Kapé MAC
১. ২৫/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন দিচাংমুখৰ গণশিল্পী বিক্ৰম সিং য়েইন সোঁৱৰণী সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে।
সভাৰ আদৰণি ভাষণ আগবঢ়ায় ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ সাধাৰণ সদস্যা নিভা পেগু মিলি ডাঙৰীয়ানীয়ে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোৱা দহ বছৰে নিৰ্বাচিত মিচিং স্বায়ত্বশাসিত পৰিষদে ৰূপায়ন কৰা অন্যান্য জনমুখী আঁচনি সমূহৰ লগতে শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ হকে গ্ৰহণ কৰা বিভিন্ন প্ৰশিক্ষণ, আৰ্থিক সাহাৰ্য্য আৰু আগন্তুক ৫ বছৰত ৰূপায়ন কৰিবলগীয়া আচঁনিৰ বিষয়ক সামৰি বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
২. ২৪/০৮/২০২৪ তাৰিখে চাৰিগাওঁ মুৰংঘৰ প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন অনুষ্ঠিত কৰে
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যগেশ্বৰ কুটুমে।
উক্ত সভাত ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিত যোৱা ৫ টা বছৰত ৰূপায়ন কৰা শিক্ষা, স্বাস্থ্য, কৃষি, জনস্বাস্থ্য, জলসম্পদ আদি বিভাগৰ লগতে মুৰংঘৰ, ৰংগমঞ্চ, ৰাজহুৱা প্ৰেক্ষাগৃহ, নামঘৰ, থান, মন্দিৰ, পথ, দলং, কালভাৰ্ট, ওখ ভেটিকে ধৰি বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক ৫ বছৰৰ বাবে পৰিষদৰ পৰিকল্পনাৰ সম্পৰ্কে অৱগত কৰি ৰূপায়নৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে স্থানীয় সাধাৰণ সদস্য তথা কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
৩. ২০/০৮/২০২৪ তাৰিখে উৰিয়ামগুৰি খেলপথাৰত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভা অনুষ্ঠিত কৰে।
সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, উপাধ্যক্ষ যগেশ্বৰ কুটুম কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্য ৰাজু পেগু।
৪. ২৩/০৮/২০২৪ তাৰিখে টো-ভঙা MAC সাংস্কৃতিক ভৱনত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৬ নং জীয়াভৰলী সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভা অনুষ্ঠিত কৰে।
সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্যবাহী সদস্য বিজু কুমাৰ পেগু, স্থানীয় সাধাৰণ সদস্য ৰাজু চিন্তে।
৫. ২২/০৮/২০২৪ তাৰিখে জ’নাই কৃষ্টি ভৱনত সন্মিলিত গণশক্তি অসমৰ জ’নাই জিলা শক্তি আৰু খণ্ড শক্তিৰ যুটীয়া কৰ্ণধাৰ সভা অনুষ্ঠিত কৰে।
উক্ত সভাত উপস্থিত থাকে কেন্দ্রীয় শক্তিৰ প্ৰচাৰ সম্পাদক নৰেশ্ব কুম্বাং, শ্ৰমিক শক্তিৰ সম্পাদক অতুল পেগু, জ’নাই জিলা শক্তিৰ সভাপতি মুলাকান্ত পেগু, খণ্ড শক্তিৰ সভাপতি পদুম ৰায়, বিৰবাহাদুৰ লিম্বু আৰু কৰ্ণধাৰ সমিতিৰ সমূহ বিষয়ববীয়া।
৬. ২১/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ খেৰকটা দাংধৰা আৰু পূব ঢকুৱাখনা সমষ্টিত “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভা অনুষ্ঠিত কৰে।
উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি, বিজু পেগু, উমা পাথৰি, কাৰ্য্যবাহী সদস্যা দ্বয় ইন্দিৰা চিন্তে কুম্বাং, ভৱানী দুৱৰা, স্থানীয় সাধাৰণ সদস্যা বিউতি পেগু।
৭. ২৪/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ
৩৭নং বুৰৈ সমষ্টিৰ “প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন মায়ং ৰঙ্গমঞ্চত অনুষ্ঠিত কৰে।
উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য বিজু পেগু।
৮. ঢকুৱাখনাৰ বাণ্ডানা অঞ্চলৰ প্ৰৱল গঢ়া খহনীয়া প্ৰতিৰোধৰ বাবে ৰোপন কৰা বৃক্ষ সমূহ পৰিদৰ্শন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
৯. ২৪/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৫ নং দিক্ৰং সমষ্টিৰ ‘প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা’ শীৰ্ষক সভা অনুষ্ঠিত কৰে।
উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, স্থানীয় সাধাৰণ সদস্য দিলীপ পেগু।
১০. মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত “শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে বিজ্ঞানসন্মত সংমিশ্ৰিত ব্যৱসায়িক মীনপালন” শীৰ্ষক ৩৫ জনীয়া মহিলা গোটৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি জীৱন-জীৱিকা অভিযান সম্পৰ্কে আলোকপাত কৰাৰ লগতে বিজ্ঞানসন্মত মীনপালন সন্দৰ্ভত সজাগতা সৃষ্টিৰে এই অভিযান সফল কৰিবলৈ প্রশিক্ষাৰ্থীসকলক আহ্বান জনায় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
১০. ২৬/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩১ নং ফুলনি জকাইবোৱা সমষ্টিত “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভা অনুষ্ঠিত কৰে।
উক্ত সভাত উপস্থিত থাকে
মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় জহান দলে, উমা পাঠৰী, স্থানীয় সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম।
১১. ২৬/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৪-২৫ বৰ্ষৰ বাবে আৱণ্টিত পুঁজিৰে নিৰ্মাণ হ’বলগীয়া মৰি ধনশিৰি পঞ্চায়ত, দক্ষিণ কাজিৰঙা পঞ্চায়ত আৰু বোকাখাত নগৰ সমিতিকে ধৰি চাৰিখন আঁচনিৰ শুভাৰম্ভ কৰে ২৮নং ধনশিৰি- দিচৈ সমষ্টিৰ মাননীয় সাধাৰণ সদস্য সুধিৰ চন্দ্ৰ মৰাং ডাঙৰীয়াই
১২. মিচিং স্বায়ত্বশাসিত পৰিষদৰ দিচাং-দিখৌ সমষ্টিৰ চুমনি গাঁৱত নৱনিৰ্মিত মুৰং, দিচাংমুখ পশুধন বজাৰৰ শুভ উদ্বোধন আৰু দিচাংমুখ যান- বাহন আস্থানৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু স্থানীয় সাধাৰণ সদস্যা নিভা পেগু মিলিয়ে।
১৩. ২৫/০৮/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৮ নং জাঁজী সমষ্টিত “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভা অনুষ্ঠিত কৰা হয়।
সভাত আদৰণি ভাষণ প্ৰদান কৰে MMK যোৰহাট জিলাৰ সন্মানীয় সভাপতি হৰেণ ৰিচং ডাঙৰীয়াই ।
উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মাননীয় কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে ।
Sangita Dutta Editor in Chief Rnewsindia24.com