দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ ৰহাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
জোঙাল বলহু পৰ্যটন প্ৰকল্পৰ কামৰ বুজ লোৱাৰ উদ্দ্যেশ্যে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
২/ গোলাঘাট জিলাৰ বংকোৱাল গাঁৱত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
ব্ৰহ্মপুত্ৰৰ বানে ছিগা বংকোৱাল মথাউৰি পৰিদৰ্শন কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।
৩/ অসম লোকসেৱা আয়োগৰ আৰ্হিত নহয় ADREৰ পৰীক্ষা।
প্ৰাৰম্ভিক পৰীক্ষাৰ পৰিৱৰ্তে হ’ব মূল আৰু মৌখিক পৰীক্ষাহে।
সামাজিক মাধ্যমযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৪/ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত পৰ্যালোচনামূলক বৈঠক।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মন্ত্ৰী বিমল বৰা, বিধায়ক সুশান্ত বৰগোহাঁইৰ উপস্থিতিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হয় পৰ্যালোচনামূলক বৈঠক।
উক্ত বৈঠকত জিলাখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুখ্য আঁচনিসমূহৰ লগতে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণৰ দিশত পৰ্যালোচনা কৰা হয়।
৫/ আজি জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থখন T20 মেচ।
জিম্বাবৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।
আজি বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব মেচখন।
ইতিমধ্যে শৃংখলাত ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে টীম ইণ্ডিয়া।
৬/ নগাঁও আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ’ব পীযূষ হাজৰিকা।
পূৰ্বে দুই জিলাৰ অভিভাৱক মন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য।
সাংসদ নিৰ্বাচিত হোৱা বাবেই মন্ত্ৰিত্ব এৰিছিল পৰিমল শুক্লবৈদ্যই।
৭/ ৭ আৰু ৮ নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ ছুটী।
পিতৃ-মাতৃ বন্দনাৰ বাবে ছুটী ৰাজ্যিক কৰ্মচাৰীলৈ।
সামাজিক মাধ্যমত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই।
ব্যক্তিগত প্ৰতিষ্ঠানসমূহকো এই সুবিধা প্ৰদানৰ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
৮/ গোৱালপাৰাৰ নাও দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ কাষত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।
নাও দুৰ্ঘটনাত মৃত্যু হোৱা পাঁচ গৰাকী ব্যক্তিৰ পৰিয়ালক সাক্ষাৎ কৰে সভাপতি গৰাকীয়ে।
লগতে শোকস্তব্ধ পৰিয়াল কেইটাক গভীৰ সমবেদনা জ্ঞাপন কৰে।
মৃতকৰ পৰিয়ালকেইটাক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।
৯/ অসম কন্যা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে ইউনেস্ক’ৰ পৰা লাভ কৰে
UNESCO MAB YOUNG SCIENTIST AWARD FOR 2024.
দেশৰ ভিতৰতে এই সন্মান লাভ কৰা একমাত্ৰ যুৱ বিজ্ঞানী বৃন্দা কাশ্যপ।
১০/ সাতখন ৰাজ্যৰ ১৩খন বিধানসভাৰ আসনৰ উপ-নিৰ্বাচনত INDIAৰ অভূতপূৰ্ব উত্থান।
উপ-নিৰ্বাচনত দুখন আসন লাভ কৰে, ৯ খন আসনত অগ্ৰগতি INDIAৰ।
১০ জুলাইত পশ্চিম বংগৰ চাৰিখন, হিমাচল প্ৰদেশৰ তিনিখন, উত্তৰাখণ্ডৰ দুখন, আৰু বিহাৰ, পঞ্জাৱ, মধ্যপ্ৰদেশ আৰু তামিলনাডুৰ এখনকৈ আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
১১/ পশ্চিমবংগৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা।
তৃণমূল কংগ্ৰেছে দখল কৰে ৪খন আসন।
মানিকতলা, ৰাণাঘাট দক্ষিণ, বাগদা আৰু ৰায়গঞ্জ দখল।
১২/ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী।
মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী ফেৰী আবদ্ধ।
পুৱা ৯.৪৫ বজাত কমলাবাৰীৰ পৰা ৰাওনা হৈছিল নিমাতী ঘাটলৈ।
বৰ্তমান কমলাবাৰী ঘাটৰ পৰা অন্য এখন ফেৰীৰে উদ্ধাৰ কৰে যাত্ৰীসকলক।
১৩/ পুৰণি শৰাইঘাট দলঙেৰে সাময়িকভাৱে চলাচল বন্ধ।
দুদিনৰ বাবে ৰে’লৱে বিভাগে বন্ধ কৰে দলংখন।
প্ৰচণ্ড ফাট মেলা দলংখন মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দলংখনৰ কেইবাটাও স্থানত মেলে প্ৰচণ্ড ফাট।
দিনৰ ১১ বজাৰ পৰা বন্ধ কৰি দিয়া হয় দলংখন।
১৪/ ব্যৱসায়ীক ধন দাবী কৰি আৰক্ষীৰ জালত NSCNৰ যোগসূত্ৰকাৰী।
তিনিচুকীয়াৰ পেঙেৰী আৰক্ষীয়ে আটক কৰে ৩ যোগসূত্ৰকাৰী অংকুৰ গগৈ, অবিনাশ ঘোষ আৰু লুপান চিংফৌক।
দীপ্তি গগৈ নামৰ ব্যৱসায়ীগৰাকীক দাবী কৰিছিল ১০ লাখ টকা।
দাবী কৰা ধন নিবলৈ আহি আটক হয় সংগঠনটোৰ ৩ সদস্য।
১৫/ সোণাপুৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা।
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ।
শীঘ্ৰে ঘাইপথ মেৰামতিৰ দাবী আছুৰ।
১৬/ চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে নিষিদ্ধ নিচাজাতীয় কফ ছিৰাপ।
এখন বাছৰ পৰা জব্দ কৰে নিষিদ্ধ ফেন্সিডাইল।
১৭/ গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা।
সভাত প্ৰাক্তন মন্ত্ৰী তথা লেখক নীলমণিসেন ডেকাৰ কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।
১৭/ ‘বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সকলো নেতা আহিব বিজেপিলৈ।
ৰাজনীতিত অহা-যোৱা চলি থাকে আৰু থাকিব।
২০২৬ৰ আগে আগে কংগ্ৰেছত আৰু কোনো নেতা নাথাকিব।’- মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
১৮/ ৩ আগষ্টত জাগীৰোডত হ’ব টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি পূজন।
২ বছৰত সম্পূৰ্ণ হ’ব টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প ।
উন্নত হ’ব গুৱাহাটী আৰু জাগীৰোডৰ মাজৰ যাতায়াত ব্যৱস্থা।
ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে।
১৯/ মিজোৰামত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।
জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য ৩২ কোটি ১১ লাখ ৮০ হাজাৰ টকা।
আৰক্ষীয়ে মহিলা সহ দুজনক গ্ৰেপ্তাৰ কৰে।
২০/ বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ ভিত্তিত ৱেব ছিৰিজ নিৰ্মাণ।
মূল উপন্যাস ‘ক্ষুধাতুৰ শগুণ’ৰ আধাৰত নিৰ্মাণ “ক্ষুধা”।
সৰ্বমুঠ ৮ টা খণ্ডৰে নিৰ্মিত ৱেব ছিৰিজ খনে মুক্তি লাভ কৰিব ১৪ জুলাইত।
ৱেব ছিৰিজ খনত অভিনয় কৰে ৰবি শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী, প্ৰীতম দত্তকে ধৰি বহু জেষ্ঠ কণিষ্ঠ অভিনেতা অভিনেত্ৰীয়ে।
OTT প্লেটফৰ্ম REEL DRAMA ত উপলব্ধ হ’ব ক্ষুধা।
Sangita Dutta Editor in Chief Rnewsindia24.com