Pijush Hazarika

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ চাবুৱাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
আজি চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

২/ লোকশিল্পী , সংস্কৃত পণ্ডিত ড° কৃষ্ণকান্ত সন্দিকৈৰ আজি ১২৬ সংখ্যক জয়ন্তী।
ধেমাজি জিলা আহোম সভাৰ উদ্যোগত আৰু জোনাই জিলা আহোম সভাৰ সহযোগত চিমেন চাপৰিত উদযাপন কৰা হয় এই বিশেষ দিনটো।

৩/ হাইলাকান্দি বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত কাটাখাল নদীয়ে ছিঙি নিয়া মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
আজিৰে পৰা ভগ্ন মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

৪/ নাওবৈচা বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা।
জিলা আয়ুক্তক তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
বিদ্যুৎ কৰ্তন কৰিবলৈ গৈ আশীৰ উৰ্ধৰ প্ৰভাত বৰা নামৰ লোকজনক দুৰ্ব্যৱহাৰৰ অভিযোগ নাওবৈচা বিদ্যুত সংমণ্ডলৰ কৰ্মচাৰীৰ বিৰুদ্ধে।

৫/ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত উপস্থিত সাংসদ ৰকিবুল হুছেইন।

৬/ ডিব্রুগড়ৰ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
নালিয়াপুল অঞ্চলৰ বান পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।

৭/ কৰিমগঞ্জত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা।
নিশা পাথাৰকান্দিৰ দক্ষিণ বিলবাৰী গাঁৱৰ মথাউৰি পৰিদর্শন কৰে মন্ত্ৰী গৰাকীয়ে।
মন্ত্ৰী গৰাকীক সংগ দিয়ে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালোৱে।

৮/ বোকাখাত আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত উপস্থিত মন্ত্ৰী অতুল বৰা।
বোকাখাত জিলা এমেচাৰ বক্সিং সন্থা, দিচৈ ভেলী বক্সিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা।
প্ৰতিযোগীসকলক উৎসাহিত কৰাৰ লগতে উদযাপন সমিতিক শলাগ লয় মন্ত্ৰী গৰাকীয়ে।

৯/ কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কে।
আজিয়েই বিজেপি ত্যাগ কৰে অশোক শৰ্মাই।
ইতিমধ্যে বিজেপি দল ত্যাগ কৰাৰ কথা ঘোষণা কৰে অশোক শৰ্মাই।

১০/ UPSCৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ।
ব্যক্তিগত কাৰণত কাৰ্যকাল শেষ হোৱাৰ পাঁচ বছৰ পূৰ্বে পদত্যাগ কৰে UPSCৰ অধ্যক্ষগৰাকীয়ে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মনোজ ছোনীয়ে।

১১/ অবৈধ মাৰণাস্ত্ৰৰ সন্ধানত চিৰাং আৰক্ষীৰ ব্যাপক অভিযান।
চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।
ভূটান সীমান্তৰ ৰুণীখাতা থানা এলেকাৰ পৰা উদ্ধাৰ কৰে মাৰণাস্ত্ৰখিনি।

১২/ ধেমাজিৰ জীয়াঢল মুখত অঘটন।
মাছ মাৰিবলৈ গৈ নদীত উটি গ’ল এজন ব্যক্তি।
নৈৰ সোঁতে উটুৱাই লৈ যায় গণেশ বৰ্মন নামৰ লোকজনক।
শান্তিপুৰ ৰাক্ষস বজাৰৰ বাসিন্দা আছিল গণেশ বৰ্মন।
SDRF আৰু আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত।

১৩/ লখিমপুৰৰ বঙালমৰাত নকল সোণৰ নাও জব্দ।
বঙালমৰাৰ ২ নম্বৰ সোণাপুৰৰ পৰা জব্দ কৰে ৪খন নকল সোণৰ নাওঁ।
আৰক্ষীয়ে আটক কৰে নকল সোনসহ এটা সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটোৰ নাম তৈবুৰ ৰহমান।

১৪/ ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী জাহাজ।
নৈৰ মাজত আবদ্ধ হয় এম ভি শংকৰী নামৰ জাহাজখন।
প্ৰায় এঘণ্টা সময় আবদ্ধ হৈ থাকে ব্ৰহ্মপুত্ৰৰ বুকুত।
জলেশ্বৰৰ পৰা ধুবুৰী অভিমুখী আছিল জাহাজখন।
অৱশেষত যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰে।

১৫/ ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ গেমছত অসমৰ ৩টা পদক অৰ্জন।
জেভলিন থ্ৰ’ত এফ ৪৪ শাখাত লালৰামছুক হম আৰু এফ ৫৭ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে অমৰজ্যোতি লাহনে।
শ্বটপুটত ৰূপৰ পদক অৰ্জন কৰে দেৱৰাজ দাসে।

১৬/ অসমত ১০ কোটি গছপুলি ৰোপনৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।
এই বৰ্ষত ৰাজ্যত ৩ কোটি গছপুলি ৰোপন কৰাৰ সিদ্ধান্ত ।
এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিগত বৰ্ষত ৰোপণ কৰা হয় ১.১২ কোটি গছপুলি।

১৭/ আজি কাটিগড়া সমষ্টিত ভাৰত-বাংলাদেশ সীমান্তত থকা কেইবাখনো শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

১৮/ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।
মহানগৰীৰ চচলত ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী।
চৰকাৰে কৰা প্ৰবঞ্চনা, বিভিন্ন সমস্যা সমাধানৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

১৯/ মহানগৰীৰ কালাপাহাৰত ভয়ংকৰ ঘটনা।
নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা।
শুকুৰবাৰে নিশা নাহৰফুটুকীয়ে আক্ৰমণ কৰে মহিলাগৰাকীক।
আহত মহিলাগৰাকী ফটাশিল আমবাৰীৰ দীপালী দাস।
গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক GMCHত ভৰ্তি কৰোৱা হয়।

২০/ গোলাঘাটৰ ডাম্পিং গ্ৰাউণ্ডত স্থাপন কৰা হৈছে উন্নত মানদণ্ডৰ জাৱৰ নিষ্কাষন যন্ত্ৰ।
এই যন্ত্ৰই পেলনীয়া জাৱৰৰ পৰা পলিথিন পৃঠক কৰি প্ৰস্তুত কৰিব সাৰ।
একেদৰে পেলনীয়া প্লাষ্টিকো নিষ্কাষন কৰি পথ নিৰ্মাণ বা অন্য কামত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰিব যন্ত্ৰটোৱে।
গোলাঘাটত স্থাপন কৰা এই অত্যাধুনিক যন্ত্ৰটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *