দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ কংগ্ৰেছৰ পৰ্যৱেক্ষক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত হোটেল লিলিত অনুষ্ঠিত হয় বৈঠক।
বৈঠকত উপস্থিত থাকে APCCৰ সভাপতি ভূপেন বৰা আৰু বিধায়কসকল।
২/ মিচিং বাঃনৗ কৗবাং (MBK) ৰ শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস।
গোগামুখ মিচিং জাতীয় ক্ষেত্ৰ ৰৗগৃঃৰৗগামত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
৩/ গ্ৰীচত অনুষ্ঠিত হ’ব বিশ্ব আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ ২০২৪।
আইএফ ৱৰ্ল্ড আৰ্মৰেছলিঙলৈ আমন্ত্ৰণ জনায় অসমৰ প্ৰতিভাসম্পন্ন ৰঞ্জিতা গগৈ ফুকনক ।
আইএফ ৱৰ্ল্ড আৰ্মৰেছলিং, হেলেনিক ৰেছলিং ফেডাৰেচনে আমন্ত্ৰণ জনায় ৰঞ্জিতাক।
আৰ্মৰেছলিং চেম্পিয়নশ্বিপ ৩০ ছেপ্টেম্বৰ পৰা ০৬ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।
কিন্তু এই প্ৰতিযোগতাত ভাগ ল’বলৈ আৰ্থিকভাৱে সহায়ৰ প্ৰয়োজন ৰঞ্জিতাক।
বিত্তীয় সমৰ্থন প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনাইছে ৰঞ্জিতাই।
৪/ থলুৱা নিযুক্তিক লৈ কৰ্ণাটক চৰকাৰৰ ডাঙৰ সিদ্ধান্ত৷
উদ্যোগ, অন্যান্য প্ৰতিষ্ঠানৰ পৰিচালকৰ পদ সংৰক্ষণ থাকিব ৫০ শতাংশ৷
পৰিচালকৰ পদবীৰ বাদে অন্য পদ সংৰক্ষণ হ’ব ৭৫ শতাংশ৷
এখন বিশেষ বিধেয়কত অনুমোদন কৰ্ণাটক কেবিনেটৰ৷
কৰ্ণাটকৰ স্থায়ী বাসিন্দাই নিযুক্তিৰ ক্ষেত্ৰত পাব প্ৰাধান্য, ১৫ বছৰৰ অধিক কাল কৰ্ণাটকত বাস কৰা লোকেও পাব সুবিধা৷
কানাড়া ভাষা ক’বলৈ, পঢ়িবলৈ আৰু লিখিবলৈ জনাটোও বাধ্যতামূলক৷
৫/ কাৰ্বি আংলং আৰক্ষীৰ ব্যাপক ড্ৰাগছবিৰোধী অভিযান৷
অভিযানত জব্দ কৰে প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন৷
ঘটনা সন্দৰ্ভত এখন বাহনসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
৬/ অসম গৌৰৱ তথা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া অসুস্থ৷
ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় মৰাণ মেডিকেল চেণ্টাৰত৷
উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰে হেমপ্ৰভা চুতীয়াক।
৭/ কোকৰাঝাৰত মাৰণাস্ত্ৰসহ দুই যুৱকক গ্ৰেপ্তাৰ৷
ৰিভলভাৰসহ পাটগাঁও বজাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিটুৱেল বসুমতাৰী, সুভাষ বসুমতাৰীক৷
৮/ চাপৰত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
অভিযানত নকল সোণসহ দুই বাৱসায়ী আটক কৰে আৰক্ষীয়ে।
ধৃত ব্যৱসায়ী বাদশ্বা শ্বেখ আৰু নুৰ আলম।
৯/ কৰ্কট ৰোগীলৈ চুলি দান কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰই।
পুৰুষ কৰ্কট ৰোগীৰ বাবে চুলি দান কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ পদাৰ্থ বিজ্ঞানৰ সানু মৰম বাউৰী নামৰ ছাত্ৰজনে।
নিজৰ ২৩.২ ইঞ্চি চুলি দান কৰে সানুৱে৷
১০/ উজনিমুৱা গান্ধীধাম এক্সপ্ৰেছত যান্ত্ৰিক বিজুতিৰ ফলত জুইৰ সূত্ৰপাত৷
গান্ধীধাম এক্সপ্ৰেছৰ ব্ৰেকৰ পৰা সূত্ৰপাত হয় জুইৰ৷
জুই নিৰ্বাপণ কৰে ৰে’ল কৰ্মীসকলে৷
১১/ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ৷
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দেৰগাঁৱৰ উদীয়মান কণ্ঠশিল্পী, গীতিকাৰ ৰাকেশ ৰাগৰ মৃত্যু হয় ৷
কিছুদিনৰ পৰাই জ্বৰ আৰু মূৰৰ বিষত ভুগি আছিল ৰাকেশ৷
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।
১২/ জুৱাৰ বিৰুদ্ধে নগাঁৱত কচুৱা আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত দুটা জুৱাৰীক আটক কৰে আৰক্ষীয়ে।
কচুৱা মাধৱপাৰাৰ পৰা আটক কৰে জুৱাৰী কৰে জুৱাৰী দুটা ইমৰাণ হুছেইন, ইব্রাহিম আলী।
১৩/ গোলাঘাটৰ মক্ৰঙত অবৈধ বিলাতী সুৰাভৰ্তি ট্ৰাক জব্দ।
মেৰাপানী, ঘিলাধাৰী আৰক্ষীৰ অভিযানত জব্দ কৰে সুৰাখিনি।
ঘটনা সন্দৰ্ভত ৭জনক আটক কৰে আৰক্ষীয়ে।
জব্দকৃত সুৰাখিনিৰ বজাৰমূল্য লক্ষাধিক টকা।
মৰিয়নিৰ পৰা মেৰাপানী হৈ নাগালেণ্ডলৈ সৰবৰাহৰ কৰিছিল চেষ্টা।
১৪/ জোনাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ।
ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰী ৰণোজ মিলিক।
১৫/ গোলাঘাটৰ মক্ৰং তিনিআলিত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰা হয়।
গোলাঘাট আৰক্ষীৰ অভিযানত জব্দ কৰে এখন সুৰাভৰ্তি ট্ৰাক।
মৰিয়নিৰ পৰা নাগালেণ্ড অভিমুখী আছিল ট্ৰাকখন।
১৬/ মাজুলীত ব্ৰহ্মপুত্ৰত আবদ্ধ ৰ’পেক্স জাহাজ।
আধাঘণ্টা ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হয় জাহাজখন।শতাধিক যাত্ৰীসহ জাহাজখনত আছে ১২ গাড়ী, ৪০খন বাইক ।
১৭/ ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ।
JEত আক্ৰান্ত হৈ মৃত্যু হয় আমচৈ নকুছিৰ মাধুৰ্য কোঁৱৰৰ।
GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু শিশুটিৰ।
১৮/ নিউ বঙাইগাঁৱৰ ৰে’লৱে ষ্টেচনৰ পৰা জব্দ ১১খন সোণৰ বিস্কুট।
কুণ্ডন কুমাৰ জয়চোৱাল আৰু চান্নি নামৰ দুজন ব্যক্তিক আটক কৰে।
উত্তৰ প্ৰদেশৰ দুই ব্যক্তিয়ে সৰবৰাহ কৰিছিল সোণখিনি।
ব্যক্তিকেইজনৰ পৰা GRPয়ে উদ্ধাৰ কৰে বিদেশী মুদ্ৰাও।
১৯/ কাছাৰৰ ভুবন পাহাৰত আৰক্ষী-উগ্ৰপন্থীৰে সংঘৰ্ষ।
সংঘৰ্ষত নিহত হয় ৩ মাৰ উগ্ৰপন্থী,
আহত হয় তিনিজন আৰক্ষী।
অব্যাহত আছে আৰক্ষীৰ অভিযান।
২০/ উত্তৰ প্ৰদেশৰ গোণ্ডাত লাইনচ্যুত অসম অভিমুখী ৰে’ল।
চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ কেইবাটাও দবা হয় লাইনচ্যুত।
দুৰ্ঘটনাত ৪ জন যাত্ৰীৰ মৃত্যু হয়, আহত হয় কেইবাজনো লোক।
ৰে’লখনত আছিল অসমৰ যাত্ৰীও।
Sangita Dutta Editor in Chief Rnewsindia24.com