Narendra Modi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ দুদিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
২২ সংখ্যক ৰুছ-ভাৰত শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

২/ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা৷
১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা৷
এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

৩/ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰ৷
কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰে কেন্দ্ৰীয় শক্তি, নগৰ উন্নয়ন মন্ত্ৰী গৰাকীয়ে ৷
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো উপস্থিত হয় মনোহৰ লাল খট্টৰ৷

৪/ মহানগৰত নলাত পৰি মৃত্যু হোৱা অবিনাশ সৰকাৰৰ বাসগৃহত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।
অবিনাশৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভূপেন বৰাই।
শোকসন্তপ্ত পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

৫/ হাইলাকান্দিত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটা।
বৰাক ভ্ৰমণৰ দ্বিতীয় দিনা বান পৰিস্থিতি বুজ লয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই।
জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।

৬/ কাছাৰত বান পৰিস্থিতি পৰিদৰ্শন কৰে সাংসদ পৰিমল শুক্লবৈদ্যই।
১১০খন গাঁৱৰ বন্যাৰ্তই আশ্ৰয় শিবিৰতে আছে।
আশ্ৰয় শিবিৰলৈ গৈ বানাক্ৰান্তৰ বুজ লয় সাংসদ গৰাকীয়ে।

৭/ অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা ঘোষণা।
বিশিষ্ট লেখক, সাংবাদিক পবিত্র বৰালৈ এই বিশেষ বঁটা আগবঢ়োৱা হৈছে।
২১ জুলাইত পবিত্র বৰাক প্রদান কৰা হ’ব এই বঁটা।

৮/ স্মৃতি মান্ধানালৈ ICCৰ সন্মান৷
জুন মাহৰ Player of the Month(মহিলা)ৰ সন্মান আগবঢ়োৱা হৈছে মান্ধানালৈ৷

৯/ আজি মুকলি হয় মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰীসেৱা।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
ব্ৰহ্মপুত্ৰত জলস্তৰ বৃদ্ধি পোৱাত ৫ দিন ধৰি বন্ধ আছিল ফেৰী সেৱা।
পূৰ্বৰ নদী পথ সলনি কৰি নতুন পথৰে চলাচল কৰিছে ফেৰী।
অন্যহাতে বন্ধ আছে নিমাতি অফলামুখ ফেৰী সেৱা।

১০/ ডিব্ৰুগড়ৰ টেঙাখাতৰ ভগ্ন মথাউৰিৰ মেৰামতি আৰম্ভ‌।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে আৰম্ভ কৰা হয় মথাউৰিৰ কাম৷
পূজা-অৰ্চনা কৰি মথাউৰি কাম আৰম্ভ কৰে জলসম্পদ বিভাগে।

১১/ মণিপুৰত পুনৰ কুকি বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ৷
কাংপক্পি জিলাৰ হেংজল গাঁৱত পুৱতিনিশা সংঘটিত হয় এই ঘটনা।
সংঘৰ্ষত আহত হয় কেইবাগৰাকী কুকি মহিলা৷
কুকি মহিলা দলক বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ‌ কৰে।
ঘটনা সন্দৰ্ভত আটক কৰে তিনি সন্দেহযুক্ত কুকি বিদ্ৰোহীক৷
ঘটনাস্থলীৰ পৰা জব্দ কৰে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, তিনিটা AK47 ৰাইফলসহ বুজন পৰিমাণৰ সা-সামগ্ৰী৷

১২/ মহানগৰীত দুলীয়াজানৰ যুৱতীক ৰহস্যজনক অৱস্থাত উদ্ধাৰ৷
যুৱতীগৰাকীৰ নাম বনস্মিতা বুঢ়াগোহাঁই৷
গুৱাহাটীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল যুৱতীগৰাকীয়ে৷
ৰাজু ৰিয়াজ নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত লৈ আছিল প্ৰশিক্ষণ৷

১৩/ লাডাখত উদ্ধাৰ গোগামুখৰ সেনাৰ হাবিলদাৰৰ মৃতদেহ৷
মৃত হাবিলদাৰজন গোগামুখৰ গৌতম ৰাজবংশী৷
সোমবাৰে লাডাখত উদ্ধাৰ হয় গৌতম ৰাজবংশীৰ মৃতদেহ৷

১৪/ জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ।
বেৰাচাপৰিত চিয়াং নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে দুটা চিলিণ্ডাৰ।
চিলিণ্ডাৰ দুটা চীন দেশৰ বুলি জনাই স্থানীয় ৰাইজে।

১৫/ বানে বিধ্বস্ত জাঁজীমুখৰ হাতীশালত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ।
বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তৰ সৈতে মতবিনিময় কৰে সাংসদ গৰাকীয়ে।

১৬/ আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসম-মেঘালয়ত বৰষুণৰ আগজাননী।
১২ জুলাই পৰ্যন্ত অব্যাহত থাকিব বৰষুণ।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে সতৰ্কতাবাণী।

১৭/ পানীৰ তলত কাজিৰঙাৰ ৭১টা বন শিবিৰ।
উদ্যানখনৰ প্ৰায় ১৫০টা হাইলেণ্ডত আশ্ৰয় বহুসংখ্যক বন্যজন্তুৰ।
কাজিৰঙাত প্ৰথমটো বানত মৃত্যু হয় ১৩৬টা বন্যপ্ৰাণীৰ।
পানীত ডুবি মৃত্যু হোৱা বন্যজন্তুৰ সংখ্যা ১১২টা।
চিকিৎসাধীন অৱস্থাত ২২টা, বাহনৰ খুন্দাত ২টা বন্যজীৱৰ মৃত্যু হয়।

১৮/ ডিফুত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ।
কাৰ্বি আংলং আৰক্ষীৰ জালত পৰে ২ সৰবৰাহকাৰী।
ধনশিৰি উপ-আৰক্ষী চকীৰ তালাচীত জব্দ কৰে ড্ৰাগছখিনি।
জানিব পৰা মতে মণিপুৰৰ সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি।

১৯/ গোৱালপাৰাৰ লক্ষীপুৰত ধৰ্মান্তৰকৰণৰ ঘটনা।
হিন্দু ধৰ্ম গ্ৰহণ কৰে মুছলিম সম্প্ৰদায়ৰ লোকে।
ইছলাম ত্যাগ কৰি ফৰিজুল হক হয় ৰাতুল ডেকা।
আইনী প্ৰক্ৰিয়া সম্পন্নৰ পাছতে নীতি-নিয়মেৰে গ্ৰহণ কৰে সনাতন ধৰ্ম।

২০/ দলগাঁৱৰ ৪ নং আৰিমাৰীত অঘটন।
ব্ৰহ্মপুত্ৰৰ নদীৰ বাঢ়নী পানীত পৰি সলিল সমাধি কিশোৰৰ।
কলৰ ভূৰে নদী পাৰ হ’বলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।
SDRF, চিভিল ডিফেন্স বাহিনীৰ অভিযানত উদ্ধাৰ হয় ফাৰুক আলীৰ মৃতদেহ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *