Himanta Biswa Sarma

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

https://www.facebook.com/rnewsindia24?mibextid=JRoKGi

https://youtube.com/@rnewsindia24?si=tnYp3FbDVvQSKlZp

 ১/ গোৱালপাৰাৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা মৃতকৰ ঘৰত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল আৰু দলীয় বিষয়ববীয়াই।

শিমলীতোলাত নাও দুৰ্ঘটনাত মৃত্যু হয় ৫ জনকৈ লোক।

২/ ২৫ জুনত ‘সংবিধান হত্যা দিৱস’ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদৰী কৰে এই কথা।

২৫ জুনত দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে।

সেই দিনটোকে সংবিধান হত্যা দিৱসৰূপে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।

৩/ ‘স্মৃতি ইৰাণীৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী প্ৰদৰ্শন নকৰিব’।

X-যোগে ৰাহুল গান্ধীৰ আহ্বান।

জয়-পৰাজয় থাকেই।

এই সন্দৰ্ভত স্মৃতি ইৰাণী অথবা আন কোনো নেতাৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী প্ৰদৰ্শন নকৰিবলৈ ছ’চিয়েল মিডিয়াত আহ্বান জনাই বিৰোধী নেতা ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে, ২০১৯ চনত কংগ্ৰেছৰ দুৰ্গৰ পৰা ৰাহুল গান্ধীক পৰাস্ত কৰা স্মৃতি ইৰাণী শেহতীয়া লোকসভা নিৰ্বাচনত আমেথীৰ পৰা পৰাজিত হয়।

৪/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ বৃহৎ সকাহ।

EDৰ গোচৰত কেজৰিৱালক অন্তৰ্ৱৰ্তী জামিন।

উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে অন্তৰ্ৱৰ্তী জামিন।

দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ কৰা হয়।

৫/ শিলচৰত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।

নিৰ্মীয়মান মিনি সচিবালয় পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

৬/ দলীয় পদবীৰ পৰা অপসাৰিত হ’ব AIUDFৰ দুই বিধায়ক কৰিমুদ্দিন বৰভূঞা, আমিনুল ইছলামৰ৷

সাধাৰণ সম্পাদকৰ পদৰ পৰা আঁতৰোৱা হ’ব দুয়োকে৷

এই কথা সদৰী কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে৷

৭/ আজি মহাৰাষ্ট্ৰৰ বিধান পৰিষদৰ নিৰ্বাচন৷

পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে হয় ভোটগ্ৰহণ৷

১১ খন আসনৰ বাবে সৰ্বমুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰে।

৮/ অসমত উপস্থিত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া৷

বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক৷

দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় জ্যোতিৰাদিত্য সিন্ধিয়া৷

৯/ ক’ভিডত আক্ৰান্ত অভিনেতা অক্ষয় কুমাৰ৷

যাৰ বাবে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিৱাহৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে অভিনেতাগৰাকী৷

১০/ খালিস্তানী নেতা অমৃতপাল সিঙৰ ভাতৃক গ্ৰেপ্তাৰ৷

আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ভাতৃ হৰপ্ৰীত সিঙক৷

১১/ বটদ্ৰৱাৰ বৰভেটিত হস্তনিৰ্মিত পিষ্টলসহ চাৰি জাঁই সক্ৰিয় গুলী উদ্ধাৰ৷

বটদ্ৰৱা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় সামগ্ৰীখিনি৷

আমলখি গাঁৱৰ জিয়াউৰ ৰহমানৰ পৰা পিষ্টলটো উদ্ধাৰ কৰে আৰক্ষীয়ে।

১২/ মেঘালয়ত পুনৰ ভয়াৱহ ভূমিস্খলন৷

৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পাহাৰৰ পৰা মাটি খহি পৰে। যাৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে৷

ইষ্ট জয়ন্তীয়া হিলছৰ কুলিয়াঙত সংঘটিত হয় এই ভূমিস্খলন৷

১৩/ অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক৷

অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিব মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে৷

বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ কঢ়িয়াই আনিছিল লাভলিনাই৷

১৪/ বোকাজানত এক কোটি টকাৰ হেৰ’ইন জব্দ কৰা হয়।

ড্রাগছসহ কৰায়ত্ত কৰে দুই সৰবৰাহকাৰী।

ধৃত মণিপুৰৰ মহম্মদ য়াহয়া খান আৰু টানৱীৰ হুছেইন।

১৫/ গোসাইগাঁৱৰ শ্ৰীৰামপুৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ৷

এখন ট্ৰাকৰ পৰা ৩১৩ কেজি গাঞ্জা উদ্ধাৰ কৰা ৷

ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি৷

ট্ৰাক ড্ৰাইভাৰ গণেশ মুছাহাৰীক আটক কৰে আৰক্ষীয়ে৷

১৬/ নেপালত ভয়ংকৰ ভূমিস্খলন৷

পাহাৰৰ মাটি খহি আহি ত্ৰিশূলী নদীত পৰে দুখনকৈ বাছ৷

নিৰুদ্দেশ বাছ দুখনৰ ৬৩জনকৈ যাত্ৰী৷

মদন-অশ্ৰিত ঘাইপথৰ নাৰায়ণগড়-মুগলিন পথত সংঘটিত হয় এই ভূমিস্খলন৷

১৭/ ‘বিজেপি দলৰ নিষ্ঠাৱান কৰ্মী আৰু নেতাসকলে বিজেপি ত্যাগ কৰিব খুজিছে।’

‘২০২৬ত ৰাইজৰ দলৰ পৰা অতি কমেও ১৫ জন বিধায়ক হ’ব।’

‘অসমৰ দুটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বিৰুদ্ধে আমি একেলগে যুঁজ কৰি যাম।’ – মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

১৮/ শোণিতপুৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ।

বৰজুলি চাহ বাগিচাৰ ৰঙাপৰা বাগিচা শাখাত প্ৰতিবাদ।

১২ দফীয়া দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে মজদুৰ সংঘই।

বাগিচাৰ খোৱাপানীৰ সমস্যা, বকেয়া ধন মুকলিৰ দাবীৰে সাব্যস্ত কৰে।

২০/ মুছলীম ছাত্র সন্থা, অসম ( মুছা) ৰ উদ্যোগত মহানগৰীৰ চচলত ধর্মঘট কাৰ্যসূচী।

উচ্ছেদ কাৰ্য বন্ধ কৰা, উচ্ছেদিত লোকক পুনৰ সংস্থাপন আদি বিভিন্ন দাবীৰে ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *