Akhil Gogoi

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ স্ব-দেশত উপস্থিত প্রধানমন্ত্রী নৰেন্দ্র মোডী।

নতুন দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে বাজেট সম্পৰ্কে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী গৰাকী।

২/ কাজিৰঙাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ১৬৩ টা।

৯টা গড়, ১৩৫ টা ছাগলী, পহুকে ধৰি ১৬৩ টা বন্যপ্ৰাণীৰ মৃত্যু হয়।

১৩৫ টা বন্যজন্তু সুকলমে উদ্ধাৰ কৰে উদ্যান কৰ্তৃপক্ষই।

৩/ চলিত মাহত চৰাইদেউ মৈদামে লাভ কৰিব UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি৷

এই সম্ভাৱনা বৃদ্ধি কৰে দিল্লীত চলিত মাহৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈ হ’বলগীয়া UNESCOৰ ৪৬সংখ্যক অধিৱেশনে৷

৪/ শিক্ষাসেতু প’ৰ্টেলৰ সঠিক প্ৰয়োগৰ বাবে অসম চৰকাৰলৈ বিশেষ বঁটা।

অসম চৰকাৰলৈ চলিত বৰ্ষৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ই-গভাৰ্ণেন্স বঁটা আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে।

বঁটা গ্ৰহণৰ বাবে SSAৰ MD ড০ ওম প্ৰকাশক আমন্ত্ৰণ জনাই কেন্দ্ৰীয় চৰকাৰে।

৮-৯ আগষ্টত মুম্বাইত প্ৰদান কৰিব এই বিশেষ বঁটা।

৫/ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং।

১৫ জুলাইৰ পৰা ১৭ জুলাইলৈ উপ নিৰ্বাচনকেন্দ্ৰিক সভাত অংশগ্ৰহণ কৰিব জীতেন্দ্ৰ সিঙে।

সামাজিক মাধ্যমযোগে এইকথা ঘোষণা কৰে APCCৰ সভাপতি ভুপেন বৰাই।

৬/ ৰোহিত শৰ্মাৰ ডাঙৰ সিদ্ধান্ত।

BCCIয়ে ঘোষণা কৰা পুৰস্কাৰৰ নিজ অংশৰ পৰা কৰ্মচাৰীসকলক এটা অংশ দিয়াৰ প্ৰস্তাৱ।

উল্লেখ্য যে, প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পূৰ্বে ৰোহিত শৰ্মাই আগবঢ়াইছিল প্ৰস্তাৱ।

৬/ সোণাপুৰৰ বমাণিত উৰণসেতু মুকলি।

৬৫০ মিটাৰ দৈৰ্ঘ্যৰ উৰণসেতুখন উত্তৰ-পূবৰ মালিগাঁও সংমণ্ডলৰ মুখ্য অভিযন্তা অভিজিৎ ৰয়ে মুকলি কৰে।

৭/ চেম্পিয়নছ ট্ৰফীৰ মেচৰ বাবে পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত ঘোষণা BCCIৰ।

খেলৰ স্থান সলনিক লৈ ICCৰে বৈঠকত মিলিত হ’ব BCCI ।

ডুবাই বা শ্ৰীলংকাত খেল অনুষ্ঠিত কৰাৰ অনুৰোধ জনাব BCCI-এ।

৮/ উত্তৰ প্ৰদেশৰ উন্নাওত পথ ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছ আৰু গাখীৰ কঢ়িওৱা টেংকাৰৰ সংঘৰ্ষ।

দুৰ্ঘটনাত শিশু মহিলাসহ ১৮ জন লোকৰ মৃত্যু হয়।

ঘটনাত গভীৰ শোকপ্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

মৃতকৰ পৰিয়াললৈ ২ লাখকৈ আৰ্থিক সাহায্য ঘোষণা কৰে কেন্দ্ৰই।

৯/ চিলাপথাৰত জলকীয়াসুঁতি নদীৰ ভয়ংকৰ ৰূপ।

৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰে বাঢ়নী পানী।

চপৰা চপৰে খহে ৰাষ্ট্ৰীয় ঘাইপথ।

বিপদসংকুল পথেৰে চলাচল শ শ যান-বাহনৰ।

যাত্ৰীসকলক সাৱধানেৰে চলাচল কৰিবলৈ আহ্বান জনাই বিধায়ক ভুৱন পেগুৱে।

১০/ উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখে NEETৰ গোচৰৰ শুনানি৷

১৮ জুলাইত হ’ব প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ শুনানি।

১১/ ৰূপহীহাটৰ ভুৰবন্ধাৰ বানবিধ্বস্ত ৰাইজৰ কাষত উপস্থিত বিধায়ক অখিল গগৈ।

বান পৰিস্থিতিৰ বুজ লৈ বানাক্ৰান্তৰ সৈতে মতবিনিময় কৰে বিধায়ক গৰাকীয়ে।

১২/ আজি বিশ্ব জনসংখ্যা দিৱস।

ভাৰতৰ জনসংখ্যা ইতিমধ্যে ৪৪০ কোটিৰো অধিক হৈছে।

প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনে ।

জনসংখ্যা নিয়ন্ত্ৰণৰ কঠোৰ আইন ৰূপায়ণৰ দাবীৰে প্ৰেৰণ কৰে এই স্মাৰকপত্ৰ ।

১৩/ লখিমপুৰৰ হাৰমতীত বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰা হয়।

আৰক্ষীয়ে ড্রাগছসহ আটক কৰে ৰিজু বিশ্বাস নামৰ এগৰাকী মহিলাক।

ৰিজু বিশ্বাস কুখ্যাত ড্ৰাগছ মাফিয়া জিতেন বিশ্বাসৰ পত্নী।

১৪/ হোজাইত গোধনৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

অভিযানত জব্দ কৰে বুজন পৰিমাণৰ গৰুৰ ছাল।

হোজাইৰ ইছলাম নগৰৰ পৰা নগাঁও অভিমুখে লৈ গৈ আছিল গৰুৰ ছাল।

আৰক্ষীয়ে বাহনসহ আটক কৰে ৰাতিকুল ইছলাম, ইছমাইল আলী, জিয়াবুৰ ৰহমান।

১৫/ মণিপুৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ব্যাপক অভিযান।

অভিযানত বুজন পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰা হয়।

মাৰণাস্ত্ৰসহ ২ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

১৬/ GMCHত ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিৰ মৃত্যুৰ অভিযোগ৷

প্ৰসূতিগৰাকী লখৰাৰ মণিকা চৌধুৰী৷

বুধবাৰে প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হৈছিল GMCHত৷

ইতিপূৰ্বে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তান৷

অস্ত্ৰোপচাৰৰ সময়তেই ভুল চিকিৎসা কৰাৰ অভিযোগ পৰিয়ালৰ৷

যাৰ ফলত অত্যধিক ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰে প্ৰসূতিগৰাকীৰ৷

১৭/ ডিব্ৰুগড়ৰ আলুবাৰীত ভয়ংকৰ ঘটনা।

এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰে এদল উদণ্ড যুৱকে।

মৃত যুৱকজন ২৪ বছৰীয়া কমল সোণাৰ।

দ্বীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনৰ নেতৃত্বত এই ঘটনাৰ সংঘটিত হোৱাৰ অভিযোগ।

১৮/ মহানগৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক।

পাটৰকুছি নতুন বজাৰৰ পৰা হেৰ’ইনসহ আটক কৰে ৰোহিত সিংলাক।

ধৃত সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ কৰে ২৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

NDPS আইনৰ অধীনত মহানগৰ আৰক্ষীয়ে ৰুজু কৰে গোচৰ।

১৯/ হাইলাকান্দিত ৰাইজৰ উত্তাল প্ৰতিবাদ।

মাটিজুৰি পইণ্টত ৰাজপথ অৱৰোধ কৰে ৰাইজে।

বিদ্যুৎ যোগান ব্যাহত থকাৰ বাবে পথ অৱৰোধ কৰে।

যাৰ ফলত পথটোৰে ব্যাহত যাতায়াত।

অৱশ্যে দুঘণ্টাৰ ভিতৰত বিদ্যুৎ যোগানৰ আশ্বাস দিয়াৰ পাছতে মুকলি কৰি দিয়ে পথটো।

২০/ বৰপেটাৰ পশ্চিম ফকিৰপাৰাত দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত।

ৰাইজে খেদি খেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক।

ড্ৰাগছ সৰবৰাহকাৰী দুটা শ্বাহ আলম, ৰফিকুল ইছলাম।

চৰাঞ্চলৰ ড্ৰাগছ সৰবৰাহৰ অন্যতম মূল অভিযুক্ত শ্বাহ আলম।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

 

Leave a Reply

Your email address will not be published. Required fields are marked *