গোগামুখস্থিত অংকিত মটৰচত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন।
অংকিত মটৰচ
চাইলেন্সাৰৰ বুকুত পৰে
ভৰিৰ হাজাৰটা কিক
মটৰ চাইকেলবোৰ কান্দে
সিহঁতৰ দুখবোৰ
কেৱল ধোঁৱা হৈ ওলাই আহে
অজয়হঁতৰ মুখবোৰ পলকতে
ক’লা ছাঁয়ে আৱৰি ধৰে
অৱশ্যে সপোনৰ পাহি ধোঁৱাবোৰৰ সৈতে
তেওঁলোক তেনেকৈয়ে ওমলি খেলে…।
অংকিত মটৰচ
আমি ভৱাৰ দৰে কেৱল কিনা-বেচাৰ কথা নহয়
আমি ভৱাৰ দৰে কেৱল চাইলেন্সাৰৰ ধোঁৱা নহয়।
এইবেলি অজিত-অংকিত-বিমল-মনোদাহঁতে চাইলেন্সাৰৰ বুকুত দিলে কিক মাৰি
স্নিগ্ধ জোনাকৰ পোহৰতে নামি আহিল শিক্ষকৰে গধূলি
অজ্ঞান-আন্ধাৰৰ পৰা পোহৰলৈ নিয়া আলোক সেনানী
শিক্ষা গুৰুৰ চৰণত হৃদয় সঁপি
এজাক সেউজীয়া কবিতা একেলগে গালো প্ৰাণ খুলি
গীত-অভিনয়-সংলাপে উজ্বলাই দিলে হৃদয়ৰ পৱিত্ৰ ভূমি…।
অংকিত মটৰচ ধন্য ধন্য, ধন্য হোৱা তুমি
লাচিতৰ দেশত দিলা তুমি চেনেহৰ বতৰা
ইকুল -সিকুল দেহা
প্ৰেম মন্দাকিনী বোৱাই নিলা
অংকিত মটৰচ ধন্য ধন্য, ধন্য হোৱা তুমি…।
অংকিত মটৰচ এই নামটোৰ পৰাই হয়তো আপোনালোকে ধৰিব পাৰিছে এইটো এটা মটৰ চাইকেলৰ বাসগৃহ অৰ্থাৎ মটৰ চাইকেলৰ এটা ব্যৱসায় প্ৰতিষ্ঠান।
এই প্ৰতিষ্ঠানটোৱে হৈছে গোগামুখলৈ অহা প্ৰথম হিৰ’ ডিলাৰ।
এই হিৰ’ ডিলাৰৰ পৰা যে কেতিয়াবা কবিতাবোৰ ধোঁৱা হৈ ওলাই আহিব পাৰে, চাইলেন্সাৰৰ খুন্দাত গীত-মাত সংলাপবোৰেও যে কেতিয়াবা উকি মাৰি আহি হৃদয়ৰবোৰক সেউজীয়া কৰি প্ৰীতিৰ এনাজৰীৰে বান্ধ খোৱাব পাৰে এই কথা আনে হয়তো ভাৱিবলৈ টান পাব কিয়নো ডিলাৰত নট-বল্টু, পেন্ট্ৰল-ডিজেল আদিৰ কিনা-বেচাৰ হিচাপহে চলে।
তাত যে কবিতাৰ হিচাপ-নিকাচ নচলে এই কথা সকলোৱেই জানে।
স্বতাধিকাৰী অজিত প্ৰসাদ আৰু অংকিত প্ৰসাদে আমি ভাৱি থকা কথাবোৰক মিছা প্ৰমাণিত কৰি অংকিত মটৰচৰ কেম্পাচত শিক্ষক দিৱস উপলক্ষে শিক্ষকৰ গধূলি বুলি এটা ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।
অজিত আৰু অংকিতৰ এনে মহানুভৱতাই নিজা ব্যৱসায়ৰ উপৰিও সমাজৰ প্ৰতিও যে আমি প্ৰত্যেকেই দায়বদ্ধ হ’ব লাগিব এই কথাকে তেখেতসকলে সোঁৱৰাই দিলে।
এই অনুষ্ঠানৰ অন্তৰালত থকা আন দুগৰাকী ব্যক্তি বিমল স্বৰ্গিয়াৰী আৰু মনমোহন গোস্বামীৰ অৰিহণাকো নুই কৰিব নোৱাৰি।
গোগামুখ অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈ সমুহৰ শিক্ষগুৰুসকলক শিক্ষক দিৱস উপলক্ষে অংকিত মটৰচচে এটা মঞ্চত বহুৱাই আদৰ সম্ভাষণ যাচিলে।
শিক্ষকসলেই হৈছে সমাজ সংস্কাৰক, সংগঠক আৰু চিকিৎসক।
তেনে শিক্ষকসকলক একেটা মঞ্চত বহুৱাই সমাজৰ বিভিন্ন দিশৰ ওপৰত একেলগে আলোকপাত কৰিবলৈ দিয়াটো সমাজৰ বাবেই এক ইতিবাচক বাৰ্তা বুলি ক’ব পাৰি।
আবেলি ঠিক সাত বজাৰ পৰা এই বৰ্ণাঢ্য অনুষ্ঠানটিক আঁত ধৰে বিমল স্বৰ্গিয়াৰী আৰু মনমোহন গোস্বামীদেৱে।
শিক্ষা গুৰুসকলৰ বহুমুখী প্ৰতিভা গীত-মাত, কবিতা-বক্তৃতা, অভিনয়-সংলাপেৰে শিক্ষক দিৱসৰ উপলক্ষে অংকিত মটৰচৰ চৌপাশ ৰজনজনাই তোলে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দিলীপ কুমাৰ ঝাহ, সমাজকৰ্মী জিতু বৰা , অজিত শৰ্মা।
উপস্থিত থাকে বিশিষ্ট কবি প্ৰণতি দেৱী শৰ্মা, শিক্ষাগুৰু ৰীণা গগৈ, দিলীপ কমান, লীলা কান্ত দলে, পিটাৰ স্বৰ্গিয়াৰী, প’ল স্বৰ্গিয়াৰী, পংকজা সোনোৱাল, দীপক বৰগোহাঁই, গীতাৰ্থী শইকীয়া, কুমাৰ উপাধ্যায়, দুষ্যন্ত নৰহ, বৰ্ণালী দেৱী, কাঞ্চন শৰ্মা, নিহাৰিকা গগৈ, মাতিৰাম ভৰালী, সোণমনি শইকীয়া, বিজয় নেৱাৰ, অনচাৰ নাৰ্জাৰী, দীক্ষামনি কুলি আদি বহু গণ্য-মান্য ব্যক্তি।
প্ৰতিষ্ঠানটোৰ পৰা অজয় বৰ্মণে আদৰণিমূলক ভাষণ প্ৰদান কৰে।
প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অজিত প্ৰসাদ, তেখেতৰ তনয় অংকিত প্ৰসাদৰ লগতে অংকুৰ পেগুক সদনৰ তৰফৰ পৰা উষ্ম আদৰ-সম্ভাষণ জনায়।
দিলীপ কমান, প্ৰণতি দেৱী শৰ্মাৰ অভিনয় সংলাপে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিলে।
কবিতা আৰু বক্তৃতাৰ কথা নকলোৱেইবা।
বিমল স্বৰ্গিয়াৰী , পল স্বৰ্গিয়াৰী, মনমোহন গোস্বামী, গীতাৰ্থী শইকীয়াৰ গীতে সকলোকে আল্পুত কৰিলে।
অংকিত মটৰচৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদেৰে দুষ্যন্ত নৰহ।
Sangita Dutta Editor in Chief Rnewsindia24.com