মিচিং স্বায়ত্বশাসিত পৰিষদ।
১/ অসমবাসীৰ বাবে সু-খবৰ।
২০২৪ৰ অস্কাৰ সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে ভাৰত গৌৰৱ বিশিষ্ট বোলছবি নিৰ্মাতা ৰীমা দাস।
২/ লোকসভাত বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় ৰাহুল গান্ধী।
কংগ্ৰেছৰ সংসদীয় দলৰ কাৰ্যালয়ত ৰাহুল গান্ধীক সম্বৰ্ধনা জ্ঞাপন কৰে দলীয় বিষয়ববীয়াই।
৩/ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ ফলত গলি যায় আব্ৰাহম লিংকনৰ মমৰ মূৰ্তি।
ৱাছিংটন ডিচিত ৩৭.৭ ডিগ্ৰী ছেলচিয়াছলৈ বৃদ্ধি হয় তাপমাত্ৰা।
এখন বিদ্যালয়ৰ বাহিৰত আছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ৬ ফুট উচ্চতাৰ এই মমৰ মূৰ্তি।
৪/ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা।
‘প্ৰায় ৭০ বছৰে যিটো হোৱা নাছিল, আপোনাৰ অধ্যক্ষতাত আজিৰ সদনে সেয়া কৰি দেখুৱালে’।
সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য।
৫/ অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে CBI এ।
আদালত কক্ষত কেজৰিৱালক জেৰাৰ বাবে CBIক অনুমতি দিল্লীৰ ৰ’জ এভিনিউ আদালতৰ।
উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কৰা জামিন আৱেদন প্ৰত্যাহাৰ অৰবিন্দ কেজৰিৱালৰ।
৬/ আজি লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত ভোট দিব নোৱাৰিলে ৭ সাংসদে।
শপত গ্ৰহণ নকৰাৰ বাবেই নোৱাৰিব ভোটদান কৰিব।
শপত নল’লে TMCৰ ৩ গৰাকী, কংগ্ৰেছৰ এজন সাংসদ, নিৰ্দলীয় দুজন আৰু সমাজবাদী পাৰ্টিৰ এজন সাংসদে।
৭/ মহানগৰীৰ বশিষ্ঠ থানাৰ ৪ আৰক্ষীক ৰিজাৰ্ভ ক্ল’জড।
বশিষ্ঠৰ মাৰপিট কাণ্ডৰে জড়িতৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড- SI পৰাগ বৰ্মন, ধ্যানজ্যোতি তামুলী, তীৰ্থ ডেকা, LC কল্পজ্যোতি নেওগক।
বিভাগীয় তদন্তৰ খাতিৰত আটাইকেইজনক ৰিজাৰ্ভ ক্ল’জড।
৮/ বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা।
এগৰাকী গাঁও পঞ্চায়তৰ সচিবলৈ লক্ষ্য কৰি গুলীচালনা।
দুৰ্বৃত্তৰ গুলীত নিহত হয় চন্দ্রকান্ত দাস।
চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্রকান্ত দাস।
৯/ আন্তঃৰাষ্ট্ৰীয় লিডাৰশ্বীপ অনুষ্ঠান ‘আই ভি এল পি’ ত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকনে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক চৰকাৰে ১৯৪০ চনৰ পৰা অনুষ্ঠিত কৰি আহিছে এই অনুষ্ঠান।
বিশ্বৰ আগশাৰীৰ প্ৰতিখন দেশৰ প্ৰতিনিধিৰ সৈতে অংশগ্ৰহণ কৰে বৰ্ণালী ফুকনে।
১০ গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ২৩ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় বাস্কেটবল চেম্পিয়নশ্বিপ।
এই সন্দৰ্ভত গুৱাহাটীত অসম বাস্কেটবল সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত অংশগ্ৰহণ কৰে অসম বাস্কেটবল সন্থাৰ চীফ পেট্ৰ’ন ৰিণিকি ভূঞা শৰ্মা, সন্থাৰ সভাপতি পল্লৱলোচন দাস, ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বাস্কেটবল সন্থাৰ বিষয়ববীয়াৰ।
১১/ অসমত আৰু ৫ দিনলৈ বৰষুণ অহাৰ সম্ভাৱনা।
বতৰ বিজ্ঞানীসকলে জাৰি কৰে আগজাননী।
১২/ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য বিৰোধী দিৱস।
লামডিং ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ GRP উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰে।
১৩/ APSCৰ SITৰ IOৰ দায়িত্বৰ পৰা পদত্যাগ কৰে প্ৰতীক থুবে৷
নতুন তদন্তকাৰী বিষয়া হ’ব DSP উপেন কলিতা৷
১৪/ GSTক লৈ ব্যৱসায়ীসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গঠন কৰে এখন কেবিনেট কমিটি।
তিনিখন জিলাৰ প্ৰতিনিধিৰে গুৱাহাটীৰ কৰ ভৱনত বিশেষ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত উপস্থিত থাক বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অশোক সিংঘাল, কৰ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকল।
১৫/ বিহাৰত ২৪ ঘণ্টাত বজ্ৰপাতত ৮ জনৰ মৃত্যু হয়।
বিহাৰৰ ৬খন জিলাত হোৱা বজ্ৰপাতত মৃত্যু হয় ৮জন লোকৰ৷
১৬/ জোনাই পশ্চিম চিমেন চাপৰি আদৰ্শ হাইস্কুল, জোনাই টাউন হাইস্কুল, ৰামধন ধিকাৰী স্কুল, ৰাজাখানা হাইস্কুল, চমকং হাইস্কুলৰ পুথিভঁৰাল সমূহ শুভ উদ্বোধন কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।
লগতে গালী ডেপী নদী, ৰাজাখানা নদীৰ পাৰ্কুপাইন স্ক্ৰিনিং কামৰ শুভাৰম্ভ কৰে।
বিধায়ক গৰাকীক সংগ দিয়ে কেন্দ্রীয় শ্ৰমিক শক্তিৰ সাধাৰণ সম্পাদক অতুল পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায় আৰু বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে।
১৭/ নিউ বঙাইগাঁও জংচনত GRPৰ অভিযান।
কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ কৰে ১৮ টুকুৰা সোণৰ বিস্কুট আৰু বিদেশী মুদ্ৰাও।।
সোণখিনিৰ ওজন প্ৰায় ৩৬০ গ্ৰাম।
অভিযানত আটক কৰা হয় ৪ জন লোকক।
আটক আব্দুল ৰহমান, মধু কুমাৰ, ৰাজকুমাৰ কালিয়াপেৰুমাল, প্ৰাগাদিস্বৰণ পিভিআৰক ।
১৮/ নিধি বেংকৰ স্বত্বাধিকাৰী ঋতুপৰ্ণ পাঠকক গ্ৰেপ্তাৰ৷
দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল ঋতুপৰ্ণ পাঠক৷
বেংক খুলি প্ৰতাৰণা কৰিছিল গ্ৰাহকক ।
১৯/ মহানগৰীৰ ফাঁচীবজাৰৰ জাহাজঘাটত অঘটন৷
চিলিণ্ডাৰ বিস্ফোৰণত এজন শ্ৰমিক নিহত হয়।
আহত হয় ৮ জনকৈ শ্ৰমিক।
২০/ তামুলপুৰত পেট্ৰ’ল ভৰ্তি টেংকাৰত অগ্নিকাণ্ড৷
আৰক্ষী থানাৰ সন্মুখতে জ্বলিল দুৰ্ঘটনাগ্ৰস্ত এখন টেংকাৰ৷
শিলিগুৰিৰ পৰা ভূটানলৈ গৈছিল টেংকাৰখন।
অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে দুটাকৈ পৰিয়ালৰ৷
Sangita Dutta Editor in Chief Rnewsindia24.com