Pabitra Margherita

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিনন্দন জ্ঞাপন কৰে পেৰিছ অলিম্পিক ২০২৪ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সৰৱজিত সিঙক।

ফোনযোগে সৰৱজিৎৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

২/ নাজিৰাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

প্ৰয়াত শিক্ষাবিদ নাজিৰাৰ অবণী বৰঠাকুৰৰ বাসগৃহত উপস্থিত হয় ভূপেন বৰা।

শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ভূপেন বৰাই।

৩/ ছত্তিশগড়ৰ ৰাজ্যপাল ৰূপে শপতগ্ৰহণ কৰে অসম সন্তান ৰমেন ডেকাই।

৪/ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ ভিয়েটনামৰ প্ৰধানমন্ত্ৰী।

নতুন দিল্লীত উপস্থিত হয় ভিয়েটনামৰ প্ৰধানমন্ত্ৰী Phạm Minh Chinh ।

বিমান বন্দৰত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

৫/ ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰীতি চুডানক।

মনোজ ছনীৰ পদত্যাগৰ পাছতেই প্ৰীতি চুডানক ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে নিযুক্তি ।

উল্লেখ্য যে, কাৰ্যকাল শেষ হোৱাৰ পাঁচ বছৰ পূৰ্বে পদত্যাগ কৰিছিল ইউ পি এছ চিৰ অধ্যক্ষ মনোজ ছোনীয়ে।

৬/ ৱায়নাড অভিমুখী কেৰালাৰ স্বাস্থ্যমন্ত্ৰী দুৰ্ঘটনাত পতিত।

ৱায়নাডৰ বিধ্বস্ত এলেকা পৰিদৰ্শনৰ বাবে গৈছিল মন্ত্ৰীগৰাকী।

মল্লপুৰম জিলাত দুৰ্ঘটনাগ্ৰস্ত মন্ত্ৰীগৰাকীৰ বাহন।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত মন্ত্ৰী বীণা জৰ্জক হাস্পতালত ভৰ্তি কৰোৱা হয়।

৭/ হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েকক হত্যা।

ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত হত্যা কৰে ইছমাইলক।

ইৰাণ সেনাই প্ৰকাশ কৰে এই তথ্য।

ইছমাইল হানিয়েকৰ নিৰাপত্তাৰক্ষীকো হত্যা।

কোনে হত্যা কৰিলে সেয়া প্ৰকাশ কৰা নাই ইৰাণ সেনাই।

৮/ শদিয়াৰ ১২ বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ।

অপহৰণ কৰা স্থানৰ পৰা কিছু নিলগত উদ্ধাৰ হয় মৃতদেহটো।

অপহৰণকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

অৰুণাচলৰ কালিখোলাত উদ্ধাৰ ৰোহিত বাহাদুৰ চেত্ৰীৰ মৃতদেহ।

ৰোহিতক হত্যা কৰি গাঁতত পুতি থৈছিল অপহৰণকাৰীয়ে।

৯/ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণ।

আক্ৰমণত মৃত্যু হয় ৪ জন, আৰু আহত হয় ৭৪ জন লোক।

আমেৰিকা আৰু ইজৰাইলৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত আছিল মহছিন।

নিহত মহছিনৰ মূৰৰ দাম ৪২ কোটি টকা ঘোষণা কৰিছিল আমেৰিকাই।

১০/ কেৰালাৰ ৱায়নাডত বান- ভূমিস্খলনত মৃতকৰ সংখ্যা ১৫৬লৈ বৃদ্ধি।

যুদ্ধৰ গতিৰে সেনাই অব্যাহত আছে উদ্ধাৰ অভিযান।

সেনা জোৱানে উদ্ধাৰ কৰে ১০০০ৰো অধিক লোকক।

১১/ ৰঙিয়া জংচনত বিস্ফোৰক সামগ্ৰীসহ এজনক আটক।

ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত আটক কৰে নুৰ আহমেদক।

ধৃত নুৰৰ পৰা জব্দ কৰে দুটা পিষ্টল, ১৩ জাঁই সক্ৰিয় গুলীসহ চোকা অস্ত্ৰ।

১২/ মৰাণৰ খোৱাঙত অঘটন।

জানত মাছ মাৰিবলৈ গৈ এজন লোকৰ মৃত্যু।

মৃত লোকজন খোৱাং দুলীয়া লাইনৰ যোগেশ লাক্ৰা।

মঙলবাৰে জানত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছিল লোকজন।

আজি জানৰ পৰা উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহটো।

১৩/ দ্বীপৰ বিলৰ পাৰত অজগৰ উদ্ধাৰ।

গছৰ ওপৰত স্থানীয় লোকে প্ৰত্যক্ষ কৰে অজগৰটোক।

স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ অজগৰটো।

উদ্ধাৰ হোৱা অজগৰটোৰ দৈৰ্ঘ্য প্ৰায় ৬ ফুট।

ৰাইজে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে অজগৰটো।

১৪/ পেৰিছ অলিম্পিকৰ পৰা আহিছে আন এক সুখবৰ।

বেডমিণ্টনৰ গ্ৰুপ পৰ্যায়ত পি ভি সিন্ধুৰ জয়।

এষ্ট’নিয়াৰ ক্ৰিষ্টিন কুবাক পৰাস্ত কৰি জয়ী পি ভি সিন্ধু।

১৫/ ৩ আগষ্টত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন।
মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই কৰিব ভূমি পূজন।
আজি জাগীৰোডত ভূমি পূজনৰ স্থান পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকা আৰু মন্ত্ৰী বিমল বৰাই।

 

১৬/ পবিতৰাত ভয়ংকৰ ঘটনা।

হাতীৰ আক্রমণত মৃত্যু হয় এজন মাউতৰ।

নিহত মাউতজনৰ নাম হীৰা কুমাৰ।

১৭/ কাৰ্বি আংলঙত ২ কোটি টকাৰ ড্ৰাগছ জব্দ।

আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় ড্ৰাগছখিনি।

ঘটনা সন্দৰ্ভত এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।

১৮/ আজি বিশ্ব ৰেঞ্জাৰ দিৱস ।

বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আত্ম নিয়োগ কৰা লোক সকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোক সকলক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে ৩১ জুলাই দিনটো সমগ্ৰ বিশ্বত ৰেঞ্জাৰ দিৱস হিচাবে পালন কৰি অহা হৈছে ৷

১৯/ জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিক্ষোভ কাৰ্যসূচী।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱক আক্ৰমণ কৰা দুৰ্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

২০/ আমিনগাঁৱত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ ।

কামৰূপ আৰক্ষীৰ অভিযানত

এখন ট্রাকৰ পৰা জব্দ কৰে চিগাৰেটভৰ্তি ২২ হাজাৰ বাকচ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *