২/ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজহ বিভাগৰ দুদিনীয়া কৰ্মশালা।
মিছন বসুন্ধৰা 3.0 ৰূপায়ণৰ বাবে অনুষ্ঠিত হয় এই কৰ্মশালা।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
উপস্থিত থাকে প্ৰতিখন জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া।
৭/ বোকাখাতৰ বিহৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন বাইক আৰোহী।
এখন চাৰিচকীয়া বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত উপস্থিত হয় বোকাখাত আৰক্ষী।
ঘটনাস্থলীত গৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই।
৮/ খানাপাৰা খেলপথাৰত কাইলৈৰ পৰা মহাযজ্ঞ৷
১৬ ছেপ্টেম্বৰলৈ হ’ব শ্ৰীশ্ৰী ৰুদ্ৰযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা৷
বিশ্বশান্তিৰ বাবে অনুষ্ঠিত হ’ব এই যজ্ঞ৷
৯/ প্ৰৱঞ্চক চুমি বৰাৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক তলব৷
ডিব্ৰুগড় সদৰ থানাত উপস্থিত ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা৷
বিশাল-চুমিৰ ডান্স একাডেমী তথা ফ্লেটৰ ডিজাইন কৰিছিল কৰিশ্মাই।
বিশাল ফুকন আৰু কৰিশ্মা কাকতিৰ মাজত হৈছিল বৃহৎ ধনৰ লেনদেন।
১১/ উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত শনিবাৰে বিয়লি সংঘটিত শোকাৱহ ঘটনাত বৰ্তমানলৈকে ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৮জন লোক আহত হয়।
নিহতসকলৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
১২/ YBY কেলেংকাৰিৰ অন্যতম খলনায়ক অনিৰাম বসুমতাৰীক আটক।
আৰক্ষীৰ জালত কোটি টকীয়া প্ৰৱঞ্চনাৰ আন ২ অভিযুক্তও।
শিক্ষক মিথিংগা নাৰ্জাৰীসহ আন এজনকো আটক কৰে আৰক্ষীয়ে।
বৰ্তমানলৈকে ৩ অভিযুক্তক আটক কৰে গহপুৰ আৰক্ষীয়ে।
ভুৱা ট্ৰেডিং এপ YBYৰ জৰিয়তে ৩০০ কোটি টকা লুণ্ঠনৰ অভিযোগ।
১৩/ পাঠশালাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা অভিযান কাৰ্যসূচী।
কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস আৰু অসম প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক পল্লবলোচন দাস আৰু বিজেপিৰ নেতা কৰ্মী।