১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ প্ৰথমবাৰৰ ৰাজ্যত অনুষ্ঠিত হয় উপাচাৰ্যসকলৰ সন্মিলন৷
UGC ৰ উদ্যোগত, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠান৷
সন্মিলনত উপস্থিত থাকে UGC ৰ অধ্যক্ষ এম জগদীশ কুমাৰ, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু উত্তৰ পূৰ্বাঞ্চলৰ ১৪০ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই অংশগ্ৰহণ কৰে।
২/ কামাখ্যাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মা কামাখ্যাৰ আশীষ গ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩/ ‘ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য’।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰে জ’ বাইডেনে।
৪/ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন৷
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ছোৰেনৰ জামিন৷
ভূমি কেলেংকাৰি গোচৰত অভিযুক্ত হৈছিল হেমন্ত ছোৰেন৷
মানী লণ্ডাৰিং আইনৰ অধীনত EDয়ে গোচৰ ৰুজু কৰিছিল ছোৰেনৰ বিৰুদ্ধে৷
৫/ ২০ অক্টোবৰত গুৱাহাটীত হব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু।
সঙ্ঘৰ পদাধিকাৰ, প্ৰধান সম্পাদকে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিগৰাকীক।
৫/ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত কৰা হয় স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন। 
অসম বিধানসভাৰ উদ্যোগত আৰু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত কৰা হয়।
উপস্থিত থাকে ১০ স্বায়ত্ত শাসিত পৰিষদৰ বিষয়ববীয়া।
৬/ নলবাৰীৰ কেবিনেটত যোগান ধৰা খাদ্য তালিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীৰ ধমক খালে নলবাৰীৰ জিলা আয়ুক্তই।
কেবিনেটৰ খাদ্যক লৈ জিলা আয়ুক্ত বৰ্ণালী ডেকালৈ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৭/ পৰৱৰ্তী বিদেশ সচিব হিচাপে নিযুক্তি ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া বিক্ৰম মিশ্ৰিক।
বিনয় মোহন কোৱাট্ৰাৰ স্থলাভিষিক্ত হ’ব বিক্ৰম মিশ্ৰি।
৮/ লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক আজি কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ NDAৰ সাংসদসকলে সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে।
ইয়াৰ লগতে সাংসদসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয় ওম বিৰলা৷
৯/ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান৷
ইনষ্টাগ্ৰামত কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰি সাহসেৰে আগবাঢ়িব বুলিও অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
১০/ মৰিয়নিত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ৷
চেলেংহাটৰ অভয়পুৰীয়াত এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হয় ভকতচুকৰ প্ৰদীপ বৰা নামৰ এজন ৭০ বছৰীয়া বৃদ্ধৰ৷
JMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে প্ৰদীপ বৰাৰ৷
১১/ বাইক চালকলৈ সকাহ মুখ্যমন্ত্ৰীৰ।
বাইকৰ নথি-পত্ৰৰ ক্ষেত্ৰত নাথাকিব কোনো জৰিমনা।
কেৱল হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা।
চাৰিবাৰ ভুল কৰিলেও মাফ কৰিব আৰক্ষীয়ে।
১২/ নলবাৰীৰ পেপছি ইণ্ডিয়াৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই৷
অসমৰ ঔদ্যোগিক নীতিৰ বাবে ৰাজ্যত বৃদ্ধি হয় বিনিয়োগ৷
১৩ হাজাৰ কোটি টকা বিনিয়োগ হয় উদ্যোগ ক্ষেত্ৰত৷
১৩/ দিল্লী বিমানবন্দৰৰ ছাদ ভাগি মৃত্যু হয় এজনৰ।
বিয়লি ২ বজালৈকে স্থগিত ৰখা হয় সকলো বিমানৰ যাত্ৰা।
টাৰ্মিনেল-১ৰ ছাদ খহি গুৰুতৰভাৱে আহত হয় চাৰিজন লোক।
১৪/ প্ৰতিকূল বতৰৰ বাবে দিল্লীত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ।
নেৰানেপেৰা বৰষুণৰ ফলত প্লাৱিত দিল্লীৰ বহু অঞ্চল।
ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হয় বহু পথ।
৩ জুলাইলৈকে দেশৰ ৰাজধানীত য়েল’ এলাৰ্ট জাৰি কৰা হয়।
১৫/ দেশৰ কেন্দ্ৰীয় সেনা অধিনায়ক হিচাপে নিযুক্ত লেফটেনেণ্ট জেনেৰেল অনিন্দ্য সেনগুপ্তা৷
শেহতীয়াকৈ নৰ্ডাৰ্ণ ক’মাণ্ডাৰ চীফ অফ ষ্টাফৰ দায়িত্বত আছিল সেনগুপ্তা।
১৬/ মুক্তিৰ দিনাই অভিলেখ ‘Kalki 2898 AD’ৰ।
মুক্তিৰ প্ৰথম দিনাই কেৱল ভাৰততে সংগ্ৰহ কৰে প্ৰায় ৯৫ কোটি টকা।
১৭/ শ্লোভাকিয়াত ৰে’লে মহটিয়াই এখন যাত্ৰীবাহী বাছ৷
ঘটনাত ৬ গৰাকী লোকৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে ৫ গৰাকী আহত হয়৷
চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ পৰা হাংগেৰীৰ বুডাপেষ্টলৈ গৈ আছিল ৰে’লখন৷
সংঘৰ্ষৰ পাছতে ৰে’লখনৰ ইঞ্জিনত লাগে জুই৷
১৮/ নুমলীগড় তিনিআলিত বোকাখাত মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অস্থায়ী দোকানসমূহ কৰে উচ্ছেদ।
প্ৰশাসনে পুৰ্বে ৩ দিনৰ সময়সীমা বান্ধি দিছিল ব্যৱসায়ীসকলক।
১৯/ ঢকুৱাখনাৰ সোৱণশিৰি পাৰত শোকাৱহ ঘটনা সংঘটিত হয়।
বালি চাপৰি গাঁৱত বজ্ৰপাতত নিহত হয় ১৭টাকৈ গো-ধন৷
২০/ কাছাৰত ১২.৫০ কোটি টকাৰ ড্ৰাগছ জব্দ।
দিগৰখাল আৰু চালচাপৰাৰ পৰা জব্দ কৰে ২.৩৩১ কিলোগ্রাম হেৰ’ইন।
হেৰ’ইনসহ মণিপুৰ, বিহাৰ আৰু কাছাৰৰ ৫জনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
গুমৰাৰ পৰা জব্দ কৰে ১৫০টা চাবোনৰ বাকচত ১.৮৮১ কিলোগ্রাম হেৰ’ইন।
Sangita Dutta Editor in Chief Rnewsindia24.com