুল গান্ধীক অৰ্পণ কৰিছিল এই দায়িত্ব৷
AICCৰ নেতৃত্বৰ প্ৰস্তাৱক তাৎক্ষণিকভাৱে স্বীকাৰ কৰা নাছিল ৰাহুল গান্ধীয়ে৷
INDI মৰ্চাৰ বৈঠকৰ অন্তত ঘোষণা কৰে কংগ্ৰেছ নেতা কে চি বেণুগোপালে।
১৩/ কাছাৰৰ জিৰিঘাটত উপস্থিত IGP প্ৰশান্ত কুমাৰ ভূঞা।
জিৰিঘাটৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত বুজ ল’লে IGP গৰাকীয়ে।
১৪/ তিনিচুকীয়াত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় চৰকাৰী কৰ্মচাৰী।
দুৰ্নীতি নিবাৰক শাখাৰ জালত মাকুমৰ CDPO অনুপমা গোহাঁই গ্ৰেপ্তাৰ হয়।
১৫/ সদৌ টাই আহোম ছাত্র সন্থাৰ লাহোৱাল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈৰ অকাল মৃত্যু।
এক পথ দুৰ্ঘটনাত মৃত্যু হয় ছাত্ৰনেতাজনৰ।
১৬/ মহানগৰীৰ মাজমজিয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।
ভাড়াঘৰৰ ভিতৰত প্ৰেমিকৰ সৈতে লগ লাগি পত্নীয়ে গামোচাৰে ডিঙি চেপি হত্যা কৰে এগৰাকী CRPFৰ জোৱানক।
অবৈধ প্ৰেমিকৰ সৈতে পত্নীৰ সম্পৰ্কৰ কথা ফাদিল কৰিছিল জোৱানজনে।
জোৱানজনৰ নাম দিতুমণি হালৈ।
১৭/ পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব ইকুৱেষ্ট্ৰিয়ান খেলুৱৈ অনুষ আগৰৱালাই।
আগৰৱালাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে EFI-এ।
১৮/ অশান্ত মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত পুনৰ উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।
পশ্চিম ইম্ফল জিলাৰ কাদাংবণ্ডৰ পৰা উদ্ধাৰ কৰে এটা ৰাইফল, তিনিটা পইণ্ট 32 পিষ্টল, এটা 9mm পিষ্টল, এটা কাৰ্বাইন, এটা SLR, তিনিটা বেৰেল গান।
নিৰাপত্তা বাহিনীয়ে উত্খাত কৰে এটা বাংকাৰো।
১৯/ চিৰাঙৰ বিজনীত মাৰণাস্ত্ৰসহ ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ৷
ধৃত ২ চোৰাং চিকাৰীৰ পৰা
জব্দ কৰে বন্যজন্তুৰ অংগ, দুটা হস্তনিৰ্মিত বন্দুক, এটা হৰিণাৰ শিং, কেটেলা পহুৰ কাঁইট, ধনু-কাঁড়৷
নাম কালিচৰণ বসুমতাৰী, মাইছৰাং গয়াৰী৷
২০/ গুৱাহাটীলৈ অনা হয় নুনমাটিৰ নিৰুদ্দিষ্ট ৩ কিশোৰীক।
নিউ জলপাইগুৰিৰ পৰা ৩ কিশোৰীক উদ্ধাৰ নুনমাটি আৰক্ষীৰ।
নুনমাটি আৰক্ষীৰ এটা দলে গুৱাহাটীলৈ লৈ আনে তিনিওকে।
গুৱাহাটীৰ পৰা পশ্চিমবংগলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৩ কিশোৰীয়ে।
সোমবাৰে বিদ্যালয়লৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ৩ কিশোৰী।
Sangita Dutta Editor in Chief Rnewsindia24.com