Sarbananda Sonuwal

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদ।

১/ টীম ইণ্ডিয়ালৈ পুৰস্কাৰ ঘোষণা BCCIৰ।
ভাৰতীয় দললৈ ১২৫ কোটি টকাৰ প্ৰাইজমানী ঘোষণা।
Xযোগে এই ঘোষণা কৰে BCCIৰ সভাপতি জয় শ্বাহে।

২/ ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷
এই ভয়াৱহ সংকটত সকলো প্ৰকাৰে ৰাজ্যবাসীক সহায় কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
টেলিফোনিক বাৰ্তালাপৰ পাছতেই সামাজিক মাধ্যমত এই কথা জনাই মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

৩/ আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৪/ শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত তদন্ত কমিটী গঠন কৰা হয়।
ছেপ্টেম্বৰত ৰাজহুৱা কৰিব কমিটীয়ে দাখিল কৰা প্ৰতিবেদন।
IITৰ বিশেষজ্ঞ, বিশিষ্ট শিক্ষাবিদক লৈ কমিটী গঠন কৰা হয়।
কমিটীত আছে IITৰ ডীন পৰমেশ্বৰ আয়াৰ, শৰৎ কুমাৰ পাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক হিতেন চৌধুৰী।
সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।

৫/ বানত জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷
উদ্যানখনৰ ২৬টা বন শিবিৰ বানৰ কবলত৷
বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষৰ বিশেষ নিৰ্দেশনা৷
বাণিজ্যিক যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে কৰ্তৃপক্ষই।

৬/ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷
৩০টকা পৰ্যন্ত দাম হ্ৰাস পালে প্ৰতিটো LPG চিলিণ্ডাৰৰ দাম৷
দাম কমে দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত৷

৭/ লখিমপুৰ জিলা প্ৰশাসনলৈ NHPCৰ সতৰ্কবাণী৷
সোৱণশিৰি প্ৰকল্পই এৰে অতিৰিক্ত পানী৷
দ্ৰুত গতিত বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ৷

৮/ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধৰণ সম্পাদক চামিম সৰকাৰক গ্ৰেপ্তাৰ৷
যুৱতীক অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চামিমক৷
প্ৰেমৰ ছলনাৰে যুৱতীক অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ পৰিয়ালৰ।

৯/ জোনাইত অবৰ্ণনীয় বান পৰিস্থিতি৷
বানৰ কবলত জোনাই ৰাজহ চক্ৰৰ ১০০ৰো অধিক গাঁও৷
বানত ক্ষতিগ্ৰস্ত হয় ৭,৮২১টা পৰিয়াল৷

১০/ আজি পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা৷
অস্বাভাৱিকভাৱে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১১/ ৰয়েল গ্ল’বেল স্কুলৰ প্ৰেক্ষাগৃহত আজিৰে পৰা ৩ দিনীয়াকৈ আয়োজন কৰা হৈছে MUN 24 শীৰ্ষক অনুষ্ঠান।
অনুষ্ঠানত বিভিন্ন বিষয়ৰ ওপৰত তর্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।
তর্ক প্ৰতিযোগিতাত ৩৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কৰিব।
MUN হৈছে এক শৈক্ষিক অনুকৰণ য’ত বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে AJPৰ সভাপতি লুৰীণজ্যোতি গগৈ।

১২/ কপিলী নৈত চলিত বৰ্ষতে নিৰ্মাণ কৰা হ’ব নতুন মথাউৰি।
বান ৰোধৰ বাবে নিৰ্মান কৰা হ’ব ১৫ কিঃমিঃ দৈৰ্ঘ্যৰ মথাউৰি।
ডিফুত এই প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।

১৩/ ফৌজদাৰী আইনৰ অধীনত দেশত প্ৰথমটো গোচৰ ৰুজু।
মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ৰুজু প্ৰথমটো গোচৰ।
এই কথা সদৰী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

১৪/ বানত প্লাৱিত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও।
নাৰায়ণপুৰৰ বান পৰিস্থিতি বুজ লয় APCCৰ সভাপতি ভূপেন বৰাই।

১৫/ ভঙাগড় GMCHৰ চৌহদত SBIৰ নতুন শাখা মুকলি।
GMCHত চিকিৎসাধীন ৰোগীৰ আত্মীয়ৰ সহায় হোৱাকৈ খোলা হয় শাখাটো।
শাখাটোত উপলব্ধ হ’ব ল’কাৰৰ সুবিধাও।
শাখাটো মুকলি কৰে অসম অসম চৰকাৰৰ মুখ্য সচিব ৰবি কটাই।
উপস্থিত থাকে GMCH ৰ অধীক্ষক অভিজিত শৰ্মা আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

১৬/ আগন্তুক ৫ দিনলৈ উত্তৰ-পূবত বৰষুণৰ আগজাননী।
ৰাজ্যৰ দুখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওত।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে সতৰ্কতা।

১৭/ গুৱাহাটীত GSTৰ কাৰ্যালয়ত CBIৰ অভিযান।
CGSTৰ অতিৰিক্ত আয়ুক্ত এম এছ ৰাওক গ্ৰেপ্তাৰ কৰা হয়।
উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

১৮/ মুখ্যমন্ত্ৰীৰ লখিমপুৰ ভ্ৰমণসূচী বাতিল।
বাতিল আয়ুক্ত সন্মিলনৰ দুটা দিনৰ কাৰ্যসূচী
শেহতীয়া বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১৯/ আজিৰে পৰা কাৰ্যকৰী ৩খন নতুন আইন।
আজিৰে পৰা কাৰ্যকৰী নতুন ফৌজদাৰী আইন।
বলৱৎ হ’ব ভাৰতীয় ন্যায় সংহিতা আৰু কাৰ্যকৰী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা।
আজিৰে পৰা বলৱৎ ভাৰতীয় সাক্ষ্য অধিনিয়ম।
আজিৰে পৰা বিলুপ্ত ভাৰতীয় দণ্ডবিধি।
অচল হ’ল বৃটিছ আমোলৰ আইনৰ বহু ধাৰা।

২০/ দিহিংমুখত বান পৰিস্থিতি বুজ ল’বলৈ গৈ বিধায়কৰ দুৰ্দশা৷
পানীত পৰে বিধায়ক সুশান্ত বৰগোহাঁই৷

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *