১/ আজিৰে পৰা ৰাজ্যত আৰম্ভ হয় ‘নিযুত মইনা আঁচনি’।
১০ লাখ কন্যা শিক্ষাৰ্থীয়ে পাব এই আঁচনিৰ সুবিধা।
লোকসেৱা ভৱনত শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।
২/ নতুন দিল্লীস্থিত কাৰ্যালয়ত পেৰিছ অলিম্পিক ২০২৪ত দুটা ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰক সাক্ষাৎ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
৩/ দিল্লীত ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই।
নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন, তৃতীয় গোটক জীয়াই ৰাখিবলৈ সাহায্য প্ৰদান আৰু নামৰূপ সাৰ কাৰখানাত সংঘটিত ৮০৪ টা ৰাসায়নিক সাৰৰ ডিলাৰ আৱণ্টনৰ কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ তদন্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ এটি সজাতি দলে।
৪/ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত মুকলি কৰা হয় নিযুত মইনা আঁচনি।
চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়ত নিযুত মাইনা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা।
৫/ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ ঘটনা।
মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
JMCHৰ এজন চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হয় এই অভিযোগ।
তিনিদিন পূৰ্বে JMCHত সংঘটিত হয় এই ঘটনা।
ঘটনা সন্দৰ্ভত JMCHৰ অধ্যক্ষক লিখিত অভিযোগ দাখিল কৰে ভুক্তভোগীয়ে।
সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে JMCHৰ অধ্যক্ষই।
৬/ ৰাজ্যত পুনৰ চলিব বাল্যবিৱাহ বিৰোধী অভিযান।
নৱেম্বৰ – ডিচেম্বৰৰ ভিতৰত পুনৰ অভিযান চলিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
৭/ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান।
৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৮/ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা-গৱেষণা প্ৰতিষ্ঠানলৈ উন্নীতকৰণ কৰাৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
৯/ ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহৰ উদ্বোধন।
উদ্বোধন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
১০/ অসম জীয়ৰী ড০ পূৰৱী শইকীয়ালৈ শান্তিস্বৰূপ ভাটনানাগৰ বঁটা আগবঢ়োৱা হৈছে।
বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ পূৰৱী শইকীয়া।
১১/ সোণাপুৰ মহাবিদ্যালয়ৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক অতুল বৰা।
১২/ আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান৷
ন’বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা।
বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হয় শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।
১৩/ পেৰিছ অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ মীৰাবাঈ চানু।
১ কিলোগ্ৰামৰ বাবে পদক লাভৰ পৰা বঞ্চিত হয় ভাৰতীয় ভাৰোত্তোলকগৰাকী।
৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ কৰিছিল চানুৱে।
১৪/ ভাৰতীয় মল্লযোদ্ধা অন্তিম পাংঘালসহ দলটোক পেৰিছ এৰাৰ নিৰ্দেশ ।
অলিম্পিক গেম ভিলেজত ভগ্নীক প্ৰৱেশৰ বাবে স্বীকৃতি কাৰ্ডৰ ভুল ব্যৱহাৰৰ অভিযোগ।
অন্তিমৰ ব্যক্তিগত সহায়ক, কৰ্মচাৰী বিকাশ আৰু প্ৰশিক্ষক ভগৎ সিঙে কেবত মদ্যপান কৰি যাত্ৰা কৰাৰো অভিযোগ উঠিছে।
১৫/ বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক।
হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন।
১৬/ কৰ পৰিশোধৰ বাবে UPI লেনদেনৰ সীমা ১ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰে RBI এ।
চলিত বিত্তীয় বৰ্ষৰ বাবে তৃতীয় দ্বি-মাহিলী মুদ্ৰা নীতি ঘোষণা কৰি সদৰী কৰে RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসে।
১৭/ হাৰিয়ানাত ভিনেশ ফোগাটক জনাব পদক বিজয়ী পৰ্যায়ৰ সম্বৰ্ধনা ।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনিৰ ঘোষণা।
ভিনেশ ফোগাটৰ অৱসৰ ঘোষণাৰ পাছতে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
১৮/ আগষ্ট মাহৰ ১০ তাৰিখে হিতাধিকাৰীয়ে নাপাব অৰুনোদয় আৰু বৃদ্ধ পেঞ্চনৰ ধনৰাশি।
১২ আগষ্টত (সোমবাৰ) হিতাধিকাৰীয়ে লাভ কৰিব ধন।
সামাজিক মাধ্যমযোগে এই কথা জনাই মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
১৯/ ৫ হাজাৰ বছৰ পূৰ্বৰেপৰা মহিলাসকলে ব্যৱহাৰ কৰিছিল লিপষ্টিক।
পৃথিৱীৰ আটাইতকৈ পুৰণি লিপষ্টিকটো দক্ষিণ ইৰাণত ব্যৱহাৰ কৰা হৈছিল ৫ হাজাৰ বছৰ পূৰ্বে ।
২০০১ চনৰে পৰা চলা এক গৱেষণাত পোহৰলৈ আহে এই তথ্য।
২০/ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সৰ্থেবাৰীত আৰক্ষীৰ অভিযান।
সন্দেহযুক্ত হেৰ’ইনসহ আৰক্ষীয়ে আটক কৰে ৩ ড্ৰাগছ সৰবৰাহকাৰীক।
বেলবাৰীৰ পৰা জব্দ কৰে ৭০টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।আৰক্ষীৰ জালত চেংদিৰ ৰফিকুল আলী, পশ্চিম এলাদীৰ জহুৰ উদ্দিন ওৰফে নিজাম আৰু কলদি পথাৰৰ কাচেৰ খান।
Sangita Dutta Editor in Chief Rnewsindia24.com