Nirmala Sitharaman

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

1. আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট৷
বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

2. সোমবাৰে পুৱা ১০.৩০ বজাৰ পৰা সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ৷
CCTVৰ ভিজুৱেল অনুসৰি কাছাৰীঘাটলৈ গৈছিল ৰমেন বৰুৱা৷
কাছাৰীঘাটত SDRF-NDRF বাহিনীয়ে চলাই অভিযান৷

3. শ্ৰীলংকাৰ বিৰুদ্ধে ২৭ জুলাইৰ পৰা অনুষ্ঠিত হ’ব এদিনীয়া আৰু T-20 শৃংখলা।
শ্ৰীলংকান দলৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন T-২০ মেচ খেলিব ভাৰতীয় দলটোৱে।

4. অৱসৰ ল’ব অলিম্পিকৰ দুবাৰৰ পুৰুষৰ একক চেম্পিয়ন, বিখ্যাত টেনিছ খেলুৱৈ এণ্ডি মাৰে।
পেৰিছ অলিম্পিকৰ পাছতে অৱসৰ ল’ব বিখ্যাত টেনিছ খেলুৱৈগৰাকীয়ে।

5. কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিদেশী বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে উৎসাহ জনোৱাৰ উদ্দেশ্যে পৰিকল্পনা গ্ৰহণ।
মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেটত উত্তৰ-পূবৰ বাবে ২৬ হাজাৰ কোটি টকা ঘোষণা কৰাৰ লগতে পূৰ্বোত্তৰত ভাৰতীয় ডাক বেংকৰ ১০০ৰো অধিক শাখা খোলাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ।

6. এতিয়াৰে পৰা কম দামত উপলব্ধ হ’ব কৰ্কট প্ৰতিৰোধী তিনিবিধ ঔষধ।
বাজেটত শুল্ক ৰেহাই ঘোষণা কৰ্কট প্ৰতিৰোধী তিনিবিধ ঔষধ।
Trastuzumab Deruxtecan, Osimeritinib and Durvalumabৰ শুল্ক ৰেহাই ।

7. পণ্ডিত কুঞ্জিলাল ডুবে ৰাষ্ট্ৰীয় সংসদীয় বিদ্যাপীঠ বঁটা প্ৰদান সমাৰোহ।
উক্ত সমাৰোহত উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু বহু গণ্য মান্য ব্যক্তি।

8. নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
‘ডিফেন্স মেনুফেকচাৰিং হাব’ হিচাপে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক শক্তিশালী কৰাত সহায়ক হোৱাকৈ অসমে ফেৰ মাৰিবৰ বাবে উপলব্ধ সুবিধাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰি অসমত প্ৰতিৰক্ষা কৰিড’ৰ স্থাপনৰ সন্দৰ্ভত আলোচনা কৰে।

9. ‘NEET-UG পৰীক্ষাত হোৱা ত্ৰুটিৰ পৰ্যাপ্ত প্ৰমাণৰ অভাৱ’।
পুনৰ অনুষ্ঠিত নহয় NEET-UG পৰীক্ষা।
NEET-UG পৰীক্ষাক লৈ হোৱা গোচৰৰ শুনানিত এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ।
৪০খনৰো অধিক আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ।

10. কোকৰাঝাৰত দ্বিতীয়বাৰলৈ হ’ব ডুৰাণ্ড কাপৰ খেল।
৩০ জুলাইৰ পৰা ১৬ আগষ্টলৈ হ’ব ৬ খন লীগ মেচ।
৩০ জুলাইত ১ম মেচত বড়োলেণ্ড FC বনাম NEUFC।
৬ খন লীগ মেচৰ লগত হ’ব এখন কোৱাৰ্টাৰ ফাইনেল।
৩০ জুলাইৰ দিনা প্ৰথমখন মেচ মুকলি কৰিবলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

11. লাভলীনা বৰগোঁহালৈ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বিশেষ অনুষ্ঠান।
লাভলীনা পেৰিছ অলিম্পিকলৈ যোৱাৰ পূৰ্বে শুভেচ্ছামূলক স্বাক্ষৰ অনুষ্ঠান।
“Good Luck ” Signature Campaign শীৰ্ষক কাৰ্য্যসূচীত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, লাভলীনাৰ ভগ্নী লীমা বৰগোঁহাই, অলিম্পিক সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে বহু বিশিষ্ট ব্যক্তি।

12. ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক হ’ব পাৰে ৰাহুল দ্ৰাবিড়।
IPL২০২৫ৰ বাবে RRৰ মুখ্য প্ৰশিক্ষকৰ নিযুক্তিক লৈ চৰ্চাত ৰাহুল দ্ৰাবিড়ৰ নাম।
বৰ্তমানলৈকে নিশ্চিত হোৱা নাই ফ্ৰেঞ্চাইজিটোত কুমাৰ চাংগাকাৰা থকাৰ কথা।

13. চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ’ব NAACৰ মূল্যায়ন প্ৰক্ৰিয়া।
দ্বি-মূলীয়া ব্যৱস্থাৰে মূল্যায়ন কৰা হ’ব কলেজ, বিশ্ববিদ্যালয়সমূহক।
এতিয়াৰে পৰা ৫ বছৰৰ সলনি ৩ বছৰৰ মুৰে মুৰে হ’ব NAACৰ মূল্যায়ন।
গুৱাহাটী বিশ্ববিদ্যালয়ত এক সংবাদমেলযোগে এই ঘোষণা NAACৰ সঞ্চালক অধ্যাপক গণেশন কান্নাবিড়ানৰ ।

14. নগাঁৱত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা।
জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে পৰ্যালোচনা বৈঠক।
বানত ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

15. ডেৰ–দুমাহৰ ভিতৰত ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাল্যবিবাহ বিৰোধী অভিযান।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তালিকা প্ৰস্তুত কৰে আৰক্ষীয়ে।
অবৈধ স্বামীৰ তালিকা লৈ গাঁৱে–ভূঞে সোমাব অসম আৰক্ষী।

16. বিজেপি নেতাই গ্ৰহণ কৰিব ইছলাম ধৰ্ম।
মন্ত্ৰী–বিধায়কৰ পৰা সহায় নাপায় ইছলাম গ্ৰহণ কৰাৰ সিদ্ধান্ত।
১৫ দিনৰ ভিতৰত ইছলাম গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে উঃপ্ৰদেশ বৰেলী বিজেপিৰ উপাধ্যক্ষ প্ৰদীপ আগৰৱালাই।

17. ‘বিগত ৫ বছৰেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ বাবে ধাৰ্য কৰা টকা আনিব নোৱাৰিলে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিজৰ চকীখন ৰক্ষাৰ স্বাৰ্থত বিহাৰক ২৬ হাজাৰ কোটি আৰু অন্ধ্ৰ প্ৰদেশক ১৫ হাজাৰ কোটি দিলে’।- বাজেটক লৈ মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

18. কৰিমগঞ্জৰ নিলাম বজাৰৰ বেৰাজালত ভয়ংকৰ পথ দুৰ্ঘটনা৷
অটোৰিক্সা আৰু হুণ্ডাই ভেন্যু বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দ’ খাৱৈ বাগৰি পৰে অটোৰিক্সা খন।
থিতাতে নিহত হয় ৫ জন ব্যক্তি।

19. ৰূপহীহাটত আৰক্ষীৰ জালত পৰে পিষ্টলসহ এটা ডকাইত।
USAত নিৰ্মিত .22 পিষ্টলসহ
আটক কৰে নগাঁৱৰ মধ্য শিয়ালমাৰীৰ চান্দ মিঞাক।
কিছুদিন পূৰ্বে কাঞ্চনপুৰত সংঘটিত গুলীয়াগুলীত জড়িত আছিল চান্দ মিঞ।
পূৰ্বেও কেইবাটাও ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগ।

20. জোনাইত উদ্বেগজনক ঘটনা।
৬টা নিচামুক্তি কেন্দ্ৰত হেপাটাইটিছ C, HIV প’জিটিভৰ সংক্ৰমণ।
প্ৰায় ৯৫% লোকৰ দেহত পোৱা যায় হেপাটাইটিছ C, HIV।
নিচামুক্তি কেন্দ্ৰসমূহত চিকিৎসাধীন লোকৰ শৰীৰত এই ৰোগৰ সংক্ৰমণ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *