Himanta Biswa Sarma, Sarbananda Sonuwal

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Ankit Motors Gogamukh

Himanta biswa sarma

Ankit Motors Gogamukh

১/ ডিব্ৰুগড়ত উদ্বোধন মুখ্যমন্ত্ৰীৰ সচিবালয়৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে সচিবালয়৷
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ প্ৰদান বৰুৱা, কেইগৰাকী বিধায়ক, সাংসদ, বিজেপিৰ বিষয়ববীয়া আৰু বহু গণ্য মান্য ব্যক্তি।

২/ মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰি কংগ্ৰেছত যোগদান কৰে ভিনেশ ফোগাট আৰু বজৰং পুনিয়াৰে৷
উপস্থিত থাকে কে চি বেণুগোপাল।

৩/ ১৬ ছেপ্টেম্বৰতহে প্ৰকাশ পাব পঞ্চায়ত পুনঃগঠনৰ খচৰা৷
এই কথা জনালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷

৪/ লখিমপুৰৰ কেবিনেটত বিহপুৰীয়া সমষ্টিৰ ধৰ্মীয় স্থান উন্নয়নৰ বাবে ৪৫ কোটি টকা অনুমোদন৷
শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মক্ষেত্ৰ উন্নয়ন প্ৰকল্পৰ বাবে ৩০ কোটি টকা অনুমোদন৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাই বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই৷

৫/ ধলা-শদিয়া দলঙৰ আলোকীকৰণ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্ধোধন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে প্ৰকল্পটো।

৬/ টাইম মেগাজিনৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ, অভিনেতা অনিল কাপুৰ।

৭/ ৰেডিঅ’ গপছপৰ আৰ জে মেণ্ডিলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা।
হীল ফাউণ্ডেচনে আগবঢ়াই EXCELLENCE IN SOCIAL IMPACT AWARD 2024 সন্মান।

৮/ ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ নতুন পদত নিযুক্তি৷
ৰঞ্জিত বৰঠাকুৰক পৰিচালনা সমিতিৰ পৰামৰ্শদাতা নিযুক্তি৷
ৰাজস্থান ৰয়েলছৰ কাৰ্যবাহী অধ্যক্ষ আছিল ৰঞ্জিত বৰঠাকুৰ৷

৯/ NAACৰ মূল্যায়নত A গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ৷
A গ্ৰেড লাভৰ পাছতেই উৎফুল্লিত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষকসকল৷

১০/ অসমৰ বাবে এক সুখবৰ!
নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৱে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰ (NESC)ৰ ক’ৰ্ছ ট্ৰেইনাৰ তথা ধেমাজিৰ উৎপল শইকীয়াক ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৪’ প্ৰদান কৰে।
অসমৰ হ্ৰস্বম্যাদী প্ৰশিক্ষণ শাখাত একমাত্ৰ দক্ষতা প্ৰশিক্ষক আৰু NSDCয়ে বাছনি কৰা সমগ্ৰ ভাৰতৰ তিনিজন শ্ৰেষ্ঠ প্ৰশিক্ষকৰ ভিতৰত এজন হিচাপে অসমৰ নাম উজলাই তোলে।

১১/ ২০টকা উৎকোচ লোৱাৰ বাবেই বিহাৰৰ প্ৰাক্তন আৰক্ষীক গ্ৰেপ্তাৰৰ নিৰ্দেশ আদালতৰ৷
৩৪ বছৰ পূৰ্বে এগৰাকী মহিলাৰ পৰা উৎকোচ লৈছিল সুৰেশ প্ৰসাদ সিঙে৷
১৯৯০ চনৰ ৬ মে’ত সংঘটিত হৈছিল এই ঘটনা৷
এগৰাকী মহিলাই ৰে’ল ষ্টেচনত পাচলিৰ টোপোলা লৈ থকাৰ বাবেই ২০টকা উৎকোচ লৈছিল সুৰেশ প্ৰসাদ সিঙে৷
ঘটনাৰ পাছতেই পলায়ন কৰা সুৰেশ প্ৰসাদৰ সন্ধান নাই বৰ্তমানেও৷

১২/ মৰিয়নিৰ নিউ সোণোৱালত বাৰ্মিজ চুপাৰি জব্দ।
কয়লা কঢ়িওৱা ট্ৰাকত আনিছিল বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনি।

১৩/ কেনিয়াত ভয়ংকৰ অগ্নিকাণ্ড৷
অগ্নিদগ্ধ হৈ মৃত্যু হয় ১৭জনকৈ শিক্ষাৰ্থীৰ৷
ঘটনাত আন ১৩জন শিক্ষাৰ্থী গুৰুতৰভাৱে অগ্নিদগ্ধ হয়।

১৪/ নতুন দিল্লীৰ যন্তৰ মন্তৰত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী সংগঠনটোৰ।
’২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰাৰ দাবী।
অন্যথা ফল ভুগিবলৈ সাজু থাকিবলৈ সকীয়নি সংগঠনৰ নেতৃত্বৰ।

১৫/ দুলীয়াজানত শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ।
অসমীয়া মহিলা মঞ্চৰ প্ৰতিবাদত উত্তাল বৰডুবি।
বৰডুবিৰ শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ।
শক্তি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ শতাধিক মহিলাৰ।

১৬/ ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাত CID বিষয়া।
তেজপুৰৰ প্ৰৱঞ্চক অঞ্জন সুপ্ৰিয়ম দাসৰ অভিযোগৰ ভিত্তিত গুৱাহাটীৰ CID বিষয়াক গ্ৰেপ্তাৰ।
ৰাজ্যজুৰি বহু যুৱকৰ পৰা সৰোজ ডেকাই প্ৰায় ২০০ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে।

১৭/ বাক্সাৰ শালবাৰীত ১১,৭০৬ কিলোগ্রাম গাঞ্জা জব্দ।
গাঞ্জাসহ আটক কৰে মুকুন্দ নাথ আৰু সন্তোষ কুমাৰ বৰ্মনক।
এখন চাৰিচকীয়া বাহনসহ জব্দ কৰে গাঞ্জাখিনি।

১৮/ যোৰাবাট-বৰ্ণিহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰশাসনৰ উচ্ছেদ।
অবৈধভাৱে গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ প্ৰশাসনৰ।
জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নেতৃত্বত উচ্ছেদ।

১৯/ ধিং কাণ্ডৰ পলাতক দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ।
নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে ফৰিদুল ইছলাম আৰু গোলাব উদ্দিনক।
বিগত ১৫ দিনে পলাতক হৈ আছিল দুই লম্পট।

২০/ মণিপুৰৰ পূব ইম্ফলৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ।
নিৰাপত্তাৰক্ষীৰ অভিযানত জব্দ কৰে বহুখিনি মাৰণাস্ত্ৰ।

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *