দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ভিয়েনাৰ বিমান বন্দৰত প্রধানমন্ত্রী মোডীক আদৰণি জনায় অষ্ট্রিয়াৰ চেন্সেলৰ কাৰ্ল নেহামাৰে।
২/ জনতা ভৱনত প্ৰজ্ঞান ভাৰতী আঁচনিৰ প্ৰথম পৰ্যায়ৰ আৰ্থিক অনুদানৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান।
উক্ত অনুষ্ঠানত ৩৪৯ খন প্ৰতিষ্ঠানক ৬৮.৪৪ কোটি টকা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।
৩/ কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য চৰকাৰী নিয়মাৱলী প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
নিয়মাৱলী অনুসৰি, স্থানীয় ভাষাত প্ৰতিগৰাকী প্ৰাৰ্থীৰ দক্ষতা থকাটো বাধ্যতামূলক।
শেহতীয়াকৈ PRCৰ প্ৰসংগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
৪/ ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
ভূপেন বৰাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী।
AAP অসমৰ ২০ গৰাকী সদস্যই কংগ্ৰেছত যোগদান কৰে।
৫/ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ চানমাৰিস্থিত কাৰ্যালয় চৌহদত মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰে আধুনিকীকৰণ কৰা “শিক্ষক ভৱন”ৰ সভাকক্ষ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
৬/ চতিয়াত বান পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক পদ্ম হাজৰিকাই।
পশুধনৰ বাবে খাদ্য বিতৰণ কৰে বিধায়কগৰাকীয়ে।
৭/ বিধায়কৰ দৰমহা বঢ়াবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক সমৰ্থন নকৰে বিধায়ক অখিল গগৈয়ে ।
ইয়াক জনবিৰোধী বুলি উল্লেখ কৰে গগৈয়ে।
৮/ তিতাবৰত জটিল ৰোগত আক্ৰান্ত এটি কণমানিৰ কাষত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা।
কণমানিটিৰ চিকিৎসাৰ বাবে মন্ত্ৰীগৰাকীয়ে আৰ্থিক সাহাৰ্য্য আগবঢ়াই।
৯/ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নিৰ্ধাৰণ, পৰিষদৰ আগন্তুক নিৰ্বাচন তথা অঞ্চলটোৰ কোচ-ৰাজবংশী লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত
বিশেষ বৈঠক।
বৈঠকত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা আৰু দলীয় বিষয়ববীয়া।
১০/ আনুষ্ঠানিকভাবে পদত্যাগ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনৰ।
বিভাগীয় মন্ত্ৰীৰে হোৱা আলোচনা সভাত আনুষ্ঠানিকভাবে পদৰ পৰা পদত্যাগ কৰে গোকুল বৰ্মনে।
১১/ শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ।
বৰ্তমানলৈকে এই ৰোগত মৃত্যু হয় তিনিজন লোকৰ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ১২জন ৰোগী চিকিৎসাধীন।
এনকেফেলাইটিছসদৃশ ৰোগত আক্ৰান্ত আন ১৩গৰাকী লোক।
১২/ ভাৰত-জিম্বাৱৱেৰ T20ৰ শৃংখলাৰ তৃতীয়খন খেলত টীমৰ পৰা বাদ পৰে ৰিয়ান পৰাগ।
টীমত অন্তর্ভুক্ত হয় সঞ্জু চেমচন, শিভম ডুবে, যশস্বী জয়ছোৱাল।
১৩/ ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত পৰে শিক্ষা বিভাগৰ কৰ্মচাৰী।
আটক কৰে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।
উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দিগন্ত গগৈক।
১৪/ বিৱাহ বিচ্ছেদৰ পাছত স্বামীৰ পৰা ভৰণ-পোষণৰ খৰছ বিচাৰিব পাৰিব মুছলমান মহিলাই।
CrPCৰ ধাৰা ১২৫ৰ অধীনত বিচাৰিব পাৰিব ভৰণ-পোষণৰ খৰছ।
উচ্চতম ন্যায়ালয়ে বুধবাৰে প্ৰদান কৰে এই ৰায়।
ধৰ্ম নিৰ্বিশেষে সকলো মহিলাৰ বাবে প্ৰযোজ্য এই ৰায়।
১৫/ অসমৰ বিশিষ্ট অৰ্থনীতিবিদ ড০ অনিল শইকীয়াৰ দেহাৱসান।
স্বাস্থ্যজনিত কাৰণত আকস্মিক মৃত্যুক আকোৱালি লয় ব্যক্তিগৰাকীয়ে।
কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনিল শইকীয়া।
১৬/ কাজিৰঙাত দুৰ্লভ প্ৰজাতিৰ সৰীসৃপ উদ্ধাৰ।
হালধিবাৰীৰ পথত উদ্ধাৰ কৰে SALGAR BIG VIPER।
২০১৯ত অৰুণাচলত প্ৰথমবাৰ চিনাক্ত হৈছিল এই সৰীসৃপবিধ।
১৭/ উত্তৰ প্ৰদেশৰ উন্নাৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
গাখীৰ কঢ়িওৱা কণ্টেইনাৰত খুন্দা মাৰে দ্ৰুতবেগী বাছে।
দুৰ্ঘটনাত ১৮জন লোকৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত ৩০জনৰো অধিক লোক।
বিহাৰৰ পৰা দিল্লী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন।
১৮/ ৰাজ্যজুৰি চাহ মজদুৰ সংঘৰ প্ৰতিবাদ।
বিশ্বনাথ, ঢেকীয়াজুলি, নগাঁৱত চাহ শ্ৰমিকে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ।
হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে।
১৯/ মহানগৰীৰ ৰুক্মিণীগাঁৱত প্ৰতিবাদ।
কৃত্রিম বান সমস্যা সমাধানৰ দাবীৰে ৰুক্মিণীগাঁৱত স্থানীয় ৰাইজৰ উত্তাল প্রতিবাদ।
প্রতিশ্রুতি দি প্রতিশ্রুতি পালন কৰিব নোৱৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি কৃত্রিম বান সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰুক্মিণী গাঁওবাসীয়ে।
২০/ গোপন তথ্যৰ ভিত্তিত সৰুপথাৰত গোলাঘাট আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ।
লগতে, ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৬৫৪গ্ৰাম হেৰ’ইন জব্দ কৰে।
Sangita Dutta Editor in Chief Rnewsindia24.com