৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত টীম ইণ্ডিয়াৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে টীম ইণ্ডিয়াৰ খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে মত-বিনিময় কৰে।
BCCIৰ সচিব জয় শ্বাহ আৰু সভাপতি ৰজাৰ বিন্নীয়ে প্ৰধানমন্ত্ৰীক প্ৰদান কৰে ‘Namo 1’ জাৰ্চী।
২/ বিনামূলীয়াকৈ চাব পাৰিব ভাৰতীয় দলৰ বিজয় পেৰেড।
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুস্থিত হ’ব ভিক্ট’ৰী পেৰেড। ভিক্ট’ৰী পেৰেডত সাধাৰণ লোকৰ প্ৰৱেশ বিনামূলীয়া। মুম্বাই ক্ৰিকেট সন্থাৰ সম্পাদকে প্ৰকাশ কৰে এই তথ্য।
৩/ পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত হেমন্ত ছোৰেন৷
জে’লৰ পৰা ওলাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছোৰেনে।
৪/ মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সদৌ অসম সত্ৰ মহাসভাৰ উদ্যোগত “সেতু বন্ধন ” ২০২৪ উদযাপন কৰা হয়।
সদৌ অসম সত্র মহাসভা’ৰ উদ্যোগত ৪ আৰু ৫ জুলাইত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰে এই অনুষ্ঠান।
মুকলি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷

৫/ বাঁহীবাদক দীপক শৰ্মালৈ আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী৷
George Washington University Of Peace এ আগবঢ়াইছে এই ডিগ্ৰী।
৬/ চৰাইদেউৰ মাহমৰাত উপস্থিত মন্ত্ৰী যোগেন মহন।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কাকতিবাৰীৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ সহায়ৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীৰ।
লগতে বানত মৃত্যু হোৱা দুয়োজন লোকলৈ ৪ লাখকৈ টকা ঘোষণা কৰে মন্ত্ৰী যোগেন মহনে।
৭/ মৰাণৰ খোৱাঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
খোৱাঙৰ বানবিধ্বস্ত অঞ্চল, আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত বন্যাক্ৰান্তৰ সৈতে মত বিনিময় কৰে সোণোৱালে।
৮/ বৰপেটাৰ চেঙা সমষ্টিৰ বানাক্ৰান্তৰ ওচৰত উপস্থিত বিধায়ক অশ্ৰাফুল হুচেইন।
চেঙা সমষ্টিৰ বানে বিধস্ত কৰা কেবাটাও চৰ অঞ্চলত পৰিস্থিতিৰ বুজ লয় চেঙা সমষ্টিৰ বিধায়ক গৰাকীয়ে।
৯/ দেশৰ বায়ু প্ৰদূষণৰ ভয়ংকৰ তথ্য।
বায়ু প্ৰদূষণৰ ফলত দেশৰ ১০খন চহৰত দৈনিক মৃত্যু হয় প্ৰায় ৭%লোকৰ।
বায়ু প্ৰদূষণৰ ফলত বাৰ্ষিক মৃত্যুৰ সৰ্বাধিক দিল্লীত।
বিশ্ব স্বাস্থ্য সেৱা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাই এই তথ্য।
১০/ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন মুখ্য বিমানবন্দৰ বিষয়া নিযুক্তি ।
মুখ্য বিমানবন্দৰ বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হয় অশ্বিন নোৰোনহাক ।
১১/ পাণ্ডুৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
পাণ্ডুৰ বিভিন্ন স্থানৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
১২/ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।
ছাংহাই সহযোগিতা সংস্থা (SCO)ৰ সন্মিলনত অংশগ্ৰহণ কৰে দুয়োগৰাকী ব্যক্তিয়ে।
১৩/ ঢকুৱাখনাত বান পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
চিচি-টেকেলিফুটা মথাউৰিৰ গৰাখহনীয়া পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
১৪/ দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হয় অসমীয়া ছবি ‘আইৰণ গাৰ্লছ’।
দৰঙী লোককৃষ্টি ওজাপালি আৰু দেওধনীৰ আধাৰত পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰিছে ছবিখন ৷
১৬ আগষ্টৰ পৰা গেইটি থিয়েটাৰত হ’বলগীয়া চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ‘আইৰণ গাৰ্লছ’ ৷
১৫/ মাজুলীৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
বানাক্ৰান্তৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে বহুতো আশ্বাস প্ৰদান কৰে।
১৬/ মৰিগাঁৱত বানাক্ৰান্তৰ কাষত উপস্থিত মন্ত্ৰী অতুল বৰা।
মৰিগাঁৱৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে।
১৭/ দেৰগাঁৱৰ চৰাইচাপৰিত উপস্থিত APCC সভাপতি ভূপেন বৰা।
মৃত বিশ্বজিৎ ভূঞাৰ বাসগৃহত উপস্থিত হয় APCC সভাপতিগৰাকী।
লগতে বান বিধ্বস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লয় কংগ্ৰেছ দলটোৱে।
১৮/ “বিশ্বকাপৰ এই ট্ৰফি সমগ্ৰ দেশৰ “- ৱাংখেড়ে ষ্টেডিয়ামত এই মন্তব্য ৰোহিত শৰ্মাৰ।
১৯/ মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিধানসভাত মুম্বাইৰ চাৰিগৰাকী ক্ৰিকেটাৰক জনাব সম্বৰ্ধনা।
শুকুৰবাৰে সন্ধিয়া ৪ বজাত মহাৰাষ্ট্ৰ বিধান ভৱন কমপ্লেক্সৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, যশস্বী জয়ছৱালক জনাব সম্বৰ্ধনা।
২০/ পাকিস্তানে ৬ দিনৰ বাবে নিষিদ্ধ কৰিব ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম।
ৰমজানৰ সময়ত বিয়পোৱা ঘৃণা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
পাকিস্তানৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়ম নাৱাজ চৰকাৰৰ আইন-শৃংখলা সম্পৰ্কীয় কেবিনেট কমিটিৰ এই পৰামৰ্শ।
Sangita Dutta Editor in Chief Rnewsindia24.com