১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়।
বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ সমূহ মন্ত্ৰী বিষয়া।
২/ গুৰুতৰভাৱে অসুস্থ লালকৃষ্ণ আদৱানী।
দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীজনক।
সম্প্ৰতি সুস্থিৰ ৯৬ বছৰীয়া আদৱানীৰ স্বাস্থ্যৰ অৱস্থা।
৩/ নলবাৰীত কেবিনেট বৈঠকৰ পাছতে সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাৰ-
ক) ‘নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়, হৰি মন্দিৰকে ধৰি ৪টা মন্দিৰলৈ ১২ কোটি টকাৰ ঘোষণা’।
খ) ‘নলবাৰীৰ ঘগ্ৰাপাৰত হ’ব নতুন উৰণসেতু’।
গ) ‘বুঢ়াদিয়া আৰু মৰা পাগলাদিয়া নদীৰ নিৰ্মাণ হ’ব নতুন মথাউৰি’।
ঘ) ‘CMAAA আঁচনিৰ অধীনলৈ আহিব OBB শিক্ষক’ ।
ঙ) ‘এতিয়াৰে পৰা বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলে হে ভৰিব লাগিব জৰিমনা।
নথি-পত্ৰ সম্পূৰ্ণ নাথাকিলেও ভৰিব নালাগে জৰিমনা।
আইনৰ আওতালৈ আহিব নথি-পত্ৰ সম্পূৰ্ণ নথকা ব্যক্তি।’
চ) ‘ৰাজ্যত নতুনকৈ সৃষ্টি কৰা হ’ব ৩৫ হাজাৰ শিক্ষকৰ পদ’।
৪/ ছাত্ৰক প্ৰহাৰ কৰা SI প্ৰাঞ্জল ফুকনক নিলম্বন।
DGPৰ নিৰ্দেশত নিলম্বন প্ৰাঞ্জল ফুকনক।
ঘটনাৰে জড়িত ২ কনিষ্টবলকো দ্বিতীয় আৰক্ষী বেটেলিয়নলৈ ক্ল’জড।
লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান মাৰ্ঘেৰিটাৰ SDPOক ।
৫/ ‘চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ কৃষকক ৩.২০ লাখ কোটি টকা প্ৰদান কৰিছে।
দেশৰ কৃষিখণ্ডৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে।
দ্ৰুতগতিত বৃদ্ধি পাইছে জৈৱিক সামগ্ৰীৰ চাহিদা’।
লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত এই মন্তব্য দ্ৰৌপদী মুৰ্মূৰ।
৬/ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ’ব স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন।
বিধানসভা সচিবালয়ত স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন।
বিধানসভাৰ পুৰণি ভৱনত ২৮ আৰু ২৯ জুন তাৰিখে দুদিনীয়াকে অনুষ্ঠিত হ’ব এই সন্মিলন।
সন্মিলনৰ পূৰ্বে সংবাদমেল সম্বোধন কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
ৰাজ্যৰ ১০খন স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধিয়ে অংশ ল’ব সন্মিলনত।
৭/ মধ্যপ্ৰদেশত CAAৰ জৰিয়তে ৩ গৰাকীক নাগৰিকত্ব প্ৰদান কৰা হয়।
৮/ কামৰূপৰ চাংসাৰিত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
আদৰ্শ বিদ্যালয়ৰ গৃহ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই।
৯/ শৰণীয়া কছাৰী জনগোষ্ঠীলৈ সু-খবৰ ৰাজ্য চৰকাৰৰ৷
শৰণীয়া কছাৰীসকলে পাব জনজাতিৰ প্ৰমাণ-পত্ৰ৷
১৭ মাহে বন্ধ হৈ থকা প্ৰমাণ-পত্ৰ লাভ কৰিব এতিয়াৰে পৰা৷
এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় শৰণীয়া কছাৰী ছাত্ৰ সন্থাই৷
১০/ দিল্লীৰ জলসংকটক লৈ বিজেপিৰ ব্যাপক প্রতিবাদ।
ৰাজপথৰ লগতে দিল্লী পৌৰ নিগমতো প্রতিবাদ সাব্যস্ত কৰে বিজেপিৰ পাৰিষদসকলে।
অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি বিজেপি পাৰিষদসকলে অচল কৰি দিয়ে MCDৰ কাম-কাজ।
১১/ ঢকুৱাখনা কাণ্ডৰ দায়িত্ব অৰ্পণ CIDক।
Xৰ জৰিয়তে এই কথা জনাই DGP জি পি সিঙে।
১২/ বৃদ্ধি হ’ল চৰকাৰী সেৱাৰ মাচুল।
নতুন সংস্থা পঞ্জীয়ন ২,০০০ৰপৰা ২,৫০০লৈ।
সংস্থা নবীকৰণ ২,০০০ৰ পৰিৱৰ্তে ২,৫০০লৈ।
ডুপ্লিকেট প্ৰমাণ পত্ৰ ২,০০০ৰ পৰা ২,৫০০লৈ।
সংস্থা গঠনৰ প্ৰমাণ পত্ৰ ৫০০ৰ পৰা ১০০০লৈ।
সংস্থাৰ সদস্য সলনি শূন্যৰ পৰিৱৰ্তে ২,০০০লৈ বৃদ্ধি।
সংস্থাৰ হিচাপ দাখিল শূন্যৰ পৰিৱৰ্তে ১০০০টকা ।
বিত্ত বিভাগে জাৰি কৰে এই নতুন নিৰ্দেশনা।
১৩/ বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
হাস্পতাল খনৰ লগত বৰপেটা সত্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
১৪/ কেজৰিৱালক প্ৰদান কৰা হ’ল বেল্ট।
বেল্ট নোহোৱাৰ বাবে অসুবিধাৰ বিষয়ে আবেদন কৰিছিল আদালতত।
আদালতে অনুমোদন জনালে কেজৰিৱালৰ আবেদনত।
তিনি দিনৰ CBIৰ জিম্মাত থকাৰ সময়ত কেজৰিৱালক দিয়া হয় কেইবাটাও সুবিধা।
১৫/ নেপালত ভূমিস্খলনত ১৪জনকৈ লোকৰ মৃত্যু।
বিগত ২৪ ঘণ্টাত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হয় বান।
ভূমিস্খলনৰ লগতে বজ্ৰ পৰি নিহত হয় বহুকেইজন লোক।
দুৰ্গতক সহায়ৰ বাবে তৎপৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগ।
১৬/ সৰ্বকালৰ অভিলেখ ৰচিলে শ্বেয়াৰ বজাৰে।
বেংকৰ ষ্ট’ক বৃদ্ধি পোৱাৰ পাছতে সৰ্বকালৰ সৰ্বোচ্চ স্থান দখল কৰে নিফটীয়ে।
৭৯ হাজাৰ অতিক্ৰম কৰিলে ছেনছেক্সে।
১৭/ শিৱসাগৰৰ হালোৱাটিঙত বাৰ্মিজ চুপাৰি জব্দ কৰা হয়।
বাৰ্মিজ চুপাৰিভৰ্তি এখন ট্ৰাক জব্দ কৰে।
ট্ৰাকখনত আছিল প্ৰায় ৪০ লাখ টকাৰ বাৰ্মিজ চুপাৰি।
১৮/ মহানগৰীৰ চচলত B. Pharm আৰু D. Pharm উত্তীৰ্ণ শিক্ষাৰ্থীৰ প্রতিবাদ।
ডেৰ বছৰতকৈ অধিক সময় ফাৰ্মাচিষ্টসকলৰ পঞ্জীয়ন বন্ধ থকাৰ বাবে সমস্যাত পৰিছে শিক্ষাৰ্থীসকল।
অসম ফাৰ্মাচী পৰিষদৰ ভূমিকাত অসন্তুষ্ট প্রতিবাদী শিক্ষাৰ্থী সকল।
১৯/ বাস্কেট বল ক’ৰ্টত আধিপত্য চীনৰ ‘Cheat Code’জাং জিয়ুৰ।বিশ্বৰ আটাইতকৈ ওখ যুৱতী জাং জিয়ুৰ টুৰ্ণামেণ্টত সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বাধিক স্ক’ৰ সংগ্ৰহ ।
১৭ বছৰীয়া জাং জিয়ুৰ উচ্চতা ৭.৩ ফুট ।
২০/ ২৮ জুনত মুক্তি পাব অসমীয়া কথাছবি ‘কুকি’৷
মুক্তিৰ পূৰ্বে অনুৰাধা ছবিগৃহৰ সন্মুখত প্ৰতিবাদ৷
প্ৰতিবাদ সাব্যস্ত কৰে ‘কুকি’ৰ কলা-কুশলী, শুভাকাংক্ষীয়ে৷
‘কুকি’ৰ বাবে ছবিগৃহত শ্লট দিব বিচৰা নাই মালিকপক্ষই৷
বৃহৎ বাজেটৰ ছবি কাল্কিৰ বাবেই ‘কুকি’ৰ শ্লট বাতিল৷
Sangita Dutta Editor in Chief Rnewsindia24.com