দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈ নৱ দম্পত্তিক আৰ্শীবাদ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
২/ কলাক্ষেত্ৰত ‘সাংস্কৃতিক সমাৰোহ-২০২৪’ শীৰ্ষক অনুষ্ঠান।
আদৰ্শ বিদ্যালয় সংগঠন অসমৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।
৩/ ৩০ জুলাইৰ পৰা কোকৰাঝাৰত অনুষ্ঠিত হ’ব ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা।
অসম আৰু বি টি আৰ চৰকাৰৰ সহযোগত ভাৰতীয় সেনাৰ উদ্যোগত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপ।
আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰেক্ষাগৃহত ডুৰাণ্ড কাপৰ ট্ৰফী উন্মোচন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু BTR প্ৰধান প্ৰমোদ বড়োৱে।
৪/ পুনৰবাৰ বিৰোধী দলৰ উপ-দলপতিৰ দায়িত্ব প্ৰদান গৌৰৱ গগৈক।
লোকসভাৰ অধ্যক্ষক পত্ৰযোগে এই কথা জনাই কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে।
৫/ হঠাৎ অসুস্থ হৈ পৰে AIUDF প্ৰধান।
বিলাসীপাৰাত বন্যাক্ৰান্তৰ খবৰ ল’বলৈ গৈ নাৱতে ঢলি পৰে ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল।
৬/ গুৱাহাটীৰ ৰূপনগৰত
ব্ৰহ্ম কুমাৰীৰ প্ৰাক্তন অধ্যক্ষ শিলা দিদি জীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
ৰাজযোগিনী শিলা দিদি জী আছিল ব্ৰহ্ম কুমাৰী গুৱাহাটী মণ্ডলৰ প্ৰতিষ্ঠাপক।
বিশ্ব শান্তি ভৱনত অনুষ্ঠিত হয় এই কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
৭/ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ গুলীচালনা।
দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।
এখন নিৰ্বাচনী ৰেলীত ভাষণ প্ৰদান কৰি থাকোঁতে গুলীচালনা কৰে দুৰ্বৃত্তই।
৮/ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা চৰাইদেউ মৈদামে।
পুৰাতত্ত্ব-প্ৰত্নতত্ত্ব বিষয়াৰ পৰিভ্ৰমণ মৈদামক্ষেত্ৰ।
আজি চৰাইদেউ মৈদামক্ষেত্ৰ পৰিভ্ৰমণ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই।
৯/ গোৱালপাৰাৰ মাটিয়াত উপস্থিত সাংসদ বিজুলী কলিতা মেধি।
সত্তৰোৰ্ধৰ মহিলাক দুৰ্বৃত্তৰ বলাৎকাৰৰ ঘটনাৰ পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় সাংসদগৰাকী।
১০/ আজি জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ পঞ্চমখন T20 মেচ।
জিম্বাবৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।
ইতিমধ্যে ৩-১ৰ ব্যৱধানত শৃংখলা দখল কৰে টীম ইণ্ডিয়াই।
১১/ আৰক্ষীৰ জালত SBIৰ দিছপুৰ শাখাৰ উপ-প্রবন্ধক।
দিছপুৰ আৰক্ষীয়ে আটক কৰে বেংক বিষয়া গুলেনুৰ হুছেইনক।
গুলেনুৰ হুছেইনৰ বিৰুদ্ধে অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াৰ ধন আত্মসাৎ কৰাৰ অভিযোগ।
১২/ পুনৰ আটক ভিক্টৰ দাস। পথত অৰ্ধ উলংগ হৈ উদ্ভণ্ডালি কৰি গ্ৰেপ্তাৰ হয় ভিক্টৰ দাস।
অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ পথত বাহন আগভেটি আৰোহীকো আক্ৰমণ কৰে।
ভাঙি চূৰমাৰ কৰে AS 01DV 5125 নম্বৰৰ বাহনখন।
লগতে আন এখন বাহনো ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ভিক্টৰ দাসে।
দদৰাস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক।
১৩/ হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ।
বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সমাৰোহত ভাষণ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই।
১৪/ আউনীআটী সত্ৰৰ “সত্ৰীয়া ঐতিহ্য আৰু আধ্যাত্মিক কলা নিকেতন”ত অনুষ্ঠিত কৰা হয় সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ ১০ দিনীয়া কৰ্মশালা ।
দেব বাদ্য খোল, বাঁহী,তালৰ শব্দত মুখৰিত সত্ৰৰ প্ৰাংগন।
চালি নৃত্য, কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্যৰ লগতে খোলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে নৱ প্ৰজন্মই।
১৫/ গোলাঘাট জিলাৰ উৰিয়াম ঘাটৰ পৰা ১৪০ টা চাবোনৰ বাকচ ভৰ্তি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।
জব্দকৃত হেৰ’ইন খিনিৰ বজাৰ মূল্য ১৫ কোটি টকা।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা সহ তিনি জন ড্ৰাগছ ব্যৱসায়িক।
১৬/ জোনাইৰ চিমেন নদীত সন্ধানহীন ডিব্ৰুগড়ৰ ছাত্ৰ।
শুকুৰবাৰৰ পৰা সন্ধানহীন ছাত্ৰ আজিতেজ হাজৰিকা।
লিডুৰ পৰা মুৰ্কংচেলেক অভিমুখী ৰে’লত আহিছিল ৭ ছাত্ৰ।
চিমেন চাপৰিত নামি উপভোগ কৰিছিল প্ৰাকৃতিক দৃশ্য।
১৭/ কৰিমগঞ্জৰ কালিগঞ্জত শোকাৱহ দুৰ্ঘটনা।
পানীত পৰি মৃত্যু হয় এটি দুবছৰীয়া কণমানিৰ।
মৃত শিশুটি কানিশাইল গাঁৱৰ আফৰাজুল আলম।
ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হয় শোকৰ ছাঁ।
১৮/ শিৱসাগৰৰ চিন্তামণিগড়ত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ জেলেঙীটোপৰ ভীম গগৈৰ মৃত্যু।
শক্তি বিভাগৰ গাফিলতিৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।
বৈদ্যুতিক খুঁটাৰ পৰা ছিগি পানীত পৰি আছিল তাঁৰ।
গৌৰীসাগৰ বিদ্যুৎ উপ-সংমণ্ডলক বিষয়টো অৱগত কৰাৰ পাছতো কৰ্তন কৰা নাছিল বিদ্যুৎ সংযোগ।
১৯/ জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
কুপৱাৰাত সেনাৰ গুলীত নিহত হয় ৩ সন্ত্ৰাসবাদী।
২০/ গোৱালপাৰাত গুলীচালনাত নিহত হয় ব্যৱসায়ী।
শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে অশোক গোৱেল নামৰ ব্যৱসায়ীজনক।
আগিয়া-গোৱালপাৰা পথত সংঘটিত হয় এই ঘটনা।
Sangita Dutta Editor in Chief Rnewsindia24.com