দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ পেৰা অলিম্পিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ৷
পদকপ্ৰাপ্ত প্ৰতিগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
২/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ৷
উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে কেজৰিৱালৰ জামিন৷
সুৰানীতি কেলেংকাৰিত ২৬ জুনত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক৷
৩/ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ।
৪০ জনীয়া তালিকাত অন্তৰ্ভুক্ত অসমৰ মুখ্যমন্ত্ৰীৰ নাম৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জে পি নাড্ডা, ৰাজনাথ সিং, অমিত শ্বাহ, যোগী আদিত্য নাথে চলাব প্ৰচাৰ৷
৪/ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম সলনি।
প’ৰ্ট ব্লেয়াৰৰ পৰিৱৰ্তে এতিয়া শ্ৰী বিজয়া পুৰম হ’ব আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী।
সামাজিক মাধ্যমযোগে এই কথা জনায় গৃহমন্ত্ৰী অমৃত শ্বাহে।
৫/ আজিৰে পৰা কাৰ্যকৰী হ’ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড।
৬০ বছৰৰ পাছত বিলুপ্ত হ’ল SEBA।
৪০ বছৰৰ পাছত বিলুপ্ত হ’ল AHSEC।
ASSEBৰ দায়িত্ব গ্ৰহণ কৰে অধ্যক্ষ ৰমেশ চান্দ জৈনে।
৬/ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত।
কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ট্ৰেডিঙৰ জালিয়াতিৰ লগতে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ডক লৈ কেবিনেটত সিদ্ধান্ত।
১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰীত অনুমোদন।
১০ জানুৱাৰীৰ ভিতৰত বিতৰণ কৰা হ’ব প্ৰ-পত্ৰ।
১৯ ছেপ্টেম্বৰৰ পৰা বিতৰণ কৰা হ’ব নতুন ৰেচন কাৰ্ড।
১৭ লাখ নতুন হিতাধিকাৰীলৈ ৰেচন কাৰ্ড।
৭/ বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা ঘোষণা।
উলুবাৰী চিকিৎসালয়ৰ ভূমি মহাবিদ্যালয়খনক দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
মহাবিদ্যালয়খনৰ পাঠ্যক্ৰমত AI, ছেমি-কণ্ডাক্টৰ, GST অন্তৰ্ভুক্ত কৰাৰ পোষকতা।
৮/ সোণাপুৰৰ কচুতলীত উপস্থিত DGP জি পি সিং৷
উচ্ছেদৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল সন্দেহজনক লোকে৷
৯/ খানাপাৰাত উপস্থিত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা৷
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মীয়মাণ প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।
৫০০০ খন আসনযুক্ত হ’ব এই প্ৰেক্ষাগৃহটো৷
১০/ উচ্ছেদিত লোকক সংস্থাপিত কৰা দালালক গ্ৰেপ্তাৰ কৰা হ’ব, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সকলো লোককে উচ্ছেদ কৰা হ’ব। – সোণাপুৰৰ কচুতলীৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
১১/ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অশোক সিংহলে।
৫৩৫ কোটি ব্যয় সাপেক্ষে তেজপুৰত চলি আছে উন্নয়নৰ কাম।
তেজপুৰত চলি থকা উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
১২/ ভাৰতৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দলে হাৰিয়ানা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব৷
মনোনয়ন পত্ৰ দাখিল কৰে সাবিত্ৰী জিন্দলে৷
১৩/ কলিয়াবৰত অব্যাহত বনৰজাৰ আতংক৷
কলিয়াবৰ চাহ বাগিচা, কামাখ্যাৰ চিত্ৰনলা বাগিচা পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই৷
১৪/ আদানী গ্ৰুপ সন্দৰ্ভত হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ নতুন বিস্ফোৰণ৷
ছুইজ বেংকত থকা আদানী গ্ৰুপৰ ৩১০ মিলিয়ন ডলাৰ ফ্ৰীজৰ তথ্য৷
ছুইজ বেংকত থকা ৬টাকৈ একাউণ্ট ফ্ৰীজ৷
মানী লণ্ডাৰিং, জালিয়াতিৰ অভিযোগত চলিছে তদন্ত৷
তদন্তৰ খাতিৰতে ফ্ৰীজ কৰা হৈছে একাউণ্টসমূহ৷
ছুইজাৰলেণ্ডৰ আদালতৰ ৰেকৰ্ডৰ উদ্ধৃতি দি হিণ্ডেনবাৰ্গে প্ৰকাশ কৰে তথ্য৷
১৫/ বশিষ্ঠৰ পাটৰকুছিৰ টেঙালখালত STFৰ অভিযান।
অভিযানত বুজন পৰিমাণৰ গাঞ্জা আৰু ড্রাগছ জব্দ কৰে।
ঘটনা সন্দৰ্ভত ২ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
১৬/ কাছাৰত গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা।
ৰড চুৰিৰ অভিযোগত কাছাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তাজ উদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
১৭/ ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰে এখন নম্বৰপ্লেটবিহীন বাহন।
চুমি-তাৰ্কিকৰ পলায়নত ব্যৱহাৰ হৈছিল বাহনখন।
বাহনখন হস্তান্তৰ কৰে মৰাণ আৰক্ষীয়ে।
বাহনখনৰ দুয়োখন নম্বৰপ্লেট খুলি থোৱা অৱস্থাত আছে।
লগতে বাহনখনত আছে অধিবক্তাৰ ল’গ’।
১৮/ গোৱালপাৰাত DFOৰ কাৰ্যালয়ত কৃষকৰ প্ৰতিবাদ।
বন বিভাগৰ উচ্ছেদৰ জাননীৰ পাছতে শংকিত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী।
বন বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰাৰ DFOৰ কাৰ্যালয়।
হাতী-মানুহৰ সংঘাতৰ গইনা লৈ ৰবৰৰ খেতি উচ্ছেদ বন্ধৰ দাবী।
১৯/ প্ৰাক্তন মিছ ছুইজাৰলেণ্ড ফাইনেলিষ্ট ক্ৰিষ্টিনা জোকচি্মোভিকক নিৰ্মমভাৱে হত্যা কৰে স্বামীয়ে৷
প্ৰথমে হত্যা, তাৰ পাছত টুকুৰা টুকুৰ কৰি মৃতদেহ গুৰি কৰি পেলাইছিল স্বামীয়ে৷
আৰক্ষীয়ে স্বামীক কৰায়ত্ব কৰাৰ পাছতেই নিজৰ প্ৰাণ ৰক্ষাৰ বাবে পত্নীক হত্যা কৰিছিল বুলি মন্তব্য কৰে৷
২০/ কাছাৰৰ নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
লক্ষীপুৰৰ নিৰঞ্জন বক্তক কাৰাদণ্ড বিশেষ ন্যায়াধীশৰ আদালতৰ৷
২০২৩ৰ মে’ত সংঘটিত হৈছিল এই জঘন্য ঘটনা৷
আদালতৰ নিৰ্দেশৰ পাছতে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ অভিযুক্তক৷
Sangita Dutta Editor in Chief Rnewsindia24.com