Dr. Himanta Biswa Sarma

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

১/ ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা কৰ্মশ্ৰী বঁটা ঘোষণা।

চৰকাৰী কামত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শন তথা দক্ষতাৰ বাবে ৰাজ্যৰ ১৮ গৰাকী বিষয়ালৈ ঘোষণা কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে।

‘সামৰ্থ’ প’ৰ্টেলৰ জৰিয়তে উচ্চ শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে স্কুল শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰলৈ আগবঢ়োৱা হৈছে এই বঁটা।

কাইলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এই বঁটা।

আনহাতে, প্ৰত্নতত্ত্ব বিভাগৰ ড৹ দীপিৰেখা কুলী, ড৹ নৱজিৎ দেউৰী, ড৹ চবিনা হাচান আৰু বহু গণ্য মান্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বঁটা।

২/ আজি বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক।

উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই বৈঠক।

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰে এই বৈঠক।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠক।

৩/ ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।

APCCৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ডেৰ শতাধিক যুৱক-যুৱতীয়ে যোগদান কৰে কংগ্ৰেছত ।

৪/ ১১ আগষ্টত পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠান।

সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা ধ্বজাবাহক হ’ব মনু ভাকৰ।

অৱশ্যে পুৰুষৰ ধ্বজাবাহক কোন হ’ব সেয়া নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, পেৰিছ অলিম্পিক ২০২৪ত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি চৰ্চাৰ শীৰ্ষত আছে ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ।

৫/ কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি অভিনেতা আল্লু অৰ্জুনৰ।

ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে আগবঢ়ায় এই অনুদান।

৬/ বকোৰ কলহী নদীত নাওঁ খেল অনুষ্ঠিত কৰা হয়।

নাওখেল খনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

৭/ দলৰ বিৰুদ্ধে মাত মাতি নিলম্বিত যোৰহাটৰ বিজেপি নেতা।

জ্যেষ্ঠ নেতা মনোজ কুমাৰ মহন্তক নিলম্বন কৰে ৰাজ্যিক বিজেপিয়ে।

সভাপতি ভৱেশ কলিতাই তাৎক্ষ ণিকভাৱে বলৱৎ‍ হোৱাকৈ নিলম্বন কৰে মহন্তক।

৮/ যাদুবিদ্যাক কেন্দ্ৰ কৰি অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ।

১৮ আগষ্টত পবিতৰাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব এই মহোৎসৱ।

৯/ iPhone, Mac ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী।

গোপন তথ্য ফাদিল হ’ব পাৰে আইফোন, আইপেড, মেকবুকৰ পৰা।

CERT-in-এ সদৰী কৰে এই তথ্য।

১০/ মধ্যপ্ৰদেশৰ সাগৰ জিলাত শোকাৱহ ঘটনা।

জিলাখনৰ শ্বাহপুৰত মন্দিৰৰ বেৰ খহি ৯টি শিশুৰ মৃত্যু হয়।

হঠাৎ খহি পৰে প্ৰায় ৫০ বছৰীয়া পুৰণি বেৰ।

ঘটনাত আহত ৪টা শিশুৰ অৱস্থা গুৰুতৰ।

হৰদৌল মন্দিৰত শিৱলিংগ স্থাপনৰ সময়তে সংঘটিত হয় এই ঘটনা।

আহতসকলক প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে।

মৃত শিশুসকলৰ পৰিয়াললৈ ৪ লাখ টকাকৈ সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

১১/ প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান।

৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয় সংগীত নাটক একাডেমী ফেলো, পদ্মবিভূষণ বঁটা প্ৰাপক, এগৰাকী আগশাৰীৰ ভাৰতনাট্যম প্ৰবক্তা য়ামিনী কৃষ্ণমূৰ্তিৰ।

৭ মাহে দিল্লীৰ এপল’ হাস্পতালৰ আই চি ইউত ভৰ্তি আছিল নৃত্য শিল্পীগৰাকী।

১২/ হোটেল গ্ৰীণউডত আজি বিয়লি অনুষ্ঠিত হয় বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক।

উপস্থিত থাকে বিৰোধী ঐক্যমঞ্চৰ সাংসদসকল। বৈঠকত আগন্তুক ৰাজনৈতিক সমীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়।

১৩/ মহানগৰীত গ্ৰীণ বাছৰ চালক-হেণ্ডিমেনসকলৰ প্ৰতিবাদ।

ISBTত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ চালক-হেণ্ডিমেনে।

বিনা কাৰণতে গ্ৰীণ বাছৰ পৰিচালকক জে’ললৈ প্ৰেৰণৰ অভিযোগ।

১৪/ চামগুৰিৰ খাটোৱালত এখন ম’হ ভৰ্তি ট্রাক জব্দ।

আৰক্ষীৰ অভিযানত জব্দ কৰে ট্রাকখন।

ট্রাকখনেৰে অবৈধভাৱে সৰবৰাহ কৰা হৈছিল ২৮টাকৈ ম’হ।

বহিঃৰাজ্যলৈ ম’হখিনি সৰবৰাহৰ চেষ্টা চলাইছিল দুষ্ট চক্রই।

১৫/ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা।

দুখন বাহনৰ সংঘৰ্ষত মৃত্যু হয় ৬জন লোকৰ।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ৪৬জন লোক। আহতসকলক উত্তৰ প্ৰদেশৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১৬/ তেল চুৰি চক্ৰ সৈতে জড়িত বিধায়ক নুৰুল হুদাৰ পুত্ৰ৷

সংবাদমেলযোগে ঘোষণা কৰে নগাঁও আৰক্ষী অধীক্ষকে।

১৭/ লাভ-জেহাদীৰ হ’ব যাৱজ্জীৱন কাৰাদণ্ড ।

ধৰ্ম,পৰিচয় লুকুৱাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিলেই হ’ব যাৱজ্জীৱন কাৰাদণ্ড ।

লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ।

১৮/ নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰ-পত্ৰ পূৰণ কৰা সকলোৱে পাব ধন ।

প্ৰত্যেকটো বুথ কেন্দ্ৰত গঠন কৰিব ৩জনীয়া কমিটি ।

প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰী ।

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা ।

১৯/ ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া BTC নিৰ্বাচনত অকলেই বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দলীয় কাৰ্যকৰ্তাক সাজু হ’বলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।

২০/ লাভ জেহাদৰ শাস্তি আজীৱন কাৰাদণ্ড, অসমতো আহিব এই নতুন কঠোৰ আইন।

এতিয়াৰেপৰা মুখ্যমন্ত্ৰীৰ অনুমতি হ’লেহে হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিব পাৰিব।

এই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ ব্যৱস্থাও কৰা হ’ব নিকট ভৱিষ্যতত।

অসমত জন্ম হোৱা মানুহৰ সন্তানেহে চাকৰি পাব অসমত- মন্তব্য মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *