Himanta Biswa Sarma

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদ।

Himanta Biswa Sarma

১/ বোকাখাতত অপৰিৱৰ্তিত বান পৰিস্থিতি৷
বংকোৱাল, মহুৰামুখত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷
মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে বান সাহায্য শিবিৰ৷

২/ ষ্টাৰ চিমেণ্টৰ নতুন ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্ত হ’ব ৰিয়ান পৰাগ।
ষ্টাৰ চিমেণ্ট লিমিটেডৰ কৰ্তৃপক্ষ আৰু ৰিয়ান পৰাগৰ মাজত চুক্তি স্বাক্ষৰিত হয়।

৩/ শিৱসাগৰৰ বন্যাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই।
দিচাংমুখ, স’ৰাগুৰি, অফলা, শান্তিপুৰ অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
বন্যাক্ৰান্তসকলক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।

৪/ মাজুলীত বান পৰিস্থিতিৰ বুজ লয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
জুগুনীধাৰী মথাউৰি ছিগাক লৈ ৰণোজ পেগুৰ সন্মুখতে জবাবদিহি অভিযন্তাক।

৫/ নুমলীগড়ৰ বংকুৱালত উপস্থিত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অতুল বৰা, বিধায়ক বিশ্বজিৎ ফুকনে।
বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকী৷

৬/ বান পৰিস্থিতিৰ বাবে শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
সাময়িকভাবে স্থগিত SOS ৰ পৰীক্ষা।
৩ জুলাইৰ পৰা ১৮ জুলাইলৈ নিৰ্ধাৰণ কৰা হৈছিল পৰীক্ষা সূচী।

৭/ তিনিচুকীয়াত বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰে মন্ত্ৰী ৰণজিৎ দাস, সঞ্জয় কিষাণে।
গুইজান ৰঙাগড়াত বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰীদ্বয়ৰ।
জিলা আয়ুক্তক লগত লৈ আশ্ৰয় শিবিৰত বন্যাক্ৰান্তৰ খবৰ লয় মন্ত্ৰীদ্বয়ে।

৮/ ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউতো আহাৰমহীয়া বানৰ প্ৰলয়ংকৰী ৰূপ।
দিচাং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাই চৰাইদেউৰ বৰহাট উত্তৰ চোমদাৰ, নলিনীপথাৰ অঞ্চল।
জিলা প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

৯/ মাজুলীত বাঢ়নী পানীত উটি গ’ল মথাউৰিৰ জুগুনীধাৰীৰ এটা অংশ।
মথাউৰি ভগাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত।
প্লাৱিত ঐতিহাসিক আউনীআটী সত্ৰ।

১০/ বানত ডুব গৈ আছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্ত।
ডিব্ৰুগড়ত সেনা বাহিনীৰ হেলিকপ্টাৰেৰে চলে উদ্ধাৰ অভিযান।

১১/ সম্পূৰ্ণ বানৰ কৱলত ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত লাউপাতি, লাইনা, খাগৰিজান, আজোখা, কপাহতলি, ফুলবাৰী গাঁও।

১২/ বানৰ কবলত দক্ষিণ মাজুলীৰ আঁহতগুৰিৰ বৰসত্ৰ।
সত্ৰত চাং সাজি ৰাখিবলগীয়া হৈছে গুৰু আসন।
তিনিদিন ধৰি বন্ধ হৈ আছে সত্ৰৰ চৈধ্য প্ৰসংগ।

১৩/ নাৰায়ণপুৰত অব্যাহত আছে বানৰ ভয়াৱহতা।
পানীৰ তলত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ খনৰো অধিক গাঁও।
বানাক্ৰান্তৰ খবৰ লোৱা নাই চৰকাৰ-প্ৰশাসনে।

১৪/ লখিমপুৰত বান বিভীষিকা অব্যাহত।
ফেনে-ফুটুকাৰে বাঢ়ি উঠা সোৱণশিৰিৰ পানীয়ে বুৰাই পেলাইছে তেলীয়া পথাৰ, ঘন চৰাই, মুদৈবিল, ৰন্তিজান, কুঁহিয়াৰবাৰী আদি অঞ্চল।
বাসস্থানৰ অভাৱত মথাউৰিতে দিন কটাই বহু লোকে।

১৫/ মঙ্গলদৈৰ নিকটবৰ্তী বান্দিয়া, কে বান্দিয়া, এন,চি, বান্দিয়া, ওন্দোলাঝাৰ, মধু চৰ, বাগপৰি, কাথনি চৰ অঞ্চল পানীৰ তলত।
পশুধন বচাবলৈ চেষ্টা কৰে বহু গৰাকী ব্যক্তিয়ে।

১৬/ প্ৰকৃতিৰ ৰোষত মিজোৰাম।
বিগত এমাহৰ পৰা অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ।
আইজলৰ জেমাবাউকত ভূমিস্খলন।
জীৱন্তে ঘৰৰ ভিতৰত পোত গ’ল পিতৃ-মাতৃ আৰু ৪ বছৰীয়া সন্তান।
মৃত অৱস্থাত উদ্ধাৰ কৰে তিনিওগৰাকীক।

১৭/ ডিব্ৰুগড়ত সেনা বাহিনীৰ হেলিকপ্টাৰেৰে চলে উদ্ধাৰ অভিযান।
হাতীয়া আলি অঞ্চলৰ পৰা বায়ু সেনাই উদ্ধাৰ কৰে ১৩গৰাকীকৈ লোকক।
সম্পন্ন কৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা।

১৮/ নামভৰ্তিক লৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ শিক্ষার্থীসকল।
GUৰ ৭৩০ গৰাকী দৰিদ্ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিলে বিনামূলীয়া নামভৰ্তি।
বিষয়টোক লৈ ইতিমধ্যে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰে শিক্ষার্থীসকলে।

১৯/ বিশ্বকাপ ট্ৰফীৰ সৈতে কাইলৈ গৃহভূমিত উপস্থিত হ’ব টীম ইণ্ডিয়া।
প্ৰতিকূল বতৰৰ মাজতেই বাৰ্বাডোছ ত্যাগ কৰিব টীম ইণ্ডিয়াই।
কাইলৈ দিল্লীত অৱতৰণ কৰিব খেলুৱৈসকল।
বিগত দুদিন ধৰি বাৰ্বাডোছৰ হোটেলত আৱদ্ধ হৈ আছে খেলুৱৈসকল।

২০/ কেনিয়াত কৰ বিৰোধী প্ৰতিবাদত নিহত হয় ৩৯ জন আৰু আহত হয় ৩৬০ লোক।
গ্ৰেপ্তাৰ কৰা হয় ৬২৭ গৰাকী প্ৰতিবাদকাৰীক।
কেনিয়াৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ঘোষণা কৰে মৃতকৰ সংখ্যা।
কেনিয়াত থকা ভাৰতৰ লোকৰ বাবে সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰে ভাৰতে।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *