Lurinjyoti Gogoi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদ।

১/ গুৱাহাটীৰ ধাৰাপুৰ গৰল ভাট্টাপাৰাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ল’য় ড’ হিমন্ত বিশ্ব শৰ্মাই।

ব্ৰহ্মপুত্ৰৰ বুকুৱেৰে জাহাজেৰে পৰিদৰ্শন কৰে ৰাণী চাপৰি।

বৰ্তমানেও বহু জীৱ–জন্তুৰ আবদ্ধ ৰাণী চাপৰিত

খানা নদীৰ ওপৰৰ পথ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

২/ ডিমা হাছাওৰ নতুন SP হিচাপে নিযুক্তি টাবুৰাম পেগুক।

ওদালগুৰিৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি সুশান্ত বিশ্ব শৰ্মাক।

অপৰ্ণা নটৰাজনক DGP কাৰ্যালয়ৰ বিশেষ বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰে।

৩/ তিনিচুকীয়া পেঙেৰীৰ আশ্ৰয় শিবিৰত উপস্থিত বিধায়ক ভাস্কৰ শৰ্মা।

বান পৰিস্থিতি বুজ লোৱাৰ লগতে বানপীড়িত ৰাইজৰ খবৰ লয় বিধায়কগৰাকী।

৪/ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে পুনৰ দায়িত্ব গ্ৰহণ কৰিব হেমন্ত চোৰেণে।

মিত্ৰজোঁটৰ বিধায়কসকলৰ সন্মতি সাপেক্ষে দায়িত্ব গ্ৰহণৰ বাবে সাজু হেমন্ত চোৰেণ।

৬/ কাইলৈ দিল্লীত অৱতৰণ কৰিব T20 বিশ্বকাপ বিজয়ী টীম ইণ্ডিয়াৰ খেলুৱৈৰ বিশেষ বিমান।

দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ অভিনন্দন অনুষ্ঠান।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰিব খেলুৱৈসকলক।

৭/ অসম ৰাজ্যিক চিৰিয়াখানাত ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন।

ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয়।

পক্ষী সুৰক্ষাৰ লগত জড়িত বিশ্বৰ ভিন্ন প্ৰান্তৰ ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱা হয় হয়।

৮/ মহানগৰীৰ গাড়ীগাঁও শ্লুইচ গেটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

খানাজান শ্লুইচ গেট পৰিদৰ্শন কৰে মুখ্যমন্ত্রীয়ে।

খহনীয়া স্থান পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা ল’বলৈ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী গৰাকীয়ে।

৯/ ডিব্ৰুগড়ৰ বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেইবাদিন ধৰি কৃত্ৰিম বানত ডুব গৈ আছে ডিব্ৰুগড় চহৰ।

১০/ মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব যুগুণীধাৰীৰ মথাউৰি মেৰামতিৰ কাম।

মথাউৰি পৰিদৰ্শনৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।

১১/ বানে জুৰুলা কৰা ডিব্ৰুগড়ৰ পাঁচআলি, লোহাৰপট্টিৰ বন্যাক্ৰান্ত ৰাইজক আহাৰ যোগান ধৰাৰ লগতে বান সাহায্য প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

১২/ AAPত যোগদান কৰে কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে।

মন্ত্ৰী আতিশি মাৰ্লেনাৰ উপস্থিতিত দিল্লীত AAPত যোগদান কংগ্ৰেছ নেতাগৰাকীৰ৷

লোকসভা নিৰ্বাচনৰ সময়ত টিকট প্ৰদানক লৈ অসন্তুষ্ট হৈছিল কংগ্ৰেছ নেতাগৰাকী৷

১৩/ আগন্তুক ৫ দিনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ আগজাননী৷

৫ আৰু ৬ জুলাইত অসম, মেঘালয়, অৰুণাচলত হ’ব প্ৰবল বৃষ্টিপাত৷

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী৷

১৪/ বন্ধ হ’ল ভাৰতীয় ছ’চিয়েল মিডিয়া এপ কুৱ।

কুৱৰ প্ৰতিষ্ঠাপক অপ্ৰমেয় ৰাধাকৃষ্ণই সামাজিক মাধ্যমত পোষ্টযোগে প্ৰকাশ কৰে এই তথ্য।

১৫/ দেৰগাঁৱত কণ্ঠশিল্পী বিশ্বজিৎ ভূঞাৰ মৃতদেহ উদ্ধাৰ৷

সোমবাৰে নৈৰ বুকুত উটি গৈছিল বিশ্বজিৎ৷

১৬/ শিৱসাগৰৰ দিচাংমুখ নামনি গড়ডগাত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা৷

ব্ৰহ্মপুত্ৰত নাও ডুবি সন্ধানহীন এজন লোক৷

কথমপি প্ৰাণ ৰক্ষা তিনিজনকৈ লোকৰ৷

১৭/ উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷

ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ ১২২গৰাকী লোকৰ মৃত্যু হয়।

মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷

ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত সংঘটিত হয় এই ঘটনা।

১৮/ গুৱাহাটীত কেন্দ্ৰীয় শুল্ক বিভাগৰ অভিযান।

অভিযানত জব্দ কৰে ৩০ লাখ ৭৯ হাজাৰ টকাৰ বিদেশী চিগাৰেট।

ম্যানমাৰৰ পৰা সৰবৰাহ হৈছে চিগাৰেট খিনি।

দুটা আলমীৰা, এটা ৱাছিং মেচিন দুটা ফ্ৰীজ, দুটা বল্টি।

১৯/ ৰাজ্যত ভূমিস্খলনত ৪৬গৰাকী লোকৰ মৃত্যু হয়।

বিগত ২৪ঘণ্টাত বানত ৩জনৰ মৃত্যু হয়।

২০/ দেৰগাঁৱত বান বিভীষিকা৷

বন্যাক্ৰান্তৰ কাষত উপস্থিত হয় বিধায়ক মৃণাল শইকীয়া৷

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *