দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যুবাৰ্ষিকী।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোককল্যাণ দিৱস পালন।
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে
এই দিৱস পালন কৰা হয়।
অনুষ্ঠানত কেইবাজনো কৰ্মচাৰীক ৰাজ্যিক পুৰস্কাৰ প্ৰদান কৰা হয়।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মা, DGP জি পি সিং, কেইগৰাকী মন্ত্ৰী বিধায়ক আৰু বহু গণ্য মান্য ব্যক্তি।
২/ জনতা ভৱনৰ লোকসেৱা ভৱনত বিজেপিৰ বিধায়িনী দলৰ বৈঠক ।
বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰা হয়।
৩/ UPPLৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন।
চিৰাঙৰ বেংতলত দিনজোৰা কাৰ্যসূচী।
প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে দলটোৰ সাংসদ-বিধায়কৰ লগতে নেতা-কৰ্মী সকলে।
৪/ তেল চুৰি চক্ৰত জড়িত অভিযুক্ত গাঁওপ্ৰধানক গ্ৰেপ্তাৰ৷
গাঁওপ্ৰধান দিল মহম্মদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
আনহাতে গ্ৰেপ্তাৰ কৰা হয় বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক।
৫/ আজি আলাবৈ ৰণৰ স্মৃতি দিৱস।
মাতৃভূমিৰ হকে ১৬৬৯ চনৰ আজিৰ দিনটোতে বীৰদৰ্পে যুঁজ দি আত্মবলিদান দিয়া ১০ হাজাৰ অসমীয়া বীৰক সশ্ৰদ্ধ সোঁৱৰণ।
ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰত আত্মবলিদান দিৱস উদযাপন কৰা হয়।
৬/ ভূপেন বৰাক সাক্ষাৎ কৰে ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণক।
শীঘ্ৰেই দিলীপ মৰাণৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা।
৭/ মৰণফাণ্ডলৈ পৰিণত দিল্লীৰ কোচিং চেণ্টাৰসমূহ।
দিল্লীৰ চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী, সুৰক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন।
শেহতীয়াকৈ দিল্লীৰ এটা কোচিং চেণ্টাৰত তিনিজন শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে জাৰি কৰে উচ্চতম ন্যায়ালয়ে জাননী।
৮/ এতিয়াৰে পৰা ৱাকফ ব’ৰ্ডৰ সদস্য পদত অন্তৰ্ভুক্ত হ’ব মহিলা।
ৱাকফ অধিনিয়ম সংশোধনী প্ৰস্তাৱত কেবিনেটৰ অনুমোদন।
বিধেয়কখন অনুসৰি, সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় পৰিষদত নিযুক্তি দিয়া হ’ব দুগৰাকীকৈ মহিলাক ।
৯/ কাজিৰঙাত বৰকাছ উদ্ধাৰ ৷
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই কাছটো উদ্ধাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত মুকলি কৰি দিয়ে।
১০/ দেশ এৰি ভাৰতলৈ যাত্ৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ৷
দেশখনত ছাত্ৰ বিদ্ৰোহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ নিয়ন্ত্ৰণত ব্যৰ্থ হাছিনা৷
প্ৰতিবাদকাৰীয়ে চৰকাৰী কাৰ্যালয়ৰ ভাঙি পেলোৱাৰ লগতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে আৰক্ষী থানাও।
১১/ বাংলাদেশৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি ।
BSF-এ জাৰি কৰে হাই এলাৰ্ট।
১২/ শীঘ্ৰেই অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন হ’ব বাংলাদেশত।
সংবাদ মেলত বাংলাদেশৰ সেনাপ্ৰধানে উল্লেখ কৰে।
১৩/ ইংলেণ্ডৰ কিংবদন্তি ক্ৰিকেটাৰ গ্ৰাহাম থৰ্পৰ দেহাৱসান।
৫৫ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ক্ৰিকেটাৰ গৰাকীয়ে।
১৪/ হিমাচল প্ৰদেশত বানৰ সংহাৰ।
ডাৱৰ বিস্ফোৰণত ১৩ গৰাকী লোকৰ মৃত্যু হয়।
সন্ধানহীন ৪০ গৰাকীতকৈ অধিক লোক।
পূৰ্ণগতিত অব্যাহত আছে সেনা, NDRF বাহিনীৰ উদ্ধাৰ অভিযান।
১৫/ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ আমৰণ অনশন৷
অনশনত বহিছে PNGB ছাত্ৰাৱাসৰ শিক্ষাৰ্থী৷
আৱাসীসকলৰ সামূহিক স্থানান্তৰৰ সিদ্ধান্ত বাতিলৰ দাবী৷
আনহাতে UGCৰ গাইডলাইন সম্পূৰ্ণভাৱে মানি চলাৰো দাবী৷
১৬/ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ৷
বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে জাৰি কৰে নিৰ্দেশনা৷
শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰাৰ পাছতে এই নিৰ্দেশনা৷
১৭/ ৰে’ল সেৱাৰ পাছতে বিমান সেৱাও বাতিল।
বাংলাদেশলৈ যোৱা সকলো বিমান বাতিল কৰে এয়াৰ ইণ্ডিয়াই।
সামজিক মাধ্যমযোগে এই ঘোষণা কৰে এয়াৰ ইণ্ডিয়াই।
১৮/ শিৱসাগৰৰ ডাকঘৰত মৃতদেহ উদ্ধাৰ।
ৰহস্যজনকভাৱে উদ্ধাৰ কৰে চকীদাৰৰ মৃতদেহ ।
মৃত চকীদাৰজনৰ নাম বুদ্ধেশ্বৰ গগৈ।
ডাকঘৰৰ ভিতৰতে চকীদাৰজনক হত্যা কৰাৰ সন্দেহ।
মৃত বুদ্ধেশ্বৰ গগৈৰ ঘৰ শিৱসাগৰৰ ভটীয়াপাৰত।
১৯/ বিহাৰৰ হাজীপুৰত শোকাৱহ ঘটনা।
বলবম যাত্ৰীৰ বাহনত লাগে ১১ হাজাৰ ভল্টৰ তাঁৰ।
থিতাতে নিহত হয় ৮ জনকৈ লোক আৰু আহত হয় কেইবাজনো।
হৰিহৰ নাথ মন্দিৰলৈ যোৱাৰ সময়তে হাজীপুৰৰ চুলতানপুৰত সংঘটিত হয় এই ঘটনা।
২০/ মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন।
পাহাৰৰ পৰা হোৰাহোৰে খহি পৰে বোকা-মাটি।
বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন।
বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভূমিস্খলন।
Sangita Dutta Editor in Chief Rnewsindia24.com