শিক্ষক দিৱস উপলক্ষ্যে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষকক বিশেষ সম্বৰ্দ্ধনা।
উত্তৰ লক্ষীমপুৰ বাইপাচ নাহৰ ৰিজৰ্টত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক সকলৰ প্ৰাক্তন ছাত্ৰী সকলে সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সকলৰ এটি গীতৰ পৰিৱেশনেৰে অনুষ্ঠানটি শুভাৰম্ভণি কৰে।
অনুষ্ঠানত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।
সম্বৰ্দ্ধনা জনোৱা শিক্ষক সকল ক্ৰমে –
অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা দীপাঞ্জলী দত্ত, বণ্টী গগৈ, স্বপ্না চেতিয়া, জবিন জেৰিন আখতাৰ বৰুৱা, প্ৰেমানন্দ হাওবৰা, দীনামনি বৰা, বুধিন দত্ত, কুসুম্বৰ ভূঞা।
প্ৰাক্তন শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰী সকলে মহাবিদ্যালয় দিনৰ স্মৃতি ৰোমন্থনৰ লগতে ব্যক্তিগত কৰ্মজীৱনৰ বাৰ্তালাপ কৰি নষ্টালজীয়া হৈ পৰে।
স্মৃতিৰেখা শইকীয়াই আতঁ ধৰা অনুষ্ঠানটিত বৰগীত পৰিৱেশন কৰে আদিষ্ণা ফুকনে।
বিহু নৃত্য পৰিৱেশন কৰে প্ৰিয়ংকা হাজৰিকা, পম্পী গগৈ, নিৰঞ্জন দাস, কৃষ্ণমণি বৰা আৰু ডিম্পল বৰাই।
উল্লেখ্য যে, অৰুনজ্যোতি হাজৰিকা, ধন্য মিলি, জুনু ৰাজখোৱা, ভাৰতী হাজৰিকাক উক্ত অনুষ্ঠানত কৃতজ্ঞতা জনাই।
শলাগৰ শৰাই আগবঢ়াই নন্দিতা পেগুৱে।
বিভিন্ন গীত মাতেৰে জীপাল হোৱা অনুষ্ঠানটি সদৌ শেষত জাতীয় সংগীতেৰে সামৰণি মাৰে।
Sangita Dutta Editor in Chief Rnewsindia24.com