উচ্ছেদিত পৰিয়ালৰ কৰুণ দশা
যোৱা ২৪ জুনত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ চলোৱা হয় জাগীৰোডৰ বিস্তীর্ণ অঞ্চল।
এই প্ৰতিকুল বতৰত ৰাজ্য চৰকাৰৰ জিলা প্ৰশাসনে চলোৱা অমানৱীয় উচ্ছেদ কাৰ্য জৰিয়তে প্ৰকৃত ভাৰতীয় নাগৰিকক গৃহহীন কৰি কাৰ্য্যত চৰকাৰখনে নিজৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে।
ইতিমধ্যে উচ্ছেদত গৃহহীন হোৱা প্ৰায় কেইবা হাজাৰ পৰিয়ালৰ লোকে এই ধাৰাষাৰ বৰষুণৰ মাজত কণ কণ শিশু, গৰ্ভৱতী আৰু বয়োজ্যেষ্ঠ মহিলা, স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যমৰ-যাতনা বুকুত সাৱটি লৈ জীৱন-যাপন কৰাবলৈ বাধ্য কৰাইছে ৰাজ্য চৰকাৰে৷
জানিব পৰা তথ্য অনুসৰি উচ্ছেদিত পৰিয়াল সমুহ গৰাখহনীয়াত ভুমিহীন হৈ জাগীৰোডৰ শিলভাংগা, পৰ্বত নগৰ, মাধৱ নগৰ আদি চুবুৰীত আশ্ৰয় লৈ যুগ যুগ ধৰি বাস কৰি আছিল।
ভূক্তভোগী পৰিয়ালৰ পৰা জানিব পৰা মতে উচ্ছেদিত পৰিয়ালৰ মাজত বৰ্তমানলৈকে খোৱাপানী, ঔষধ, তিৰপাল, ৰেচন আদি দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
এই মানুহখিনি সম্প্ৰতি জীৱ-জন্তুৰ দৰে বসবাস কৰি আছে।
কেবাদিনো ধৰি ভোকে-পিয়াহে থকা উচ্ছেদিত লোকসকলে চৰকাৰ পৰা অলপ সহায়-সাহায্য আৰু সহযোগীতা বিচাৰিছে।
জুলহাছ আলী আহমেদৰ প্ৰতিবেদন Rnewsindia24