দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ অৰুণোদয় ৩.০।
দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আঁচনিখন।
৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল’ব অৰুণোদয় ৩.০ আঁচনিয়ে।
অৰুণোদয় ৩.০ৰ বাবে বৰ্তমানৰ হিতাধিকাৰীয়েও নতুনকৈ কৰিব লাগিব আবেদন।
অৰুণোদয় ৩.০ পাবলৈ হ’লে থাকিব লাগিব আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড।
২/ ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষীৰ PST & PET পৰীক্ষা।
২৩ ছেপ্টেম্বৰৰ পৰা SLPRB ৱেবচাইটত উপলব্ধ হ’ব এডমিট কাৰ্ড।
৩/ এটা মাৰাঠী শব্দ ভুলকৈ উচ্চাৰণ কৰাৰ বাবে ক্ষমা বিচাৰে অমিতাভ বচ্চনে।
শেহতীয়া এটা ভিডিঅ’ত ভুলকৈ উচ্চাৰণ কৰিছিল শব্দ।
গায়ক সুদেশ ভোচালেই ত্ৰুটি আঙুলিয়াই দিয়াত অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰে অভিনেতাগৰাকীয়ে।
‘Mi kachra karnaar nahi’ বুলি উল্লেখ কৰিছিল ভিডিঅ’টোত।
৪/ ১০ অক্টোবৰৰ পূৰ্বে নিযুত মইনা আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে।
ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
৫/ ‘এক ৰাষ্ট্ৰ, এক নির্বাচন’ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিক্ৰিয়া।
উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ গ্ৰহণ কৰে কেবিনেটে।
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
৬/ মাৰ্ঘেৰিটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
মাৰ্ঘেৰিটা পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
৭/ বস্ত্ৰনগৰী শুৱালকুছিক শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচন।
‘শিল্প-কলা’ শিতানত শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি।
ভাৰত চৰকাৰৰ পৰ্যটন বিভাগে নিৰ্বাচন কৰে শুৱালকুছিক।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা।
৮/ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ২০২৪ৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত USTMৰ অধ্যাপক।
বিশ্ববিদ্যালয়খনে স্থান দিয়ে USTMৰ সহকাৰী অধ্যাপক ড০ ফৈজুদ্দিন আহমেদক।
৯/ বস্ত্ৰনগৰী শুৱালকুছিত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী।
কেইবাগৰাকীও সাংবাদিক, অধিবক্তাই কংগ্ৰেছত যোগদান কৰে।
১০/ ট্ৰেডিং FXৰ মূল অভিযুক্ত ৰঞ্জিৎ কাকতিৰ জামিন মঞ্জুৰ।
ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে জামিন ।
১১/ দক্ষিণ শালমাৰা হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ স্বাহাদত আলীক গ্ৰেপ্তাৰ কৰে।
৮০ লাখ টকা আত্মসাৎ কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰে অধ্যক্ষক।
দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল অধ্যক্ষগৰাকী।
১২/ ‘মুখ্যমন্ত্ৰীয়ে বাছি বাছি মানুহক অৰুণোদয় দি আছে।
২০২৬ত অসমত আমাৰ চৰকাৰ আহিব, আমি অৰুণোদয় বন্ধ কৰি ন-লখিমী আঁচনি আৰম্ভ কৰিম।
প্রতিমাহৰ ৯ তাৰিখে ৩ হাজাৰ টকাকৈ প্ৰতিগৰাকী মহিলাক ন-লখিমী দিম।
আমি জাতি-ধৰ্ম-বৰ্ণ কোনো বিচাৰ নকৰাকৈ ন-লখিমী দিম’।
অৰুণোদয় ৩.০ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া।
১৩/ শিলচৰৰ কেন্দ্ৰীয় জল আয়ুক্তৰ কাৰ্যালয়ত CBIৰ অভিযান।
১২ হাজাৰ টকা ঘোচ লোৱাৰ অৱস্থাত গ্ৰেপ্তাৰ কৰে
কনিষ্ঠ অভিযন্তা আয়ুস কুমাৰক ।
১৪/ বৰপেটাৰোডত আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী।
ৰে’লৱে ষ্টেচন ৰোডৰ পৰা ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক।
ধৃত সৰবৰাহকাৰীটো হাউলীৰ আলকাশ আলী।
১৫/ গোলাঘাটৰ গাঁও পঞ্চায়ত, জিলা পৰিষদৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ।
পূৰ্বৰ ১০২ ৰ পৰা ১০৭ খনলৈ বৃদ্ধি গাঁও পঞ্চায়ত।
১৭ ৰ পৰা ২০ খনলৈ বৃদ্ধি জিলা পৰিষদৰ সংখ্যা।
২৭ ছেপ্টেম্বৰত প্ৰকাশ পাব চূড়ান্ত তালিকা ।
১৬/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ’ব পখিলা উৎসৱ।
উদ্যান কতৃপক্ষ, বাটাৰফ্লাই অৱ নৰ্থ ইষ্ট ইণ্ডিয়া গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হ’ব এই উৎসৱ।
২৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই উৎসৱ।
১৭/ মৰিগাঁৱৰ মৈৰাবাৰীত ৮ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।
মৈৰাবাৰী, লাহৰীঘাটৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধীকেইটাক।
জব্দ কৰে লেপটপ, মোবাইল, বহু আপত্তিজনক নথি-পত্ৰ।
অভিযানৰ উমান পাই পলায়ন কৰে আন কেইবাটাও অপৰাধীয়ে।
১৮/ পেজাৰৰ পাছত লেবাননত এইবাৰ ৱাকি-টকিৰ বিস্ফোৰণ।
ৱাকি-টকিৰ বিস্ফোৰণত কমেও ২০জন লোক নিহত হয় ৷
আহত হয় প্ৰায় ৪৫০জন লোক।
১৯/ বিশাল ফুকনক পুনৰ নিজৰ জিম্মাত বিচাৰিছে আৰক্ষীয়ে৷
ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় বিশাল ফুকন।
২০/ অত্যাধিক কামৰ বোজাৰ বাবে পুনেত এগৰাকী যুৱতীৰ মৃত্যু৷
EY Indiaত কৰ্মৰত আছিল যুৱতীগৰাকী৷
২৬ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুৰ পাছতেই মাতৃয়ে কামৰ বোজাৰ বাবেই যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল৷
মাতৃয়ে EY Indiaৰ মুৰব্বীলৈ লিখিছিল পত্ৰ৷
মাতৃৰ অভিযোগৰ পাছতেই সমগ্ৰ ঘটনাক লৈ তদন্ত কৰাৰ আশ্বাস চৰকাৰৰ৷
Sangita Dutta Editor in Chief Rnewsindia24.com